অসম ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীত ৫৯১/৬০০ ৰে শীৰ্ষস্থান দখল জ্যোতিৰ্ময় দাসৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 17 April 2026

অসম ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীত ৫৯১/৬০০ ৰে শীৰ্ষস্থান দখল জ্যোতিৰ্ময় দাসৰ

 


 চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে জ্যোতিৰ্ময় দাসে



W7s news গুৱাহাটী:: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে অলপতে ঘোষণা কৰে ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ পৰীক্ষাত ৬০০ নম্বৰৰ ভিতৰত মুঠ ৫৯১ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰে জ্যোতিৰ্ময় দাসে। পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময়ৰ এই কৃতিত্বই ব্যতিক্ৰমী শৈক্ষিক উৎকৰ্ষতা আৰু দৃঢ়তাক প্ৰতিফলিত কৰিছে।

বজালী জিলাৰ মৰ্কাৰ গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান জ্যোতিৰ্ময়ৰ পিতৃ হৈছে এখন সৰু ব্যক্তিগত চিকিৎসালয়ৰ একাউণ্ট বিভাগৰ কৰ্মচাৰী। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে পিতৃৰ বছৰি প্ৰায় ১,২০,০০০ টকা উপাৰ্জনেৰে পৰিয়ালটোৱে স্কুলৰ মাচুল আদায় আৰু মৌলিক প্ৰয়োজনীয়তা পূৰণকে ধৰি বহু আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। ইয়াৰ পিছতো আৰ্থিক অনাটনক জ্যোতিৰ্ময়ৰ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব  দিয়া নাই পিতৃ-মাতৃয়ে, সন্তানৰ সুবিধাৰ্থে তেওঁলোকৰ সৰু ঘৰখনৰ এটা অংশ জ্যোতিৰ্ময়ৰ বাবে অধ্যয়নৰ স্থানলৈও ৰূপান্তৰিত কৰা হয়। পিতৃৰ কৰ্মক্ষেত্ৰৰ দায়িত্ব পালন আৰু স্বাস্থ্যসেৱা লাভৰ ক্ষেত্ৰত কৰিবলগা হোৱা সংগ্ৰামৰ পৰা অনুপ্ৰাণিত হৈয়ে  চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰাসকলক সেৱা আগবঢ়াই চিকিৎসক হোৱাৰ সপোন পুহি ৰাখি এই দিশত আগবাঢ়িছে জ্যোতিৰ্ময়।

ইতিমধ্যে ফিজিক্সৱালাৰ (PW) উড়ান বেটচত নামভৰ্তি কৰি ফিজিক্সৱালাৰ  আছাম ব’ৰ্ড ইউটিউব পাঠদানৰ  জৰিয়তে অধ্যয়ন কৰিছে, যিয়ে  তেওঁক  প্ৰস্তুতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ আৰু পাঠৰ ধাৰণাসমূহ শক্তিশালী কৰাত সহায় কৰাৰ  বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছে জ্যোতিৰ্ময়ে। 

মনৰ কথা  প্ৰকাশ কৰি জ্যোতিৰ্ময়ে কয়, “মোৰ ফলাফলক লৈ মই অতিশয় আনন্দিত। মোৰ পিতৃ-মাতৃৰ ত্যাগ আৰু পৰীক্ষাৰ  প্ৰস্তুতিৰ ক্ষেত্ৰত মই লাভ কৰা পথ প্ৰদৰ্শনে এই সাফল্যত বৃহৎ ভূমিকা পালন কৰিছিল। ভৱিষ্যতে মই এগৰাকী  সু-চিকিৎসক হৈ চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰা লোকসকলক সহায় কৰিব বিচাৰো।”

তেওঁক অভিনন্দন জনাই ফিজিক্সৱালাৰ (পি ডব্লিউ) প্ৰতিষ্ঠাপক অলখ পাণ্ডেয়ে কয়, “জ্যোতিৰ্ময়ৰ কাহিনীয়ে সমগ্ৰ ভাৰতৰ উদ্যমক প্ৰতিনিধিত্ব কৰে, য’ত পৰিস্থিতিয়ে  মনৰ  দৃঢ়তাক পৰাস্ত কৰিব  নোৱাৰে। তেওঁৰ সফলতা কেৱল এটা শীৰ্ষ স্থান নহয়, বৰঞ্চ অনুশাসন, স্থিতিস্থাপকতা, আৰু গভীৰ উদ্দেশ্যবোধৰ এক প্ৰতিফলন। তেওঁৰ যাত্ৰাৰ অংশ হ’বলৈ  পাই আমি গৌৰৱবোধ কৰিছো  আৰু দেশৰ প্ৰতিটো কোণৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে  নিজৰ সপোন পূৰণৰ সুযোগ পায় তাৰ বাবে আমাৰ  প্ৰচেষ্টা অব্যাহত ৰাখিম ।”

জ্যোতিৰ্ময়ৰ কৃতিত্বই এই কথাকে সোঁৱৰাই দিয়ে যে অধ্যৱসায়, সঠিক নিৰ্দেশনা, আৰু পৰিয়ালৰ সমৰ্থনৰ দ্বাৰা অতি প্ৰত্যাহ্বানমূলক পৰিস্থিতিকো সফলতা আৰু প্ৰেৰণাৰ কাহিনীলৈ ৰূপান্তৰিত কৰিব পাৰি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here