গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিস্থ এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি. শ্ব’ৰুমত গ্ৰাহকৰ ভিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 19 April 2026

গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিস্থ এল. গোপাল জুৱেলাৰ্ছ প্ৰা. লি. শ্ব’ৰুমত গ্ৰাহকৰ ভিৰ

 


অক্ষয় তৃতীয়া উপলক্ষে সোণ ক্ৰয় শুভ বুলি বিশ্বাস:জগমোহন সোণী


W7s news গুৱাহাটী: আজি এক বিশেষ আৰু শুভ তিথি অক্ষয় তৃতীয়াৰ উপলক্ষে সোণ ক্ৰয় কৰা অতি মঙ্গলজনক বুলি বিশ্বাস কৰা হয়। এই দিনটোত ক্ৰয় কৰা ধন-সম্পদ কেতিয়াও ক্ষয় নহয় বুলি জনবিশ্বাস আছে, যাৰ বাবে এই তিথিত বিশেষকৈ সোণ-ৰূপৰ অলংকাৰ কিনাৰ প্ৰতি লোকসকলৰ আগ্ৰহ অধিক দেখা যায়। গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিস্থ (নিউজলাইভ বিল্ডিং) অৱস্হিত এল. গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেড শ্ব’ৰুমত আজি পুৱা পৰা গ্ৰাহকৰ ব্যাপক সমাগম দেখা যায়। বিশেষকৈ মহিলা গ্ৰাহকসকলে নতুন ডিজাইনৰ অলংকাৰ ক্ৰয়ত ব্যস্ত হৈ পৰিছে। শ্ব’ৰুমত গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰ ঘোষণা কৰা হৈছে—সোণৰ অলংকাৰৰ মেকিং চাৰ্জত ৩৫% ৰেহাই, ডায়মণ্ড অলংকাৰৰ মেকিং চাৰ্জত ৫০% ৰেহাই আৰু ৰূপৰ অলংকাৰৰ মেকিং চাৰ্জত ২৫% ৰেহাই প্ৰদান কৰা হৈছে, যিয়ে গ্ৰাহকসকলক অধিক আকৰ্ষিত কৰিছে।

ইয়াৰ উপৰি, ছিলভাৰিয়াম (এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট) শ্ব’ৰুমত সকলো ধৰণৰ ৰূপৰ বাচন-পাত্ৰৰ মেকিং চাৰ্জত ২৫% ৰেহাই ঘোষণা কৰা হৈছে। শ্ব’ৰুমৰ স্বত্বাধিকাৰী জগমোহন সোণী (জগু) আৰু যোগেশ সোণী (শংকে) য়ে জনায় যে, অক্ষয় তৃতীয়াৰ দৰে শুভ অৱসৰত গ্ৰাহকসকলৰ পৰা প্ৰতিবছৰে যথেষ্ট সঁহাৰি লাভ কৰা যায়।

বাণিজ্যিক মহলৰ মতে, অক্ষয় তৃতীয়া উপলক্ষে প্ৰতি বছৰে সোণৰ বিক্ৰীত লক্ষণীয় বৃদ্ধি দেখা যায়। এইবাৰো একে ধৰণৰ প্ৰৱণতা দেখা গৈছে। ইয়াৰ উপৰি, বিবাহৰ মৌচুম আৰু উৎসৱৰ পৰিৱেশেও বজাৰত ইতিবাচক প্ৰভাৱ পেলাইছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই তিথিৰ বিশেষ গুৰুত্ব আছে। বহুতে এই দিনটোত নতুন কাম আৰম্ভ কৰা, সম্পত্তি ক্ৰয় কৰা আদি কাৰ্যো শুভ বুলি মানে। এইবাৰ অক্ষয় তৃতীয়াৰ শুভ লগ্ন দুদিন—দেৱবাৰ আৰু সোমবাৰ—ধৰি থাকিব বুলি জনোৱা হৈছে। সেইকাৰণে অক্ষয় তৃতীয়া কেৱল এখন উৎসৱ নহয়, ই এক আৰ্থ-সামাজিক কাৰ্যকলাপৰো গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here