ড্ৰুকএয়াৰৰ আঞ্চলিক সংযোগ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ ঘোষণাঃ অহা এপ্ৰিলৰ পৰা গুৱাহাটী হৈ বেংকক সেৱাৰ পুনৰ মুকলি আৰু ছিংগাপুৰলৈ অতিৰিক্ত বিমান চলাচল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 13 March 2026

ড্ৰুকএয়াৰৰ আঞ্চলিক সংযোগ বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ ঘোষণাঃ অহা এপ্ৰিলৰ পৰা গুৱাহাটী হৈ বেংকক সেৱাৰ পুনৰ মুকলি আৰু ছিংগাপুৰলৈ অতিৰিক্ত বিমান চলাচল

 




W7s news গুৱাহাটী


আঞ্চলিক আকাশীপথৰ সংযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ভূটানৰ পাৰোৰ পৰা গুৱাহাটী হৈ বেংককলৈ সপ্তাহত দুদিনকৈ বিমান চলাচলৰ পুনৰ আৰম্ভণি তথা ছিংগাপুৰলৈ তৃতীয়টো সাপ্তাহিক সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে ৰয়েল ভূটান বিমান সংস্থা ড্ৰুকএয়াৰে।


গুৱাহাটী হৈ বেংককলৈ সপ্তাহত দুদিনকৈ বিমান চলাচলৰ এই সিদ্ধান্তই এক গুৰুত্বপূৰ্ণ আঞ্চলিক সংযোগ পুনৰ সজীৱ কৰি তুলিছে। ভূটান, থাইলেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ মাজত পৰ্যটন, চিকিৎসা, শিক্ষা তথা ব্যৱসায়িক আদান-প্ৰদানৰ ক্ষেত্ৰত এই আকাশীপথে তাহানিৰে পৰাই এক বিশেষ ভূমিকা পালন কৰি আহিছে। বিশ্বৰ সৈতে সংযোগৰ এক অন্যতম মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত বেংককলৈ পুনৰ আৰম্ভ হোৱা এই বিমান সেৱাই অঞ্চলটোলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰাৰ লগতে ভূটানৰ যাত্ৰীসকলৰ বহিঃৰাজ্য ভ্ৰমণৰ পথো অধিক প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।


এই সম্প্ৰসাৰিত বিমান সেৱাসমূহ পাৰো-গুৱাহাটী-ছিংগাপুৰ (গমন আৰু আগমন) আৰু পাৰো-গুৱাহাটী-বেংকক (গমন আৰু আগমন) খণ্ডত চলাচল কৰিব, যিয়ে ভূটানৰ আঞ্চলিক আকাশীপথৰ সংযোগ ব্যৱস্থাক অধিক সুদৃঢ় কৰাৰ লগতে সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ যাত্ৰীসকলৰ বাবে ভ্ৰমণৰ বিকল্পসমূহ বৃদ্ধি কৰিব। যাত্ৰীৰ ধাৰাবাহিক চাহিদালৈ সঁহাৰি জনাই ছিংগাপুৰলৈ এই অতিৰিক্ত সেৱা মুকলি কৰা হৈছে আৰু ই মুখ্য আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰসমূহলৈ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ড্ৰুকএয়াৰৰ কৌশলগত লক্ষ্যক প্ৰতিফলিত কৰিছে। বিশ্বৰ অন্যতম অগ্ৰণী বিমান আৰু বিত্তীয় কেন্দ্ৰ হিচাপে ছিংগাপুৰে এচিয়া-পেচিফিক, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু উত্তৰ আমেৰিকালৈ এক নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰে। বিমান চলাচলৰ এই সংখ্যা বৃদ্ধিয়ে যাত্ৰীসকলক সময়ৰ অধিক নমনীয়তা, উন্নত ভ্ৰমণ সূচীৰ বিকল্প আৰু দেশলৈ অহা তথা বহিঃৰাজ্যলৈ যোৱা- উভয় দিশৰ যাত্ৰীৰ বাবে অধিক দক্ষ সংযোগ নিশ্চিত কৰিব।


এই সম্প্ৰসাৰণৰ সন্দৰ্ভত ড্ৰুকএয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া টাণ্ডি ওৱাংচুকে কয়, “ছিংগাপুৰলৈ তৃতীয়টো সাপ্তাহিক সেৱাৰ আৰম্ভণি আৰু গুৱাহাটী হৈ আমাৰ বেংকক বিমান সেৱাৰ পুনৰ মুকলিয়ে ড্ৰুকএয়াৰৰ চলিত নেটৱৰ্ক সম্প্ৰসাৰণ কৌশলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে। এই সম্প্ৰসাৰণে ভাৰত চৰকাৰৰ ‘এক্ট ইষ্ট পলিচী’ৰ সৈতে সংগতি ৰখাৰ লগতে অসমৰ কাষৰীয়া দক্ষিণ ভূটানৰ ‘গেলেফু মাইণ্ডফুলনেছ চিটি’ৰ (জি এম চি) ভ্ৰমণৰ প্ৰয়োজনীয়তাসমূহৰ ক্ষেত্ৰতো সহায়ক হ’ব। এই সেৱাসমূহে ক্ৰমান্বয়ে বৃদ্ধি পোৱা বজাৰৰ চাহিদাক পূৰণ কৰাৰ লগতে ভূটানক মুখ্য আঞ্চলিক আৰু বৈশ্বিক কেন্দ্ৰসমূহৰ সৈতে সংযোগ কৰাত আমাৰ ভূমিকাক অধিক সুদৃঢ় কৰিছে। পৰ্যটনৰ বিকাশ, ব্যৱসায়িক তথা শৈক্ষিক আদান-প্ৰদান সহজসাধ্য কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ভূটানৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এনে উন্নত যোগাযোগ ব্যৱস্থা অতি অপৰিহাৰ্য। আমি সম্প্ৰসাৰণৰ দিশত অগ্ৰসৰ হোৱাৰ লগে লগে সুৰক্ষা আৰু উৎকৃষ্ট সেৱাৰ সৰ্বোচ্চ মানদণ্ড অক্ষুণ্ণ ৰাখি এক বহনক্ষম আৰু ব্যৱসায়িকভাৱে দায়বদ্ধ পদ্ধতিৰে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”


এই নেটৱৰ্ক সম্প্ৰসাৰণে বজাৰৰ প্ৰৱেশাধিকাৰ উন্নত কৰা, বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক সুদৃঢ় কৰা তথা উচ্চ-মানদণ্ডৰ বহনক্ষম পৰ্যটনৰ প্ৰসাৰৰ জৰিয়তে ভূটানৰ অৰ্থনৈতিক বিকাশৰ অগ্ৰাধিকাৰসমূহক সমৰ্থন জনোৱাত ড্ৰুকএয়াৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকেই প্ৰতিপন্ন কৰিছে। গুৱাহাটীক এক কৌশলগত ট্ৰেনজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰি বিমান সংস্থাটোৱে কাৰ্যক্ষমতা আৰু যাত্ৰীৰ সুবিধাৰ মান উন্নত কৰাৰ লগতে আঞ্চলিক একত্ৰীকৰণৰ দিশটোকো অধিক শক্তিশালী কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here