সম্পূৰ্ণ নতুন ‘এপেক্স’ ভেৰিয়েন্ট: অধিক স্পৰ্টি ডিজাইন আৰু নতুন ৰোড-ফকাচড টায়াৰৰ সৈতে।
বৰ্তমানৰ ‘ডেশ্ব’ আৰু ‘ফ্লেশ্ব’ ভেৰিয়েন্টত উন্নত গ্ৰিপযুক্ত টায়াৰ; ‘ডেশ্ব’ত নতুন ৰঙৰ সংযোজন।
বুকিং আজিয়েই আৰম্ভ হৈছে; ২০২৬ বৰ্ষৰ ৩১ মাৰ্চৰ পৰা সমগ্ৰ ভাৰততে ইয়াৰ বিক্ৰী আৰম্ভ হ’ব।
W7s news গুৱাহাটী:::: মধ্যম অশ্বশক্তিৰ মটৰচাইকেল খণ্ডৰ বিশ্বজোৰা অগ্ৰণী প্ৰতিষ্ঠান ৰয়েল এনফিল্ডে আজি মুকলি কৰিলে ২০২৬ গেৰিলা ৪৫০ এপেক্স। ইয়াৰ জনপ্ৰিয় ‘ষ্ট্ৰীট-পাৰফৰমেন্স ৰোডষ্টাৰ’ শ্ৰেণীটোৰ এইটো এক অধিক শক্তিশালী আৰু তীব্ৰতৰ সংস্কৰণ।
গুৱাহাটীত আয়োজিত ’জি আৰ আৰ আৰ নাইট্ছ’ মহোৎসৱত উন্মোচন কৰা এই ২০২৬ গেৰিলা ৪৫০ এপেক্স মটৰচাইকেলখনে সুলভ মূল্য আৰু গ্ৰাহককেন্দ্ৰিক আধুনিক বৈশিষ্ট্যেৰে বজাৰত পদৰ্পণ কৰিছে। যিসকল চালকে পথত দুৰ্ধৰ্ষ প্ৰদৰ্শন বিচাৰে, তেওঁলোকৰ বাবে এয়া এক অপৰিহাৰ্য পছন্দ হিচাপে পৰিগণিত হ’ব।
একেধৰণৰ শক্তিশালী ’শ্বেৰপা’ ইঞ্জিনৰ আধাৰত নিৰ্মিত এপেক্সৰ চালন-ভংগী আৰু নিয়ন্ত্ৰণে এক নতুন সংজ্ঞা নিৰূপণ কৰিছে। ইয়াত আছে এক নিম্ন তথা অধিক স্থিৰ চালন ভংগীমা, পথৰ বাবে বিশেষভাৱে নিৰ্মিত টায়াৰ আৰু এনে কিছুমান ডিজাইনৰ উপাদান যিবোৰ চহৰৰ চুক-কোণবোৰত বাইকখন দ্ৰুত আৰু সুচাৰুৰূপে চলাবলৈ সক্ষম। ইয়াৰ প্ৰতিটো অভিযান্ত্ৰিক দিশ এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে চালকৰ প্ৰতিটো সঁহাৰিতে ই অধিক গতিশীল আৰু ৰোমাঞ্চকৰ অনুভৱ প্ৰদান কৰে।
গেৰিলা ৪৫০ এপেক্স ভেৰিয়েন্টৰ বিশেষত্বসমূহ:
অধিক স্পৰ্টি ৰাইডিং পজিচন: ইয়াত এলুমিনিয়ামৰ হেণ্ডেলবাৰসমূহ কিছু তললৈ নমাই পুনৰ সংস্থাপিত কৰা হৈছে। ইয়াৰ ‘ৰাইডিং ট্ৰায় এংগেল’ আগফাললৈ সামান্য হাউলি থকা ধৰণৰ, যিয়ে চালকক এক শক্তিশালী আৰু স্পৰ্টি অৱস্থান প্ৰদান কৰে।
পথৰ বাবে নতুন টায়াৰ: এপেক্স ভেৰিয়েন্টত ১৭ ইঞ্চিৰ নতুন ‘ভ্ৰেডেষ্টাইন চেঞ্চুৰ এস্টী’ টায়াৰ ব্যৱহাৰ কৰা হৈছে। এই টায়াৰসমূহ পথৰ বাবে বিশেষভাৱে নিৰ্মিত আৰু ইয়াত স্পৰ্টি ডি এন এ থকাৰ লগতে তিতা বা কম ঘৰ্ষণ থকা পথতো ই অধিক গ্ৰিপ প্ৰদান কৰে।
