W7s news,,গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী ২০২৬,,গুৱাহাটীত দেশজোৰা ফিট ইণ্ডিয়া আন্দোলনৰ অংশ হিচাপে অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ বীৰুবাৰীৰ আৰ্য বিদ্যাপীঠ কলেজ খেলপথাৰত ফিট ইণ্ডিয়া কাৰ্নিভেল ২০২৬ আয়োজন কৰা হ’ব। ২০১৯ চনৰ ২৯ আগষ্টত মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা ফিট ইণ্ডিয়া আন্দোলনে ফিটনেছক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ আৰু শাৰীৰিকভাৱে সক্ৰিয় সমাজ এখনৰ প্ৰসাৰৰ বাবে চেষ্টা কৰিছে।
দেশৰ অন্যতম বৃহৎ ফিটনেছ উদযাপন হিচাপে স্বীকৃতিপ্ৰাপ্ত ফিট ইণ্ডিয়া কাৰ্নিভেলে বিগত ২০২৫ চনত নতুন দিল্লীত ব্যাপক সফলতা অৰ্জন কৰিছিল। এই দেশব্যাপী সম্প্ৰচাৰৰ অংশ হিচাপে ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক জীৱনৰ সৈতে ফিটনেছক সাঙুৰি এক সুকীয়া আঞ্চলিক সোৱাদেৰে এই কাৰ্নিভেলৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ কাৰ্যসূচীৰ জৰিয়তে আয়োজকে শাৰীৰিক সবলতা, মানসিক সুস্থতা, পুষ্টি সজাগতা আৰু পৰম্পৰাগত ক্ৰীড়াক প্ৰসাৰ কৰাৰ চেষ্টা কৰিছে।
এই তিনিদিনীয়া কাৰ্যসূচীত সকলো বয়সৰ অংশগ্ৰহণকাৰীৰ বাবে জুম্বা, যোগাসন কৰ্মশালা, ব্যায়াম, ফিটনেছ চেলেঞ্জ আৰু প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত পৰম্পৰাগত খেলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ্নিভেলত আঠখন ৰাজ্যক প্ৰতিনিধিত্ব কৰি উত্তৰ-পূবৰ সাংস্কৃতিক প্ৰদৰ্শন, লাইভ বিহু পৰিবেশন, অসমীয়া, হিন্দী আৰু ইংৰাজী গীতৰ সৈতে বেণ্ড পৰিবেশন আদিও প্ৰদৰ্শন কৰা হ’ব। অনুষ্ঠানৰ সন্দৰ্ভত ছাই গুৱাহাটীৰ কৰ্তৃপক্ষই কয়, “ফিট ইণ্ডিয়া কাৰ্নিভেল ২০২৬ মাথোঁ এক কাৰ্যসূচী নহয়। আমাৰ উদ্দেশ্য হৈছে সকলোকে শাৰীৰিক স্বাস্থ্যক অগ্ৰাধিকাৰ দি সুস্থতাক উদযাপন কৰিবলৈ অনুপ্ৰাণিত কৰা। আমি সকলোকে ফিটনেছৰ এই সামূহিক উদযাপনত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।”
এই অনুষ্ঠানত সমগ্ৰ অসম তথা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰী, পৰিয়াল আৰু ফিটনেছ অনুৰাগীসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
ইভেন্টৰ বিৱৰণ:
স্থান: আৰ্য্য বিদ্যাপীঠ কলেজ খেলপথাৰ, বিৰুবাৰী, গুৱাহাটী
তাৰিখ: ২৬ – ২৮ ফেব্ৰুৱাৰী, ২০২৬
সময়: পুৱা ১১:০০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ

No comments:
Post a Comment