উত্তৰ-পূবৰ আঠখন ৰাজ্যত স্মাৰ্ট গ্ৰীড স্থাপন ত্বৰান্বিত কৰাৰ উদ্দেশে কৌশলগত সম্প্ৰসাৰণ
W7s news,,গুৱাহাটী, ২৭ মাৰ্চ ২০২৬ – ভাৰতৰ উন্নত মিটাৰিং আন্তঃগাঁথনি (AMI) সমাধানৰ আগশাৰীৰ প্ৰতিষ্ঠান কিম্বল প্ৰাইভেট লিমিটেডে (পূৰ্বে সিংহল উদ্যোগ প্ৰাইভেট লিমিটেড নামেৰে জনা গৈছিল) আজি অসমৰ গুৱাহাটীত নতুন মাণ্ডলিক কাৰ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰে । ভাৰত চৰকাৰৰ ৰিভেম্পড ডিষ্ট্ৰিবিউচন ছেক্টৰ আঁচনি (RDSS) ৰ অধীনত দেশজুৰি ১ কোটিৰো অধিক স্মাৰ্ট মিটাৰ সফলতাৰে স্থাপন কৰি কিম্বলে ভাৰতৰ শক্তি ৰূপান্তৰৰ যাত্ৰাত নিজকে এক বিশ্বাসযোগ্য সহযোগী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । এই কৌশলগত সম্প্ৰসাৰণে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কিম্বলৰ দীৰ্ঘকালীন দায়বদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে ডিজিটেলভাৱে সক্ষম, দক্ষ, আৰু বহনক্ষম শক্তি বিতৰণৰ জৰিয়তে অঞ্চলটোৰ শক্তি খণ্ডক ৰূপান্তৰিত কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক শক্তিশালী কৰিছে ।
অসমত মুকলি কৰা নতুন কাৰ্যালয়টোৱে কিম্বলৰ কাৰ্যকৰী সমৰ্থন যথেষ্ট উন্নত কৰিব আৰু সমগ্ৰ অঞ্চলটোতে সেৱাৰ দক্ষতা সুশৃংখলিত কৰিব । তদুপৰি সমগ্ৰ অসম, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আৰু মেঘালয়ৰ ইউটিলিটি আৰু প্ৰকল্প সহযোগীসকলৰ সৈতে গভীৰ আৰু অধিক সংহত সমন্বয় গঢ়ি তুলিব । এই পদক্ষেপে অঞ্চলটোৰ লগতে দেশৰ শক্তি আধুনিকীকৰণৰ অভিলাষী লক্ষ্য পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ সহায়ক হিচাপে কিম্বলৰ স্থিতি আৰু অধিক শক্তিশালী কৰিব ।
কিম্বল প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আয়ুষ সিনহালে এই সন্দৰ্ভত মন্তব্য কৰি কয়, “ভাৰতৰ শক্তি খণ্ডৰ ভৱিষ্যতৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্ব অপৰিসীম, আৰু ইয়াত ইউটিলিটি প্ৰতিষ্ঠান আৰু উপভোক্তাসকলক বুদ্ধিমান, কাৰ্যক্ষম শক্তি সমাধানেৰে সবল কৰি তোলাৰ একক উদ্দেশ্যেৰেই আৰম্ভ কৰা হৈছিল আমাৰ যাত্ৰা । ২০১৫ চনত এ পি ডি চি এলৰ সৈতে ১৫,০০০ মিটাৰৰ আমাৰ পাইলট প্ৰজেক্টৰ পিছতে আমি উল্লেখযোগ্য বিকাশৰ সাক্ষী হৈছো । আজি ২৩.৫ নিযুত স্মাৰ্ট মিটাৰ স্থাপনৰ ভিত্তিক লৈ , আৰু এই অঞ্চলটোৰ পাঁচখন ৰাজ্যত মুঠ ৪০ লাখৰ অৰ্ডাৰৰ কাষ চাপিবলৈ পাই আমি গৌৰৱবোধ কৰিছো । এই নতুন কাৰ্যালয়টোৱে অঞ্চলটোৰ চিৰ বিকশিত শক্তিৰ চাহিদা পূৰণ কৰাই নহয়, ইয়াতকৈ অধিক কৰাৰ আৰু ইয়াত লুকাই থকা ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিবলৈ আমি সংকল্পবদ্ধ হোৱাৰ সাক্ষ্য বহন কৰিছে।”
কিম্বলে স্মাৰ্ট মিটাৰিঙৰ উপৰিও উন্নত গ্ৰীড প্ৰযুক্তি, শক্তিশালী যোগাযোগ আন্তঃগাঁথনি, আৰু বুদ্ধিমান শক্তি ব্যৱস্থাপনা পদ্ধতিৰ এক বিস্তৃত ছুইট প্ৰদান কৰিবলৈ নিজৰ সামৰ্থ্য সম্প্ৰসাৰণ কৰিছে । এই সংহত সমাধানসমূহে শেষ মাইললৈকে বিস্তৃত আধুনিক শক্তি বিতৰণৰ বাবে এণ্ড-টু-এণ্ড সমৰ্থন সক্ষম কৰে আৰু লাখ লাখ লোকৰ বাবে এক স্থিতিস্থাপক আৰু দক্ষ শক্তি যোগান নিশ্চিত কৰে । ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰীড আধুনিকীকৰণৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুকলি কৰা হৈছেনতুন কাৰ্যালয়টো আৰু ই কিম্বলক বাস্তৱ সময়ৰ নিৰীক্ষণক অনুঘটক হিচাপে কাম কৰা, বিতৰণৰ লোকচান হ্ৰাস কৰা, আৰু গ্ৰীডৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰা বুদ্ধিমত্তাসম্পন্ন শক্তি নেটৱৰ্কৰ নিয়োগ ত্বৰান্বিত কৰাৰ বাবে এক মূল সক্ষমক হিচাপে স্থান দিছে ।
তদুপৰি এই সুবিধাই ৯৯% + এছ এল এ প্ৰয়োজনীয়তা বজাই ৰাখি প্ৰতিষ্ঠানটোৰ মাহেকীয়া ১০ লাখ ইউনিটতকৈ অধিক উৎপাদন ক্ষমতাক সমৰ্থন কৰে । অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈ আৰু শক্তিশালী স্থানীয় সহযোগিতা স্থাপন কৰি ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত কিম্বল । এইদৰে নতুন কাৰ্যালয়টোৱে ইয়াৰ চলিত অভিযানত এক উল্লেখযোগ্য মাইলৰ খুঁটি প্ৰতিনিধিত্ব কৰি, উত্তৰ-পূব ভাৰতৰ বাবে অধিক স্মাৰ্ট, সেউজ শক্তি ভৱিষ্যতৰ দিশত বৰ্ধিত সহযোগিতা আৰু ত্বৰান্বিত বিকাশৰ প্ৰতিশ্ৰুতি দিয়ে ।

No comments:
Post a Comment