উন্নত ৰাইড ম’ডছ: ইয়াৰ ‘ষ্ট্ৰীট’ আৰু ‘স্পৰ্ট’ ৰাইড ম’ডসমূহক অধিক উন্নত কৰা হৈছে। ইয়াত ‘ম’ড ৰিটেনচন’ সুবিধা আছে - যাৰ ফলত বাইকখন বন্ধ কৰি পুনৰ ষ্টাৰ্ট কৰিলেও আগতে নিৰ্বাচিত হৈ থকা ম’ডটোৱেই বাহাল থাকে।
তীক্ষ্ণ দৃশ্যমান পৰিচয় আৰু নন্দনতত্ত্ব: ’এপেক্স ৰেড’, ‘এপেক্স ব্লেক’ আৰু ‘এপেক্স গ্ৰীণ’কে ধৰি নতুন চিটিজি সমূহে বাইকখনক এক তীক্ষ্ণ দৃশ্যমান পৰিচয় দিছে। ইয়াৰ উপৰিও ষ্টেণ্ডৰ্ড ৰিম টেপ, এটা নিৰ্মিত পিছফালৰ চিট কাউল আৰু ৰঙৰ সৈতে মিল থকা ফ্ৰণ্ট কাউলে মটৰচাইকেলখনক এক অধিক স্পৰ্টি ৰূপ প্ৰদান কৰিছে।
এপেক্স ভেৰিয়েন্টৰ লগতে, বৰ্তমানৰ ‘ফ্লেশ্ব’ আৰু ‘ডেশ্ব’ ভেৰিয়েন্টসমূহ এতিয়া উন্নত ‘চিআট গ্ৰিপ এক্সএল আৰই’ টায়াৰেৰে সজ্জিত হ’ব। ইয়াত ব্যৱহাৰ কৰা হৈছে এক উন্নত কম্পাউণ্ড আৰু অপ্টিমাইজড ট্ৰেড পেটাৰ্ণ, যিয়ে একেই বাহ্যিক সৌন্দৰ্য অটুট ৰাখিও তিতা পথত অধিক গ্ৰিপ আৰু আত্মবিশ্বাস প্ৰদান কৰে। আটাইকেইটা ভেৰিয়েন্টতে এতিয়া ‘ম’ড ৰিটেনচন’ সুবিধাৰ সৈতে আপডেট কৰা ৰাইড ম’ডসমূহ উপলব্ধ হ’ব। ‘ডেশ্ব’ত নতুনকৈ অন্তৰ্ভুক্ত কৰা ‘টুইলাইট ব্লু’ ৰঙে ইয়াক এক মাৰ্জিত আৰু সমসাময়িক ৰূপ দিছে, যিয়ে গেৰিলাৰ শক্তিশালী তথা পথ-কেন্দ্ৰিক চৰিত্ৰক অধিক স্পষ্ট কৰি তুলিছে। ইয়াৰ লগতে পৰিপূৰক হিচাপে হেণ্ডগাৰ্ড আৰু হেডলাইট গ্ৰিলও আগবঢ়োৱা হৈছে।
বিখ্যাত ‘শ্বেৰপা’ প্লেটফৰ্মৰ আধাৰত নিৰ্মিত আৰু এক সন্তুলিত ষ্টীল টুইন স্পাৰ ফ্ৰেমৰ দ্বাৰা সমৰ্থিত ২০২৬ গেৰিলা ৪৫০-এ ৪০ পিএছ আৰু ৪০ এনএম (40Nm) টৰ্ক প্ৰদান কৰি যাব, যিয়ে সমগ্ৰ ৰেভ ৰেঞ্জত এক শক্তিশালী আৰু সহজলভ্য প্ৰদৰ্শন নিশ্চিত কৰে। ইয়াৰ প্ৰতিটো ভেৰিয়েন্টে ত্বৰণৰ সময়ত সুস্থিৰতা, চুকবোৰত ক্ষিপ্ৰতা আৰু পৰিৱৰ্তনশীল পথৰ অৱস্থাত চালকক পূৰ্ণ আত্মবিশ্বাস প্ৰদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।
২০২৬ চনৰ গুৱেৰিলা ৪৫০ৰ সকলো মডেলতে ৰয়েল এনফিল্ডৰ ‘ট্ৰিপাৰ ডেশ্ব’ সংযোগ কৰা হৈছে - যিটো এটা ৪-ইঞ্চিৰ ঘূৰণীয়া টি এফ টি ডিছপ্লে’। ইয়াত গুগল মেপৰ দ্বাৰা পৰিচালিত নেভিগেশ্যন আৰু স্মাৰ্টফোন সংযোগৰ সুচল ব্যৱস্থা আছে, যিয়ে চালকক সঠিক পথ নিৰ্দেশনা আৰু বাইকখনৰ বিষয়ে প্ৰয়োজনীয় তথ্য যোগান ধৰি যাত্ৰাটো অধিক সহজ তথা নিয়ন্ত্ৰিত কৰি তোলে।
