৫০ কোটিৰ চি জি চি ইউ ই টি জলপানি প্রদান কাৰ্যসূচী আৰম্ভ
উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্রীৰ বাবে বিত্তীয় সাহায্য
W7s news গুৱাহাটী : মোহালিৰ ডিজিচি বিশ্ববিদ্যালয় হৈছে এন এ এটি এ- স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠান। এই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা উত্তৰ-পূৱৰ ছাত্র-ছাত্রীৰ বাবে বিশেষ বিত্তীয় সাহায্যৰ আগবঢ়াবলৈ পদক্ষেপ লোৱা হৈছে। সেই অনুসৰি ৫০ কোটিৰ চি জি ডি ইউ ইটি জলপানি প্রদান কার্যসূচী আবস্ত কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেল বিশ্ববিদ্যালয় কর্তৃপক্ষই এই কথা সদৰি কৰে। সংবাদমেলত অংশ লৈ বিশ্ববিদ্যালয় কর্তৃপক্ষৰ হৈ
ড' হিতেশ কালোতাই কয়- "ছাত্র-ছাত্রীক গুণগত উচ্চ শিক্ষা গ্রহণৰ বাবে সৱলীকৰণ কৰাই এই বৃত্তি প্রদানৰ উদ্দেশ্য। আমাৰ বিশ্ববিদ্যালয়খনৰ শৈক্ষিক উৎকর্ষতা আৰু সর্বাংগীন শিক্ষার প্রতি দায়বদ্ধতাৰ ক্ষেত্রত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশ্বমানৰ শিক্ষা সুলভ কৰি তোলাই আমাৰ বিশ্ববিদ্যালয়ৰ লক্ষ্য। ইয়াৰ বাবে আমাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা উত্তৰ-পূব ভাৰতৰ ছাত্র-ছাত্রীসকলে বিশেষ আর্থিক সাহায্য দিয়াৰ ব্যবস্থা কৰা হৈছে (উত্তৰ-পূবৰ ছাত্র-হাত্রীক বিশেষ আর্থিক সাহায্য হিচাপে প্রতি যাত্মাসিকত ৮ হেজাৰ টকাকৈ অতিৰিক্ত জলপানি প্রদান কৰা হ'ব, যিটো শ্রেণী নির্বিশেষে যিকোনো বর্তমানৰ বৃত্তিৰ ওপৰত হ'ব। চিজিচি বিশ্ববিদ্যালয়ে দেশৰ প্ৰতিটো কোণৰ পৰা প্রতিভাক লালন-পালন কৰিবলৈ প্রতিশ্রুতিবদ্ধ।" সংবাদ মেলত বিশ্ববিদ্যালখনৰ মাৰ্কেটিং বিষয়া
শ্যামন্ত বৰুৱাই গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ মিজোৰাম হাউচৰ ওচৰত থকা গুৱাহাটী কাৰ্যালয়ৰ বিষয়ে কয়। এই কাৰ্যালয়ত যোগাযোগ কৰিলে আগ্ৰহী শিক্ষাৰ্থীসকলক নানা পৰামৰ্শ দিয়া হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। সংবাদমেলত বিশ্ববিদ্যালয়ৰ কেইবাজানো বিষয়-কবীরা উপস্থিত থাকে।
No comments:
Post a Comment