নভোটেল গুৱাহাটীত ভেলেণ্টাইন ডে’ উপলক্ষে বিশেষ কাৰ্যসূচী; একেলগে চাৰিটাকৈ স্থানত গ্ৰাহকে লাভ কৰিব অনন্য সোৱাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 12 February 2026

নভোটেল গুৱাহাটীত ভেলেণ্টাইন ডে’ উপলক্ষে বিশেষ কাৰ্যসূচী; একেলগে চাৰিটাকৈ স্থানত গ্ৰাহকে লাভ কৰিব অনন্য সোৱাদ


 

W7s news,,গুৱাহাটী, ৫ ফেব্ৰুৱাৰী, ২০২৬: অহা ১৪ ফেব্ৰুৱাৰীত হেঁপাহৰ ভেলেণ্টাইন ডে’ উদযাপনৰ লক্ষ্যৰে জি এছ ৰোডৰ নভোটেল গুৱাহাটীত প্ৰস্তুত কৰা হৈছে কেইবাটাও বিশেষ ভোজন অভিজ্ঞতাৰ এক বৰ্ণিল সমাহাৰ। হোটেলখনৰ ভিতৰতে থকা চাৰিটা সুকীয়া স্থানত গ্ৰাহকৰ বাবে এইবাৰ এই দিনটো উদযাপনৰ ভিন্ন ৰুচিৰ ব্যৱস্থা কৰা হৈছে। খাদ্য, মনোমোহা পৰিৱেশ আৰু সংগীতৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটা এই পদক্ষেপে প্ৰতিটো যুগলকে নিজৰ পছন্দ অনুসৰি বিশেষ মুহূৰ্তবোৰ উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিব।


১৮৮ ডাউনটাউনত হোটেল কৰ্তৃপক্ষই আয়োজন কৰিব 'চিক্স শ্বেডছ অফ লাভ’ শীৰ্ষক ছটা পৰ্যায়ৰ এক বিশেষ ইণ্ডিয়ান ফিউজন ডাইনিং অভিজ্ঞতা। আধুনিক ভাৰতীয় সোৱাদৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই মেনুখন এক নিৰিবিলি আৰু আপোন পৰিৱেশত নৈশ আহাৰ গ্ৰহণৰ বাবে যুগুত কৰা হৈছে। সন্ধিয়া ৭:০০ বজাৰ পৰা নিশা ১১:০০ বজালৈ উপলব্ধ হ’বলগীয়া এই ব্যৱস্থাত সুস্বাদু খাদ্যৰ সৈতে পানীয়ৰো এক সুন্দৰ সংমিশ্ৰণ থাকিব।


একেদৰে হোটেলখনৰ ৰুফটপত থকা স্কাইত মুকলি আকাশৰ তলত 'আণ্ডাৰ দা ষ্টাৰ্ছ’ শীৰ্ষক এক বিশেষ নৈশ আহাৰৰ ব্যৱস্থা কৰিব নভোটেল কৰ্তৃপক্ষই। পাঁচটা পৰ্যায়ৰ সমসাময়িক খাদ্যৰ মেলাৰে সমৃদ্ধ এই অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ হ’ব মহানগৰীৰ আকাশৰ সৌন্দৰ্য। যিসকল অতিথিয়ে শান্ত আৰু অতি ধুনীয়াকৈ নিজৰ দিনটো অতিবাহিত কৰিব বিচাৰে, তেওঁলোকৰ বাবে ইয়াত স্পাৰ্কলিং ৱাইনৰ ব্যৱস্থাও কৰা হৈছে।


যিসকল অতিথিয়ে বিবিধ খাদ্যৰ জুতি আৰু এক সামাজিক পৰিৱেশ পছন্দ কৰে, তেওঁলোকৰ বাবে নভোটেলৰ দিনটোৰ সকলো সময়তে খোলা থকা ৰেষ্টুৰেণ্ট 'দা স্কোৱাৰ'ত আগবঢ়োৱা হ’ব এক বিশেষ ভেলেণ্টাইন ডে' বাফে। এই বিশাল খাদ্য সম্ভাৰত আন্তৰ্জাতিক ব্যঞ্জনৰ লগতে লাইভ ফুড কাউণ্টাৰ আৰু থিমভিত্তিক বিশেষ মিঠাইৰ ব্যৱস্থা কৰা হৈছে, য’ত মূলত একেলগে আহাৰ গ্ৰহণ আৰু আপোনজনৰ সৈতে সময় কটোৱাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।


ইফালে, মল্টত আয়োজন কৰা হ’ব "ক্ৰিমছন নাইটছ" নামৰ এক লেট-ইভেনিং ৱাইন আৰু এপটাইজাৰ অভিজ্ঞতা। এই বিশেষ ব্যৱস্থাত অতিথিসকলে অসীমিত ৰেড ৱাইনৰ লগতে বিভিন্ন ধৰণৰ লঘু আহাৰৰ জুতি ল’ব পাৰিব। দিনটোৰ অন্তত আৰামদায়ক লাউঞ্জ শৈলীত সময় অতিবাহিত কৰিব বিচৰা প্ৰেমিক যুগলসকলৰ বাবে এয়া হ’ব এক উপযুক্ত বিকল্প।


ভেলেণ্টাইন ডে’ৰ এই বিশেষ পদক্ষেপ সন্দৰ্ভত নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ বিনীত কুমাৰ মিশ্ৰই কয়, “ভেলেণ্টাইন ডে’ৰ অৰ্থ ভিন ভিন ব্যক্তিৰ বাবে পৃথক হ’ব পাৰে। কোনোবাই যদি নিৰিবিলি নৈশ আহাৰ বিচাৰে, আন কোনোবাই আকৌ সামাজিক পৰিৱেশত সময় কটাই ভাল পায়। আমাৰ এই বৈচিত্ৰ্যময় আয়োজনৰ মূল উদ্দেশ্য হ’ল গ্ৰাহকক পছন্দৰ সুযোগ দিয়া আৰু এনে এক আৰামদায়ক পৰিৱেশ সৃষ্টি কৰা, য’ত সকলোৱে নিজৰ ধৰণে আপোনজনৰ সৈতে মানসম্পন্ন সময় অতিবাহিত কৰিব পাৰে।”


নভোটেল গুৱাহাটীয়ে লগতে কয় যে এই পদক্ষেপৰ জৰিয়তে কেৱল এটা নিৰ্দিষ্ট সাঁচত উদযাপন কৰাৰ পৰিৱৰ্তে গ্ৰাহকৰ পছন্দক অগ্ৰাধিকাৰ দি ভিন্ন অভিজ্ঞতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। ইতিমধ্যে ভেলেণ্টাইন ডে’ৰ এই বিশেষ মুহূৰ্তসমূহৰ বাবে আসন সংৰক্ষণ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। এই সন্দৰ্ভত অধিক জানিবলৈ বা বুকিঙৰ বাবে আগ্ৰহীসকলে +৯১ ৭৫৭৮০ ০০০৫১১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here