২১ জনে লাভ কৰিলে ৯৯ শতাংশৰ ওপৰত পাৰ্চেণ্টাইল
W7s news গুৱাহাটী: জেইই-মেইন ২০২৬ পৰীক্ষাৰ চেচন-২ৰ ফলাফলত এলেন গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীয়ে অসাধাৰণ সাফল্য প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে প্ৰকাশ কৰা সকলো ভাৰতীয় ৰেংকিংত এলেন গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত শীৰ্ষ স্থান দখল কৰিছে।
এলেনৰ জ’নেল হেড আৰু ভাইচ প্ৰেচিডেণ্ট ব্ৰজেশ কুমাৰ যাদৱে জনাইছে যে, এলেন ক্লাছৰুম, গুৱাহাটীৰ ছাত্ৰ যশৰাজ সিংহই অল ইণ্ডিয়া ৰেংক (AIR) ৩৭৯ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ টপাৰ হৈছে। একেদৰে মহিলা প্ৰাৰ্থীসকলৰ ভিতৰত অগ্ৰিমা সিংহই AIR ১৭০০ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলত শীৰ্ষ স্থান অধিকাৰ কৰিছে।
ফলাফল বিশ্লেষণ অনুসৰি, এলেন গুৱাহাটীৰ ৭৩ জন ছাত্ৰ-ছাত্ৰীয়ে ৯৪.৯৯ শতাংশৰ ওপৰত পাৰ্চেণ্টাইল লাভ কৰিছে। ইয়াৰ ভিতৰত ৪৬ জনে ৯৭ শতাংশৰ ওপৰত আৰু ২১ জনে ৯৯ শতাংশৰ ওপৰত পাৰ্চেণ্টাইল লাভ কৰিছে।
এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ চিইঅ’ নিতিন কুকৰেজাই কৈছে যে, ৰাষ্ট্ৰীয় স্তৰত এলেন ক্লাছৰুমৰ ছাত্ৰ কবিৰ চিল্লাৰে অল ইণ্ডিয়া ৰেংক ১ লাভ কৰিছে। এলেন ক্লাছৰুমৰ ছাত্ৰই দেশৰ টপ-১০ত চাৰিটা স্থান দখল কৰিছে। ইয়াৰ ভিতৰত আৰ্নৱ গৌতম (ৰেংক ৫), শুভম কুমাৰ (ৰেংক ৬) আৰু ঋষি প্ৰেমনাথ (ৰেংক ৮) অন্তৰ্ভুক্ত। টপ-২০ তালিকাত এলেন ক্লাছৰুমৰ ৯ জন ছাত্ৰ আছে আৰু টপ-১০০ তালিকাত ৪১ জন ছাত্ৰ আছে।
ফলাফলৰ সত্যতা আৰু স্বচ্ছতা বজাই ৰাখিবলৈ এলেনে দেশৰ প্ৰখ্যাত অডিট ফাৰ্ম EY Indiaৰ দ্বাৰা নিজৰ ফলাফল প্ৰমাণিত কৰাইছে।
No comments:
Post a Comment