ৰয়েল এনফিল্ডৰ ১২৫ বছৰীয়া জয়ন্তী আৰু শ্বেৰপা প্লেটফৰ্মত নিৰ্মিত ১.২৫ লাখ মটৰচাইকেল সম্পৰ্কে মন্তব্য কৰি ৰয়েল এনফিল্ডৰ মুখ্য বাণিজ্যিক বিষয়া যাদৱিন্দৰ সিং গুলেৰীয়াই কয়, “গুৱেৰিলা ৪৫০এ ইতিমধ্যে দৈনন্দিন ব্যৱহাৰ আৰু শক্তিশালী প্ৰদৰ্শনৰ সংমিশ্ৰণত এজন চালকৰ বাবে এক আকৰ্ষণীয় বাইক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। ২০২৬ চনৰ আপডেটসমূহৰ সৈতে আমি ইয়াক অধিক উন্নত কৰি তুলিছোঁ - য’ত স্পৰ্টী লুক, উন্নত আৰামদায়ক আসন, নতুন টায়াৰ আৰু এনে কিছুমান বিশেষত্ব অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে ইয়াৰ ক্ষিপ্ৰতা আৰু চুকবোৰত সহজে চলোৱাৰ ক্ষমতা বৃদ্ধি কৰিব। আমি এতিয়া এটা মেচিনকে দুটা ৰূপত আগবঢ়াইছোঁ, যাতে গ্ৰাহকসকলে পোন হৈ বহি চলাব পৰা শক্তিশালী মডেল বা চুকবোৰত সহজে ঘূৰাব পৰা অধিক গ্ৰিপ থকা মডেলটোৰ মাজত নিজৰ পছন্দ অনুসৰি বাছি ল’ব পাৰে। এই মুকলি অনুষ্ঠানটো আমাৰ ব্ৰেণ্ডটোৰ বাবে দুটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰ সৈতে মিলিছে — ৰয়েল এনফিল্ডৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱা আৰু বিশ্বজুৰি শ্বেৰপা প্লেটফৰ্মত ১,২৫,০০০ মটৰচাইকেল নিৰ্মাণ কৰা। গ্ৰাহকসকলৰ সৈতে এই আনন্দ ভগাই ল’বলৈ আমি ২০২৬ চনৰ গুৱেৰিলা ৪৫০ শৃংখলাটো এটা সীমিত সময়ৰ বাবে বিশেষ উৎসৱী মূল্যত মুকলি কৰিছোঁ, যিয়ে উন্নত মানদণ্ডৰ লগতে সঠিক মূল্য প্ৰদানৰ আমাৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰি তুলিছে।”
ৰয়েল এনফিল্ড গুৱেৰিলা আৰু বিখ্যাত মুৱাই থাই ব্ৰেণ্ড ফেয়াৰটেক্স একত্ৰিত হৈছে এক বিশেষ সহযোগিতাত, যাৰ মূল আধাৰ হৈছে অনুশাসন, নিখুঁততা, ক্ষিপ্ৰতা আৰু এক নিয়ন্ত্ৰিত শক্তি - যি এজন ‘আৰ্বান ফাইটৰ’ বা চহৰীয়া যুঁজাৰুৰ প্ৰকৃত পৰিচয়। এই অংশীদাৰিত্বৰ অধীনত ‘ফেয়াৰটেক্স x গুৱেৰিলা’ৰ এক সীমিত সংস্কৰণৰ বিশেষ গিয়াৰ মুকলি কৰা হৈছে, য’ত আছে বক্সিং গ্লভছ, মুৱাই থাই চৰ্টছ আৰু টি-চাৰ্ট। ইয়াৰ লগতে ২০২৬ ৰয়েল এনফিল্ড গুৱেৰিলা ৪৫০ এপেক্সৰ আধাৰত এটা কাষ্টম মটৰচাইকেলও নিৰ্মাণ কৰা হৈছে। দুয়োটা ব্ৰেণ্ডৰে যুটীয়া ৰঙৰ সংমিশ্ৰণ আৰু এক বলিষ্ঠ ‘ষ্ট্ৰীট-ফ’কাচড্’ ৰূপেৰে প্ৰস্তুত কৰা এই বাইকখনে দুয়োটা ব্ৰেণ্ডৰে একাগ্ৰতা আৰু খেলুৱৈসুলভ তীব্ৰতাক প্ৰতিফলিত কৰিছে।
