W7s news,,গুৱাহাটী, মাৰ্চ ১৫, ২০২৬: প্ৰতিকূল বতৰকো নেওচি অভিজ্ঞানমে যোৱা ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ আয়োজন কৰা ৬ষ্ঠ আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ আজি সফল পৰিসমাপ্তি ঘটে। প্ৰথম দিনাখন নাট্য উৎসৱৰ শুভ আৰম্ভনিৰ লগে লগে অভিজ্ঞানমে ধ্ৰুৱজ্যোতি স্পন্দনৰ নেতৃত্বত কলাৰি পয়ট্টুৰ প্ৰদৰ্শন কৰে। যোৱা তিনিওটা দিনতে অসমৰ লগতে কলিকতাৰ নাট্য দলেও এই নাট্য উৎসৱত নাট মঞ্চস্থ কৰে। নাটসমুহ আছিল যথাক্ৰমে মনিমালা দাসৰ পৰিচালনা ৰে কৰ্দৈ শিৰীয়া পাহাৰৰ সাধু ( দেংৰালি ক্ৰিয়েটৰচ হাব), ৰনহাং চৌধুৰী পৰিচালিত এ ষ্টুপিড কমন মেন (অভিজ্ঞানম গুৱাহাটী), অভিক ভট্টাচাৰ্য পৰিচালিত অগদুম বাঘাদুম ( ফেমিলি পাৰ্ফমাৰ্চ ট্ৰুপ,কলিকতা), হিমাংশু প্ৰসাদ দাস পৰিচালিত এ বি পি এল ল'ভ ষ্টৰি ( গুৱেৰ্নিকা, মিৰ্জা) অৰ্পণ চক্ৰৱৰ্তী পৰিচালিত তমসা, দি দাৰ্কেনিং লাইট ( অগষ্ট থিয়েটাৰ, কলিকতা) মুকুল ঈডিপাছ পৰিচালিত জল্টি বুঢ়ীৰ জলফাই ( সুনাগ, নলবাৰী)।
লগতে যোৱা তিনিওটা দিনতে বিভিন্ন বিষয় সম্পৰ্কে ৰাজু ৰয়, মহৰ্ষি তুহিন কাশ্যপ,আৰ.জে হংসৰাজ, পাপৰি মেধি, চাংকু নিৰঞ্জন নাথ, গৌৰিশংকৰ দাস, দেবাংগনা লহকৰ, ধিৰাজ কুমাৰ, নিৰ্জু ৰাজ দাস, কুল কুলদ্বীপয়ে মাষ্টাৰক্লাছ লগতে আলোচনা চক্ৰ আগবঢ়ায়।
উক্ত নাট্য উৎসৱত থিয় নামৰ বিশিষ্ট পাঠক শ্ৰদ্ধাৰ ভবানন্দ দাসক প্ৰয়াত বৰ্ণালী চৌধুৰী "লোক শিল্প সাধনা সন্মান ২০২৫" আৰু বিশিষ্ট খোলবাদক শ্ৰদ্ধাৰ গিৰেন কলিতাক বৰ্ণালী চৌধুৰী "লোক শিল্প সাধনা সন্মান ২০২৬" আগবঢ়োৱা হয়।
তাৰোপৰি বিশিষ্ট নাট্যকাৰ, পৰিচালক শ্ৰদ্ধাৰ নৰেন পাটগিৰিক প্ৰয়াত দেৱব্ৰত চৌধুৰী "নাট্য ব্যক্তিত্ব সন্মান ২০২৫" আগবঢ়োৱা হয় লগতে বিশিষ্ট নাট্যকাৰ পৰিচালক অনুপ হাজৰিকাক প্ৰয়াত দেৱব্ৰত চৌধুৰী "নাট্য ব্যক্তিত্ব সন্মান ২০২৬" আগবঢ়োৱা হয়।

No comments:
Post a Comment