W7s news,,*গুৱাহাটী, ৩০ মাৰ্চ*: ২৯ মাৰ্চ তাৰিখে গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত হয় দীপাংকৰ কাশ্যপৰ 'ইণ্ডিয়ান ষ্টাইল গালা নাইট'ৰ তৃতীয় ছিজন। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ দহজন ফেশ্বন ডিজাইনাৰে নিজৰ অনন্য কালেকশ্যন ৰেম্পত প্ৰদৰ্শন কৰে।
অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল দীপাংকৰ কাশ্যপৰ নতুন বছৰৰ কেলেণ্ডাৰৰ উন্মোচন। নিলেশ পাৱাৰে এন কে লাইট এণ্ড শেডৰ বেনাৰত প্ৰযোজনা কৰে কেলেণ্ডাৰখন দীপাংকৰ কাশ্যপৰ পৰিচালনা আৰু ষ্টাইলিঙত শ্বুট কৰা হয় গোৱাত। কেলেণ্ডাৰখন উন্মোচন কৰে ড. সঞ্জীৱ নাৰায়ণ আৰু ডিভাইন ইভেণ্টছৰ অৰ্পিতা শৰ্মাই।
এই অনুষ্ঠানত ২৭ মিনিটৰ চুটি চলচ্চিত্ৰ 'দ্য লাষ্ট ফেৰী হোম'ৰো মুক্তি দিয়া হয়। দীপাংকৰ কাশ্যপে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা কৰিছে অৰুণাভ চলিহাই। অভিনেতা কপিল বৰা আৰু কৃষ্ণা বৰুৱাই এই ছবিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
ফেশ্বন শ্ব’ৰ গ্ৰেণ্ড ফিনালেত চেলিব্ৰিটি ডিজাইনাৰ তেজাস গান্ধীয়ে প্ৰদৰ্শন কৰে ৩২টা পৰিধানৰ এক আকৰ্ষণীয় কালেকশ্যন। অভিনেত্ৰী পলাশ্ৰী দাস আৰু অঞ্চিত উদয়াদিত্যই ফিনালেত শ্ব’ষ্টপাৰ হিচাপে ৰেম্প ৱাক কৰে। ছুপাৰমডেল আৰৱ নাৱাৰিয়াই দীপাংকৰ কাশ্যপৰ কালেকশ্যনৰ শ্ব’ষ্টপাৰ হিচাপে ৰেম্পত খোজ দিয়ে।
অনুষ্ঠানটো পৰিচালনা কৰে অজান আকাশ বৰুৱা, মিনু পাল, কুন্তনিল দাস, হৰ্ষ গৌতম আৰু কাকলি তামুলী চৌধুৰীয়ে। সমগ্ৰ অনুষ্ঠানটো স্পৃহা প্ৰডাকশ্যনে প্ৰযোজনা কৰে।

No comments:
Post a Comment