গ্লোবেল কেৰিয়াৰ কানেক্ট ২০২৬ কটন বিশ্ববিদ্যালয়ত কেৰিয়াৰ আৰু একাডেমিক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 25 March 2026

গ্লোবেল কেৰিয়াৰ কানেক্ট ২০২৬ কটন বিশ্ববিদ্যালয়ত কেৰিয়াৰ আৰু একাডেমিক অনুষ্ঠান


W7s news গুৱাহাটী:


ছাত্ৰ-ছাত্ৰীসকলক বিশ্বমানৰ শিক্ষা সুযোগৰ সৈতে সক্ষম কৰি তোলাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে 'গ্লোবেল কেৰিয়াৰ কানেক্ট ২০২৬'  নামৰ এখন বৃহৎ কেৰিয়াৰ আৰু একাডেমিক অনুষ্ঠান ৩০ মার্চত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ হলত ডুমিক এডুকেচনেল কনচালটেঞ্চি প্রাইভেট লিমিটেড ৰ উদ্যোগত অনুষ্ঠিত হ' ব। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰি কৰে ডুমিক এডুকেচনেল কনচালটেঞ্চি প্রাইভেট লিমিটেডৰ সঞ্চালক ববী গোস্বামী বৰুৱাই।

তেওঁ লগতে কয়-উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে এনে এখন বিস্তৃত প্লেটফর্ম আয়োজন কৰা হৈছে, য'ত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, কেৰিয়াৰ বিশেষজ্ঞ আৰু বিত্তীয় পৰামৰ্শদাতাসকল একে ঠাইত একত্রিত হৈ ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকলক দেশ-বিদেশত উচ্চ শিক্ষা লাভৰ পথসমূহ সন্দৰ্ভত দিক নির্দেশনা আগবঢ়াব। অনুষ্ঠানটো পুৱা ১০:০০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ জৰিয়তে আৰম্ভ হ' ব আৰু ১১:০০ বজাৰ পৰা আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ' ব।এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ড° ৰমেশ চন্দ্ৰ ডেকা, উপাচার্য, কটন বিশ্ববিদ্যালয়, ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, অধ্যাপিকা অলকা বুঢ়াগোহাঁই, অধ্যাপক শিখৰ কুমাৰ শৰ্মা আৰু ড° হিৰেণ ডেকা আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব।

এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ প্ৰখ্যাত বিশ্ববিদ্যালয়সমূহে অংশগ্ৰহণ কৰিব। ব্ৰিটেইনৰ ৰাছেল গ্ৰুপৰ ভিতৰত আছে নিউকেষ্টল বিশ্ববিদ্যালয়, গ্লাছগো বিশ্ববিদ্যালয়, লিভাৰপুল বিশ্ববিদ্যালয়, ব্রিষ্টল বিশ্ববিদ্যালয়, লিডছ বিশ্ববিদ্যালয়, লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়, কাৰ্ডিফ বিশ্ববিদ্যালয়, বাৰ্মিংহাম বিশ্ববিদ্যালয়, ইয়ৰ্ক বিশ্ববিদ্যালয়, এক্সেটাৰ বিশ্ববিদ্যালয়, ডাৰহাম বিশ্ববিদ্যালয়, নটিংহাম বিশ্ববিদ্যালয়, শ্বেফিল্ড বিশ্ববিদ্যালয়, চাউথমপটন বিশ্ববিদ্যালয় আৰু আইন বিশ্ববিদ্যালয়।

আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছে Royal Roads University (Dubai), ICN Business School (Berlin আৰু France), Schiller University (Germany), আৰু GBS (Malta)। বিদেশত MBBS শিক্ষাৰ সুযোগসমূহ Andijan State Medical University (Uzbekistan) আৰু Kyrgyz State University (Kyrgyzstan)-ৰ দ্বাৰাও প্ৰদৰ্শিত হ' বা

দেশৰ ভিতৰৰ Gurunanak University (Hyderabad), Bennett University (Nolda) আৰু Shree Guru Gobind Singh Tricentenary University (Gurgaon)- য়ে এই অনুষ্ঠানত অংশ ল' বা কেৰিয়াৰ গঢ়াৰ বাবে ইচ্ছুক অংশগ্ৰহণকাৰীসকলে বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিসকলৰ সৈতে পোনপটীয়া ভাৱে যোগাযোগ কৰি প্ৰৱেশ, বৃত্তি আৰু কেৰিয়াৰ পৰিকল্পনাৰ বিষয়ে পৰামৰ্শ লাভ কৰাৰ সুযোগ পাব। অনুষ্ঠানটোৰ আনুষ্ঠানিক বিত্তীয় সহযোগী হিচাপে থকা Credila- ই শিক্ষা ঋণ আৰু আর্থিক সহায়ৰ সুবিধাও আগবঢ়াব। Dumick Educational Consultancy- য়ে কেৰিয়াৰ সম্পৰ্কীয় সকলো প্ৰশ্নৰ বাবে এক কেন্দ্ৰ হিচাপে কাম কৰি

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক একে ঠাইতে সকলো ধৰণৰ সমাধান আগবঢ়াব। দিনজোৰা এই কার্যসূচী সন্ধিয়া ৫:০০ বজালৈকে চলিব, য'ত বিভিন্ন পৰামৰ্শ সভা আৰু আন্তঃক্রিয়ামূলক আলোচনা অনুষ্ঠিত হ' বা অংশগ্রহণক উৎসাহিত কৰাৰ উদ্দেশ্যে ২৮ মার্চ পুৱা ১০:০০ বজাৰ আগতে অনলাইনত পঞ্জীয়ন সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা তিনিজন সৌভাগ্যবান বিজয়ীক বাছনি কৰা হ' ব। তাৰ উপৰিও Dumick Educational Consultancy য়ে প্ৰথমবাৰৰ বাবে "Best Student Award" প্ৰদান কৰিব, যাৰ জৰিয়তে নির্দিষ্ট মানদণ্ডৰ ভিত্তিত অসাধাৰণ মেধাক স্বীকৃতি দিয়াহ' ব।' সংবাদমেলত

আয়োজকসকলে অঞ্চলজুৰি থকা ছাত্র-ছাত্রী, অভিভাৱক আৰু শিক্ষা-অনুৰাগীসকলক এই বিশেষ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here