১ মাৰ্চত লোহিয়া লায়ন্স অডিটৰিয়ামত সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যপাল
W7s news গুৱাহাটী::ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি উৎসৰ্গিত সংস্থা ভাৰত ভাৰতীয়ে বিগত ২০ বছৰ ধৰি সমগ্ৰ দেশতে সক্ৰিয়ভাৱে কাম কৰি আহিছে। "ভাৰত ভাৰতী" মতে ভাৰতৰ প্ৰতিখন চহৰেই জাতিটোৰ নিজেই এক ক্ষুদ্ৰ ৰূপ। বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলে চাকৰি, শিক্ষা, উদ্যোগ, ব্যৱসায়ৰ বাবে আন ৰাজ্যলৈ গুচি যায়। এনে লোকৰ মাজত পাৰস্পৰিক বন্ধুত্ব আৰু মৰমৰ বান্ধোন গঢ়ি তোলাৰ বাবে সংস্থাটোৱে কাম কৰে ভাৰত ভাৰতীয়ে।
আজি দেশৰ ২২খন ৰাজ্যৰ ৭৫খন চহৰত ভাৰত ভাৰতীৰ সক্ৰিয় উপস্থিতি আছে। ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাৰত ভাৰতীয়ে ১৫০ খন “মিনি ইণ্ডিয়া” চহৰত অনুষ্ঠান আয়োজন কৰাৰ সংকল্প লৈছে।
সংস্থাটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদ নামেৰে জনাজাত এখন শীৰ্ষ সমিতি আছে, যিয়ে প্ৰতি ফেব্ৰুৱাৰী মাহত বাৰ্ষিক বৈঠক অনুষ্ঠিত কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৫০ জন গুৰুত্বপূৰ্ণ বিষয়ববীয়াই এই বৈঠকত অংশগ্ৰহণ কৰিব কাৰণে গুৱাহাটীত উপস্থিত হৈছে। এই অধিৱেশনৰ সময়ত সামূহিক বিবেচনাৰ ভিত্তিত ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰা হয়। এইবাৰ ২৭–২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত মহেশ্বৰী ভৱনত গুৱাহাটীত সভা অনুষ্ঠিত হ'ব। এই বৈঠকৰ সামৰণি অধিবেশনত বিভিন্ন ভাষিক সম্প্ৰদায়ৰ মাজত কাম কৰা আৰু জাতীয় সংহতিৰ প্ৰতি উৎসৰ্গিত বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱা হ’ব।
সংবাদ মাধ্যমক সম্বোধন কৰি ঈশানয় ভাৰত- সভাপতি শ্ৰী ভাস্কৰ দত্ত গোস্বামীয়ে কয় যে এইবাৰ মাননীয় ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই বিভিন্ন ভাষিক সম্প্ৰদায়ৰ মাজত কাম কৰা সাতজন ব্যক্তিক বঁটা প্ৰদান কৰিব। অহা ১ মাৰ্চ দেওবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ লায়ন্স চকু চিকিৎসালয়ৰ লোহিয়া অডিটৰিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। সংবাদ মাধ্যমৰ আদান-প্ৰদানৰ সময়ত ৰাষ্ট্ৰীয় সভাপতি ভাৰত ভাৰতী বিনয় জী পাত্ৰলে, শোভান ব্যাস প্ৰভাৰী উত্তৰ-পূব ভাৰত, নিৰকৰ প্ৰধানৰ অধ্যক্ষ ভাৰত ভাৰতীয় ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য, জগানাথ সাভিৰ ৰাষ্ট্ৰীয় সম্পাদক ভাৰত ভাৰতীকে ধৰি অন্যান্য সদস্যসকল উপস্থিত থাকে।
No comments:
Post a Comment