_বেদান্ত লিমিটেডৰ ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণৰূপে Net Water Positive হোৱাৰ লক্ষ্য আগবঢ়াই নিবলৈ হিন্দুস্থান জিংক লিমিটেড, কেইৰ্ণ অইল এণ্ড গেছ আৰু বেদান্তৰ Iron Ore ব্যৱসায় স্থলীসমূহ ইতিমধ্যে Net Water Positive মাধ্যম হিচাপে পৰিগণিত হৈছে।_
W7s news,,নতুন দিল্লী, মাৰ্চ ২৩, ২০২৬ : বৰ্তমানৰ ব্যৱহাৰ ধাৰা অব্যাহত থাকিলে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি পানীৰ নাটনি ৪০% লৈ বৃদ্ধি পাব পাৰে বুলি বৈশ্বিক অনুমান প্ৰকাশ পোৱা পৰিপ্ৰেক্ষিতত পানী সংৰক্ষণ আৰু দায়িত্বশীল ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ তৎকালীন আৰু ব্যাপক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আগতকৈ অধিক স্পষ্ট হৈ পৰিছে। এই প্ৰেক্ষাপটত বিশ্ব জল দিৱস বেদান্ত লিমিটেড (NSE: VEDL) - ভাৰতৰ অগ্ৰণী ধাতু, তেল আৰু গেছ, গুৰুত্বপূৰ্ণ খনিজ, শক্তি আৰু প্ৰযুক্তি ক্ষেত্ৰৰ শীৰ্ষ সংস্থাটোৱে ঘোষণা কৰিছে যে FY26 বৰ্ষত (ফেব্ৰুৱাৰীলৈকে) তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপত মুঠ ৮৫ মিলিয়ন ঘনমিটাৰ পানী পুন:চক্রায়ন আৰু পুন:ব্যৱহাৰ কৰা হৈছে।
সংস্থাটোৰ Water Positivity Index ০.৬৩ ত উপনীত হৈছে, যি বিশ্বব্যাপী স্বীকৃত মানদণ্ডৰ সৈতে সামঞ্জস্য ৰাখি সংস্থাটোৰ অভ্যন্তৰীণ পানী হিচাপ ব্যৱস্থাৰ আধাৰত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত পৰিমাপযোগ্য ফলাফল লাভ কৰাৰ লগতে ব্যৱসায়িক বিকাশ আৰু শ্বেয়াৰ হোল্ডাৰৰ মূল্য সৃষ্টিৰ লক্ষ্য পূৰণত সহায় কৰিছে।
ভাৰতত জলবায়ু পৰিৱৰ্তন আৰু পানীৰ চাহিদা বৃদ্ধিৰ ফলত পানী সংকট বৃদ্ধি পোৱাৰ প্ৰেক্ষাপটত, বেদান্ত লিমিটেড সদায় দায়িত্বশীল পানী ব্যৱস্থাপনা অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰযুক্তি-চালিত পানী দক্ষতা, পৰিবেশ পুনৰুদ্ধাৰ আৰু সমাজভিত্তিক অংশীদাৰিত্বৰ জৰিয়তে সংস্থাটোৱে ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ Net Water Positive হোৱাৰ লক্ষ্যৰে আগুৱাই গৈছে।
বেদান্তৰ পানী ব্যৱস্থাপনা কৌশলৰ তিনিটা মূল স্তম্ভ :
১. Recycle (পুন:চক্রায়ন) – পৰিশোধিত পানী পুনৰ ব্যৱহাৰ কৰি নতুন পানীৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰা।
২. Conserve (সংৰক্ষণ) – কাৰ্যপ্ৰণালীৰ দক্ষতা বৃদ্ধি কৰি পানীৰ ব্যৱহাৰ কমোৱা।
৩. Replenish (পুন:ভৰ্তি) – জলাধাৰ, বৰষুণৰ পানী সংৰক্ষণ আৰু সমাজভিত্তিক কাৰ্যসূচীৰ জৰিয়তে পানীৰ উৎস পুনৰ ভৰ্তি কৰা।
এই সমন্বিত পদ্ধতিয়ে কাৰ্যকলাপৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰে। ইতিমধ্যে হিন্দুস্তান জিংক, কেইৰ্ণ অইল এণ্ড গেছ আৰু বেদান্তৰ Iron Ore ব্যৱসায় স্থলীসমূহ Net Water Positive হিচাপে স্বীকৃতি লাভ কৰিছে। অৰ্থাৎ, এই স্থানসমূহত পানী পুন:ভৰ্তিৰ পৰিমাণ ব্যৱহৃত পানীৰ পৰিমাণতকৈ অধিক।
সংস্থাটোৱে উন্নত পৰিশোধন আৰু পুন:ব্যৱহাৰ ব্যৱস্থাৰ জৰিয়তে ৩১% পানী পুন:চক্রায়ন হাৰ লাভ কৰিছে, যি বিশ্বব্যাপী পানী-নির্ভৰ উদ্যোগসমূহৰ ভিতৰত যথেষ্ট উচ্চ। পানী ব্যৱস্থাপনা ক্ষেত্ৰত বেদান্তই বৃহৎ পৰিসৰৰ ভূগৰ্ভস্থ পানী পুন:ভৰ্তি আৰু জলাধাৰ উন্নয়ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই উদ্যোগসমূহৰ জৰিয়তে চলিত বছৰত ৭ মিলিয়ন ঘন মিটাৰতকৈ অধিক পানী সংৰক্ষণ বা পুন:ভৰ্তি কৰা হৈছে।
