উত্তৰ-পূৰ্বাঞ্চললৈ সম্প্ৰসাৰণ এমাজন এয়াৰ, ৫ গুণে ক্ষিপ্ৰ হ’ব সামগ্ৰী যোগানৰ গতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 13 March 2026

উত্তৰ-পূৰ্বাঞ্চললৈ সম্প্ৰসাৰণ এমাজন এয়াৰ, ৫ গুণে ক্ষিপ্ৰ হ’ব সামগ্ৰী যোগানৰ গতি


 

·        অসামৰিক বিমান পৰিবহণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপুৱে ফ্লেগ অফ কৰে গুৱাহাটী অভিমুখী এমাজন এয়াৰৰ উদ্বোধনী বিমানৰ পতাকা


·        এমাজন হৈছে নিৰ্দিষ্ট এয়াৰ কাৰ্গো নেটৱৰ্ক পৰিচালনা কৰি থকা ভাৰতৰ একমাত্ৰ ই-কমাৰ্চ প্ৰতিষ্ঠান


এই সম্প্ৰসাৰণৰ ফলত অঞ্চলটোৰ সমগ্ৰ ভাৰতবৰ্ষত গ্ৰাহকক উন্নত সেৱা আগবঢ়াব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যোগীসকলে

 


W7s news,,অসম,,,,,ই-কমাৰ্চ প্ৰতিষ্ঠান এমাজনে আজি কলকাতা আৰু গুৱাহাটী সংযোগী নতুন এয়াৰ কাৰ্গো পথেৰে উত্তৰ-পূৰ্বাঞ্চললৈ এমাজন এয়াৰৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত আৰু অধিক শক্তিশালী হ’ব সমগ্ৰ অঞ্চলটোৰ লজিষ্টিক আন্তঃগাঁথনি আৰু সংযোগ। নিৰ্দিষ্ট বায়ুপথৰ মালবাহী ক্ষমতা সংযোজনে যোগানৰ গতি আৰু নিৰ্ভৰযোগ্যতা যথেষ্ট উন্নত কৰিব, যাৰ ফলত সমগ্ৰ উত্তৰ-পূবৰ গ্ৰাহকসকলে দ্ৰুত আৰু অধিক সামঞ্জস্যপূৰ্ণ যোগানৰ সৈতে এমাজনৰ বিশাল নিৰ্বাচনৰ সামগ্ৰীসমূহ লাভ কৰিব পাৰিব।


এই সেৱাই এমাজনৰ সংহত বিমান আৰু ছাৰ্ফেচ পৰিবহণ নেটৱৰ্কৰ জৰিয়তে সাত  ভনী ৰাজ্য —অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত সামগ্ৰী যোগানত সহায় কৰিব। এই  উৎসৰ্গিত এয়াৰ সেৱাক ইয়াৰ মাল্টিম’ডাল লজিষ্টিক আন্তঃগাঁথনিৰ সৈতে সংযুক্ত কৰি এমাজনে ট্ৰেনজিট সময় হ্ৰাস কৰাৰ আশা কৰিছে আৰু পাঁচগুণলৈকে ক্ষিপ্ৰ কৰিব যোগানৰ গতি, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ গ্ৰাহকসকলে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি স্মাৰ্টফোন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, ফেশ্বন-সৌন্দৰ্য্য আৰু অন্যান্য শিতানৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ দ্ৰুত প্ৰৱেশ লাভ কৰিব।


নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখী এমাজন এয়াৰৰ উদ্বোধনী বিমানখন আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণৰ মাননীয় মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপুৰ লগতে এমাজনৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অপাৰেচনছ বিভাগৰ উপাধ্যক্ষ অভিনৱ সিং আৰু এমাজন  ইণ্ডিয়াৰ পাব্লিক পলিচিৰ উপাধ্যক্ষ চেতন কৃষ্ণস্বামীয়ে।


