উত্তৰ-পূবৰ বজাৰত ৰয়েলঅ’ক ফাৰ্নিচাৰৰ শক্তিশালী পদাৰ্পণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 25 February 2026

উত্তৰ-পূবৰ বজাৰত ৰয়েলঅ’ক ফাৰ্নিচাৰৰ শক্তিশালী পদাৰ্পণ

 

 গুৱাহাটীত দ্বিতীয়টো ফ্লেগশ্বিপ ষ্ট’ৰ মুকলি




W7s news গুৱাহাটী:: আধুনিকতা আৰু আৰামৰ এক অপূৰ্ব সমন্বয় ঘটাই ভাৰতৰ এক নম্বৰ আচবাব ব্ৰেণ্ড ‘ৰয়েলঅ’ক ফাৰ্নিচাৰে’ শেহতীয়াকৈ গুৱাহাটীৰ ধাৰাপুৰত মুকলি কৰে প্ৰতিষ্ঠানটোৰ দ্বিতীয়টো বিশাল ফ্লেগশ্বিপ ষ্ট’ৰ। অসমৰ হৃদপিণ্ড গুৱাহাটীত খুচুৰা ব্যৱসায়ৰ এই উল্লেখনীয় সম্প্ৰসাৰণে ব্ৰেণ্ডটোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ সম্ভাৰসমূহ গ্ৰাহকৰ বাবে সহজলভ্য কৰি তোলাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উচ্চমানৰ গৃহ সজ্জাৰ সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি অধিক সুদৃঢ় কৰিছে।

ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শেহতীয়াকৈ এই নৱতম বিপণীখনৰ শুভ উদ্বোধন কৰে উদ্যোক্তাসকলে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী। ইয়াৰ উপৰি ৰয়েলঅ’ক ইনকৰ্পৰেশ্যন প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ বিজয় সুব্ৰমণিয়াম আৰু পৰিচালন সঞ্চালক মাথান সুব্ৰমণিয়ামৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি কৰে।

প্ৰায় ১৮,৫০০ বৰ্গফুট অঞ্চল আগুৰি থকা এই বিশাল প্ৰতিষ্ঠানখনত ড্রয়িং ৰূম, বেডৰূম, ডাইনিং স্পেচ, পঢ়া কোঠা আৰু কাৰ্যালয়ৰ বাবে প্ৰয়োজনীয় আচবাবৰ লগতে আউটড’ৰ আচবাব, মেট্ৰেছ আৰু গৃহ সজ্জাৰ এক অপূৰ্ব সম্ভাৰ উপলব্ধ কৰা হৈছে। এই ব্যৱসায়িক সম্প্ৰসাৰণে কেৱল গ্ৰাহকক উন্নত সেৱাই নহয়, বৰঞ্চ স্থানীয় পৰ্যায়ত সংস্থাপনৰ নতুন দিগন্ত মুকলি কৰাৰ লগতে থলুৱা বিক্ৰেতা আৰু অংশীদাৰসকলৰ সৈতেও মিত্ৰতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

নতুন বিপণীখন মুকলি কৰি আগবঢ়োৱা ভাষণত অধ্যক্ষ বিজয় সুব্ৰমণিয়ামে কোম্পানীটোৱে ইয়াৰ ব্যৱসায়িক পৰিসৰ বৃদ্ধি কৰাৰ লগতে সুলভ মূল্যত গ্ৰাহকক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আচবাব যোগান ধৰিবলৈ সংকল্পবদ্ধ বুলি ব্যক্ত কৰে। উদীয়মান বজাৰসমূহৰ গ্ৰাহকক এক নতুন আৰু উন্নত অভিজ্ঞতা প্ৰদান কৰাই প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য বুলিও তেওঁ মন্তব্যত উল্লেখ কৰে।

আধুনিক আৰু বিলাসী আচবাবেৰে প্ৰতিখন ঘৰলৈ নব্য শৈলী কঢ়িয়াই অনা ৰয়েলঅ’ক ফাৰ্নিচাৰ হৈছে বৰ্তমান ভাৰতৰ শীৰ্ষস্থানীয় আচবাব প্ৰতিষ্ঠান। ২০১০ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৱে ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীত ২০০ তকৈও অধিক বিপণীৰ জৰিয়তে নিজৰ ব্যৱসায় পৰিচালনা কৰে। বিশ্বৰ ১২ খন দেশৰ পৰা সংগ্ৰহ কৰা ১০,০০০ তকৈও অধিক সামগ্ৰীৰ এক বিশাল সম্ভাৰ গ্ৰাহকৰ বাবে আগবঢ়াই আহিছে এই প্ৰতিষ্ঠানখনে। বিশেষকৈ ইয়াৰ উদ্ভাৱনীমূলক, বহুমুখী আৰু বিজ্ঞানসন্মত আৰ্হিৰ বাবে পৰিচিত ৰয়েলঅ’ক ফাৰ্নিচাৰে শিশাম কাঠ আৰু ইঞ্জিনীয়াৰ্ড কাঠৰ দৰে দীৰ্ঘস্থায়ী তথা বহনক্ষম কেঁচামাল ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আচবাব নিশ্চিত কৰে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here