মটৰচাইকেলখনৰ বহুমুখী দক্ষতা আৰু প্ৰদৰ্শনৰ পৰিচয় দিবলৈ আয়োজিত ’জি আৰ আৰ আৰ নাইট্ছ x আণ্ডাৰগ্রাউণ্ড’ অনুষ্ঠানত এই বিশেষ সহযোগিতাৰ উন্মোচন কৰা হয়। ইয়াত ড্ৰিফ্ট ডেম’, ড্ৰেগ ৰেচ আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে বাইক প্ৰেমীসকলে গুৱেৰিলা ৪৫০ৰ শক্তি অনুভৱ কৰাৰ সুযোগ পায়। লগতে ই.পি.আৰ আয়াৰ আৰু শ্বেডলী মেল’ৰ সংগীত পৰিবেশন, ডিজে আৰু অনুৰাগীসকলৰ সমাৱেশে এই যন্ত্ৰটোক কেন্দ্ৰ কৰি গঢ়ি উঠা এক অনন্য সাংস্কৃতিক পৰিবেশক প্ৰাণৱন্ত কৰি তোলে।
২০২৬ চনৰ গুৱেৰিলা ৪৫০ এ এই বাইকখনলৈ এক অধিক তীক্ষ্ণ আৰু স্পৰ্টি মাত্ৰা আনিছে, যিয়ে দৈনন্দিন চহৰীয়া যাতায়তত ক্ষিপ্ৰতা আৰু নিয়ন্ত্ৰণ বিচৰা চালকসকলক অধিক আকৰ্ষিত কৰিব। আজিৰ পৰাই সকলো অনুমোদিত ৰয়েল এনফিল্ড ডীলাৰশ্বিপ আৰু royalenfield.comত এই নতুন ৰেঞ্জটো উপলব্ধ হ’ব। ২০২৬ চনৰ ৩১ মাৰ্চৰ পৰা ইয়াৰ টেষ্ট ৰাইড আৰু বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব।
Variant
Colourways
Pricing (ex-showroom Chennai)
APEX
APEX Red
₹ 2,49,194
APEX Black
₹ 2,56,387
APEX Green
₹ 2,56,387
Dash
Twilight Blue
₹ 2,49,194
Shadow Ash
₹ 2,67,116
Smoke Silver
₹ 2,67,116
Peix Bronze
₹ 2,67,116
Flash
Brava Blue
₹ 2,72,479
ইয়াৰ উপৰিও, ৰয়েল এনফিল্ডে এতিয়া তেওঁলোকৰ সকলো মটৰচাইকেলৰ বাবে ৭ বছৰীয়া বৰ্ধিত ৱাৰেণ্টি আৰু ৰোডচাইড এচিষ্টেন্স আগবঢ়াইছে, যাৰ ফলত গ্ৰাহকৰ আস্থা আৰু মালিকীস্বত্বৰ অভিজ্ঞতা অধিক সুদৃঢ় হ’ব। এই বৰ্ধিত কভাৰেজত ৩ বছৰীয়া ষ্টেণ্ডাৰ্ড ৱাৰেণ্টিৰ (বা ৩বছৰ/৩০,০০০ কি.মি. বা ৪৫০ চিচি-ৰ ওপৰৰ বাইকৰ বাবে ৪০,০০০ কি.মি.) উপৰিও অতিৰিক্ত ৪ বছৰ বা ৪০,০০০ কি.মি. (যিটো আগতে হয়) অন্তৰ্ভুক্ত কৰা হৈছে। ই চালকসকলক প্ৰতিটো যাত্ৰাতে দীৰ্ঘম্যাদী নিশ্চয়তা আৰু মানসিক শান্তি প্ৰদান কৰিব।
No comments:
Post a Comment