অসামৰিক বিমান পৰিবহণৰ মাননীয় মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডু কিঞ্জৰাপুয়ে এই সেৱা মুকলি সন্দৰ্ভত মত ব্যক্ত কৰি কয়, "এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট’ৰ দৃষ্টিভংগীৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু সংযোগ বহুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সম্প্ৰতি উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যতে অতিকমেও এটা বিমানবন্দৰ আছে আৰু কাৰ্যক্ষম হৈ থকা বিমানবন্দৰৰ সংখ্যা ২০১৪ চনৰ ৯টাৰ পৰা এতিয়া ১৬টালৈ বৃদ্ধি পাইছে। উদ্যান শস্য আৰু কাৰ্গো ৰপ্তানিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আজি দিল্লীৰ পৰা গুৱাহাটীলৈ এমাজন এয়াৰৰ মালবাহী পথ মুকলিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক, শিপিনী আৰু উদ্যোগীসকলক অধিক সহায় কৰিব। দেশত বিমান কাৰ্গোৰ বিকাশৰ বাবেও চৰকাৰে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৬ চনৰ বাজেটত সহজে নষ্ট হোৱাৰ সম্ভাৱনা থকা আৰু উচ্চ মূল্যৰ সামগ্ৰীৰ বাবে লজিষ্টিক ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে বিমান মালবাহী আন্তঃগাঁথনি আৰু গুদামৰ ক্ষমতা নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। তদুপৰি কুৰিয়াৰৰ ৰপ্তানি  মূল্যৰ সীমা প্ৰত্যাহাৰ কৰাত  ক্ৰছ-ব'ৰ্ডাৰ  ই-কমাৰ্চ বিকাশতো সহায় কৰিব। আৰু আজিৰ এই মাইলৰ খুঁটিত উপনীত হোৱা মুকলিৰ জৰিয়তে দেশৰ বিমান মালবাহী নেটৱৰ্কত যোগ দিয়াৰ বাবে মই এমাজনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।"


“উন্নত লজিষ্টিক সংযোগে স্থানীয় উদ্যোগীক সবলীকৰণ কৰাত  আৰু ব্যৱসায়ৰ বাবে বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰণত, আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অঞ্চলটোৰ বিক্ৰেতাসকলৰ বাবে গুৱাহাটীলৈ এমাজন এয়াৰ সেৱাৰ প্ৰৱৰ্তনে উদ্যোগসমূহক দেশজুৰি গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম কৰিব। উন্নত ফুলফিলমেন্ট গতিবেগে ব্যৱসায়ীসকলক ব্যাপক পৰিসৰত গ্ৰাহকৰ কাষ  চাপিবলৈ আৰু ভাৰতৰ দ্ৰুতগতিত বিকাশ লাভ কৰা ডিজিটেল অৰ্থনীতিত অধিক অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰাৰ লগতে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহক আৰু সম্প্ৰদায়সমূহলৈ দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য যোগানৰ সুবিধাসমূহ কঢ়িয়াই আনিব। লজিষ্টিক আন্তঃগাঁথনিৰ এনে বিকাশে স্থানীয় যুৱক-যুৱতীসকলৰ বাবেও নিয়োগৰ যথেষ্ট সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এয়াও আশা কৰা হৈছে যে এমাজন এয়াৰ সেৱাৰ কাৰ্যকৰীকৰণে চাকৰি সৃষ্টিৰ ক্ষেত্ৰত আৰু অধিক অৰিহণা যোগাব আৰু অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত সহায় কৰিব।”- এই মন্তব্য কৰে অসমৰ মুখ্য সচিব, আই এ এছ ড০ ৰবি কোটাই।


“সকলো প্ৰান্তৰ গ্ৰাহকক সেৱা আগবঢ়াব পৰাকৈ ২০১৩ চনত Amazon.in মুকলি কৰাৰ পিছৰে পৰা আমি ভাৰতৰ অন্যতম বৃহৎ লজিষ্টিক নেটৱৰ্ক গঢ়ি তোলাত ধাৰাবাহিকভাৱে  বিনিয়োগ কৰি আহিছো। উত্তৰ-পূবলৈ এমাজন এয়াৰৰ সম্প্ৰসাৰণ সেই বিনিয়োগসমূহৰে এক স্বাভাৱিক অগ্ৰগতি আৰু ই সমগ্ৰ দেশতে সংযোগ শক্তিশালী কৰাৰ বাবে আমাৰ দীৰ্ঘকালীন দায়বদ্ধতাক প্ৰতিফলিত কৰে। চৰকাৰে লজিষ্টিক উন্নত কৰা আৰু আন্তঃগাঁথনিত অৰ্থনৈতিক সুযোগ মুকলি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে সংগতি ৰাখিও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গ্ৰাহকৰ বাবে ইয়াৰ অৰ্থ হ’ল পূৰ্বতকৈ ৫গুণ উন্নত গতিৰে এমাজনৰ বিশাল নিৰ্বাচনত প্ৰৱেশৰ  সুবিধা লাভ কৰা আৰু উত্তৰ-পূবৰ বিক্ৰেতা আৰু উদ্যোগীসকলে এতিয়া সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ ওচৰলৈ অধিক দ্ৰুত আৰু নিৰ্ভৰযোগ্যভাৱে কাষ  চাপিব পাৰিব।”-এমাজনৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অপাৰেচনছ বিভাগৰ উপাধ্যক্ষ অভিনৱ সিঙে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here