সংস্থাটোৰ বিভিন্ন কাৰ্যক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱন আৰু পুন:ব্যৱহাৰ ব্যৱস্থাৰ জৰিয়তে পানীৰ দক্ষ ব্যৱহাৰ বৃদ্ধি কৰা হৈছে। উদাহৰণস্বৰূপে, Bharat Aluminium Company Limited (BALCO) ত cooling tower blowdown পানী পুন:ব্যৱহাৰ কৰি প্ৰতিদিনে প্ৰায় ৪,৮০০ ঘনমিটাৰ নতুন পানীৰ ব্যৱহাৰ হ্ৰাস কৰা হৈছে।আনহাতে, Meenakshi Energy Limited পৰিচালিত বেদান্ত পাৱাৰ প্লাণ্টে সম্পূৰ্ণভাৱে ১০০% সমুদ্ৰজল ব্যৱহাৰ কৰে, যাৰ ফলত নতুন পানীৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নোহোৱা হৈছে।
সমাজত প্ৰভাৱ (Community Impact) :
উক্ত বছৰৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু 'Water and Gender – Where Water Flows, Equality Grows' অনুসৰি, বেদান্তই পানী ব্যৱস্থাপনাক সমাজ উন্নয়ন আৰু লিংগ সমতাৰ সৈতে সংযুক্ত কৰি আগবঢ়াইছে। পানীৰ অভাৱৰ প্ৰভাৱ সাধাৰণতে মহিলা আৰু কিশোৰীসকলৰ ওপৰত অধিক পৰে বুলি ধৰি লৈ সংস্থাটোৱে সুৰক্ষিত পানীৰ সুবিধা প্ৰদানৰ লগতে স্বাস্থ্য, শিক্ষা আৰু জীৱিকা উন্নয়নৰ ক্ষেত্ৰতো সহায় আগবঢ়াইছে।
বেদান্তৰ পানী আৰু WASH (Water, Sanitation and Hygiene) উদ্যোগসমূহে এতিয়ালৈ ২২৫ তকৈ অধিক গাঁৱত বিস্তৃত হৈ FY26ত ১০.৫ লাখতকৈ অধিক লোকক সহায় কৰিছে। এই উদ্যোগসমূহৰ অন্তৰ্গত সৌৰশক্তি-চালিত ব’ৰৱেল, নিকা পৰিশোধন ব্যৱস্থা আৰু RO প্লাণ্ট স্থাপন কৰা হৈছে, যাৰ জৰিয়তে প্ৰতিদিনে ৩০ লাখ লিটাৰতকৈ অধিক বিশুদ্ধ পানী সমাজলৈ যোগান ধৰা হৈছে।
মুখ্য পানী সংৰক্ষণ আৰু সমাজ উন্নয়ন ব্যৱস্থাসমূহ :
১. কেইৰ্ণ অইল এণ্ড গেছে ৰাজস্থানত ৫ টা নদী (সমাজভিত্তিক পুখুৰী) আৰু ১০০ তকৈ অধিক খাদিন (মাটিৰ বান্ধ) নিৰ্মাণ কৰি বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভস্থ পানী পুন:ভৰ্তি কৰিছে।
২. বাৰ্মেৰ জিলাত ৭০ টাতকৈ অধিক বৃষ্টিজল সংৰক্ষণ গাঁথনি নিৰ্মাণ।
৩. পঞ্জাৱত Talwandi Sabo Power Limited এ গাঁওৰ পুখুৰী পুনৰুদ্ধাৰ আৰু কৃষকৰ বাবে বৰষুণৰ পানী সংৰক্ষণ গাঁথনি নিৰ্মাণ কৰিছে।
৪.বেদান্তৰ Iron Ore ব্যৱসায়ত ভূগৰ্ভস্থ পানী পুন:ভৰ্তিৰ বাবে ৰিচাৰ্জ পিটছ নিৰ্মাণ কৰা হৈছে।
৫. লাঞ্জীগড় কাৰ্যক্ষেত্ৰত ১০ লাখ ঘনমিটাৰ পানী পুন:ভৰ্তিৰ সম্ভাৱনা সৃষ্টি কৰি ৮০০ একৰতকৈ অধিক কৃষিভূমিত সুবিধা আগবঢ়োৱা হৈছে আৰু ৩০ টা গাঁৱৰ পানী সম্পদ উন্নয়ন কৰা হৈছে।
৬. Project SANGAM ৰ জৰিয়তে ৫০ টাতকৈ অধিক পানী গাঁথনি নিৰ্মাণ কৰি ৪ লাখ ঘন মিটাৰতকৈ অধিক পানী পুন:ভৰ্তি কৰা হৈছে, যাৰ ফলত ৫,০০০তকৈ অধিক লোক উপকৃত হৈছে।
পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত বেদান্তৰ1 নেতৃত্বই ৰাষ্ট্ৰীয় পৰ্যায়তো উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। নীতি আয়োগৰ ‘Scope 1 Water Positivity Aspiring Company Certification’ লাভ কৰা বেদান্তৰ প্ৰথম ব্যৱস্থাপনা হৈছে Rajpura Dariba Complex (Hindustan Zinc Limited)। এই স্বীকৃতিয়ে জলাধাৰ মূল্যায়ন, পানী অডিট, উৎস মানচিত্ৰায়ন আৰু দীৰ্ঘম্যাদী পানী ব্যৱস্থাপনা পৰিকল্পনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখযোগ্য অগ্ৰগতিক প্ৰতিফলিত কৰে।
পানী ব্যৱহাৰৰ ব্যৱস্থাপনাত দক্ষতা বৃদ্ধি, পৰিৱেশ পুনৰুদ্ধাৰ আৰু সমাজভিত্তিক অংশীদাৰিত্বৰ জৰিয়তে বেদান্ত লিমিটেডে দায়িত্বশীল পানী ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী পৰিৱেশগত স্থায়িত্বৰ প্ৰতি নিজৰ দৃঢ় প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে।

No comments:
Post a Comment