দীৰ্ঘতম, বহল আৰু আটাইতকৈ ওখ- ডি-ছেগমেণ্টৰ আন এছ ইউ ভিতকৈ ই আকাৰত বহু ডাঙৰ
• এই শ্ৰেণীৰ বাহনৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে ইয়াত আছে ‘ট্ৰিপল ডিফাৰেন্সিয়েল লক’ (সন্মুখত, পিছফালে আৰু মাজত) আৰু ১০ বিধ ভিন্ন পথৰ বাবে উপযোগী ৪ ডব্লিউ ডি চিষ্টেম; যিয়ে অফ-ৰোড আৰু চহৰৰ পথ- দুয়োটাতে দিব শ্ৰেষ্ঠ অভিজ্ঞতা
• অতি দুৰ্গম পথতো গাড়ীখন নিয়ন্ত্ৰণত ৰাখিবলৈ ইয়াত আছে ‘ক্ৰ’ল কণ্ট্ৰ’ল মোড’
• ‘লেভেল ২ এ ডি এ এছ’ সুৰক্ষা ব্যৱস্থা থকা ভাৰতৰ প্ৰথমখন ডি+ এছ ইউ ভি
• চালকৰ সুবিধাৰ বাবে বিশেষ ‘মেম’ৰী’ থকাৰ লগতে সন্মুখৰ আসনত আছে বতাহ চলাচল কৰা আৰু মালিচৰ বিশেষ সুবিধা
• ২২০ ভল্টৰ পাৱাৰ আউটলেট, দুটাকৈ ৱায়াৰলেছ চাৰ্জাৰ আৰু তিনিটা পৃথক অংশত এচি নিয়ন্ত্ৰণ কৰাৰ সুবিধা
• ‘অটো হোল্ড’ সুবিধা থকা ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক আৰু অত্যাধুনিক গিয়াৰ চিফ্টাৰ
• ২.০ লিটাৰৰ শক্তিশালী টুইন-টাৰ্বো ডিজেল ইঞ্জিন; ২ডব্লিউ ডি আৰু উন্নত ৪ডব্লিউ ডি সংস্কৰণৰ বাবে আছে শ্ৰেষ্ঠ ৮-স্পীড অটোমেটিক ট্ৰেন্সমিছন
• নিজৰ শ্ৰেণীৰ ভিতৰত আটাইতকৈ শক্তিশালীঃ ২১৫.৫ পি এছ পাৱাৰ আৰু ৪৭৮.৫ এনএম টৰ্ক
• ২১৯ মিলিমিটাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স** আৰু ৮১০ মিলিমিটাৰ দ পানীৰ মাজেৰে অনায়াসে চলিব পৰা ক্ষমতা
• ৫-৫-৫ অফাৰৰ সৈতে সম্পূৰ্ণ নিশ্চিন্ততাৰ প্ৰতিশ্ৰুতিঃ ৫ বছৰৰ আনলিমিটেড কিলোমিটাৰ ৱাৰেণ্টি, ৫ বছৰৰ ৰোড-চাইড এছিষ্টেন্স আৰু ৫ টা লেবাৰ-ফ্ৰী চাৰ্ভিচ
• কোনো যোগদান মাচুল অবিহনে আই চি আই চি আই বেংক এমেৰাল্ড ক্ৰেডিট কাৰ্ডৰ বাবে বিশেষ আমন্ত্ৰণ*
• প্ৰাৰম্ভিক গ্ৰাহকসকলৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত ডেলিভাৰী, এক্সক্লুছিভ প্ৰিভিউ আৰু আমন্ত্ৰণমূলক ড্ৰাইভৰ অভিজ্ঞতা
উৎকৃষ্ট প্ৰদৰ্শন আৰু উন্নত ৪x৪ ক্ষমতা প্ৰদৰ্শনৰ বাবে নিৰ্মিত এম জি মেজেষ্টৰে ইয়াৰ উদ্ভাৱন, প্ৰিমিয়াম বৈশিষ্ট্য, অত্যাধুনিক সুৰক্ষা আৰু স্থায়িত্বৰ জৰিয়তে নিৰ্ধাৰণ কৰিছে এক নতুন মাপকাঠি
গ্ৰাহকসকলে এতিয়া এই আটাইতকৈ সক্ষম আৰু আভিজাত্যপূৰ্ণ এছ ইউ ভি এম জি মেজেষ্টৰ প্ৰি-বুক কৰিব পাৰিব মাত্ৰ ৪১,০০০/- টকাত।
W7s news,,গুৰগাঁও, ১৬ ফেব্ৰুৱাৰী, ২০২৬: এক বলিষ্ঠ ব্যক্তিত্ব আৰু অদম্য আধিপত্যৰে ভৰা উন্নত জীৱনশৈলী বিচৰা গ্ৰাহকৰ বাবে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই দেশৰ বিলাসী বাহনৰ বজাৰত মুকলি কৰিছে ভাৰতৰ প্ৰথমখন ডি+ এছইউভি এমজি মেজেষ্টৰ। ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ ২০২৫-ত আত্মপ্ৰকাশ কৰাৰ পিছত, মেজেষ্টৰে এতিয়া ভাৰতীয় পথৰ বাবে উপযোগী এমজিৰ আটাইতকৈ শক্তিশালী আৰু প্ৰিমিয়াম এছ ইউ ভি হিচাপে কেন্দ্ৰীয় স্থান দখল কৰিছে। সৰ্বোচ্চ প্ৰদৰ্শন আৰু সকলো ধৰণৰ পথতে চলিব পৰা ক্ষমতাৰ বাবে নিৰ্মিত এই বাহনখনে বিলাসিতা আৰু সুৰক্ষাৰ এক নতুন নিদৰ্শন দাঙি ধৰিছে। ইয়াৰ উন্নত ৪x৪ প্ৰযুক্তি আৰু আধুনিক বৈশিষ্ট্যসমূহে এই শ্ৰেণীৰ বাহনৰ মানদণ্ড বহু ওপৰলৈ লৈ গৈছে। এতিয়াৰ পৰা মেজেষ্টৰৰ প্ৰি-বুকিং আৰম্ভ হৈছে আৰু ইয়াৰ সম্পূৰ্ণ মূল্য তথা বজাৰত কেতিয়া উপলব্ধ হ’ব, সেই বিষয়ে আনুষ্ঠানিক মুকলিৰ সময়তে জনোৱা হ’ব।
এই বিশেষ উপলক্ষে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই কয়, “ভাৰতৰ প্ৰিমিয়াম এছইউভি গ্ৰাহকসকলৰ পচন্দ এতিয়া দ্ৰুতগতিৰে সলনি হৈছে। তেওঁলোকে কেৱল বাহনখনৰ ভিতৰত মুকলি ঠাই নিবিচাৰে, বৰঞ্চ এনে এখন গাড়ী বিচাৰে যিয়ে তেওঁলোকৰ ব্যক্তিত্ব আৰু মৰ্যাদা প্ৰতিফলিত কৰে। এম জি মেজেষ্টৰৰ জৰিয়তে আমি এখন এনে এছ ইউ ভি সাজি উলিয়াইছোঁ, যি সক্ষমতাৰ দিশত অত্যন্ত শক্তিশালী আৰু আৰামৰ দিশত অত্যন্ত আভিজাত্যপূৰ্ণ। মেজেষ্টৰ আমাৰ বাবে এখন প্ৰকৃত পূৰ্ণদৈৰ্ঘ্যৰ এছ ইউ ভিৰ সেই দৃষ্টিভংগীৰ প্ৰতীক, য’ত আছে এক প্ৰভাৱশালী ব্যক্তিত্ব, উন্নত কাৰুকাৰ্য আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰা এক বিশেষত্ব।”
শক্তিশালী বাহ্যিক অবয়বঃ
২৯৫০ মিলিমিটাৰৰ এক বিশাল হুইলবেচৰ ওপৰত আধাৰিত মেজেষ্টৰে ইয়াৰ শ্ৰেণীৰ ভিতৰত আটাইতকৈ দীঘল (৫০৪৬ মিমি), বহল (২০১৬ মিমি) আৰু উচ্চতম (১৮৭০ মিমি) মাত্ৰাৰে নিজৰ আধিপত্য সাব্যস্ত কৰে। ইয়াৰ মজাইক মেট্ৰিক্স কম্বিনেশ্যন গ্ৰীল, ড্ৰেগন আইজ ডি আৰ এল, স্প্লিট হেডলেম্প, ছিকুৱেন্সিয়েল টাৰ্ন চিগনেলযুক্ত কানেক্টেড এলইডি টেইল লেম্প, ওখ হুড লাইন আৰু ১৯ ইঞ্চিৰ এলয় হুইলে বাহনখনক এক বলিষ্ঠ আৰু শক্তিশালী ৰূপ প্ৰদান কৰিছে। ইমানখিনিৰ পাছতো বাহনখনে এক আভিজাত্যপূৰ্ণ অবয়ব ধৰি ৰাখিছে যিয়ে চহৰৰ পথ বা হাইৱে’ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম।
বিলাসী অভ্যন্তৰীণ ভাগঃ
বাহনখনৰ ভিতৰভাগত প্ৰৱেশ কৰিলেই আপুনি লাভ কৰিব ক’লা ৰঙৰ থিমেৰে সজোৱা এক বিশাল আৰু আৰামদায়ক পৰিৱেশ, য’ত আছে উন্নত মানৰ চামৰাৰ ব্যৱহাৰ আৰু এক মসৃণ চেণ্টাৰ কনছোল। চালক আৰু সহ-যাত্ৰীৰ আসনত ভেণ্টিলেচন আৰু মালিচৰ সুবিধা থকাৰ লগতে আসনৰ অৱস্থান মনত ৰখাৰ বাবে মেম’ৰী ফাংচন আছে; এই আসনসমূহ কেইবাটাও দিশত (চালকৰ বাবে ১২ ধৰণে আৰু যাত্ৰীৰ বাবে ৮ ধৰণে) মিলাই ল’ব পাৰি। এক পেনোৰামিক চানৰুফে বাহনখনৰ ভিতৰভাগ পোহৰাই ৰাখে আৰু ৬৪ বিধ ৰঙৰ এম্বিয়েণ্ট লাইটিঙে পৰিৱেশটোক অধিক মনোগ্ৰাহী কৰি তোলে। লগতে তিনিটা পৃথক মণ্ডলৰ এচি ব্যৱস্থাই যাত্ৰীসকলৰ ব্যক্তিগত আৰাম নিশ্চিত কৰে।
৬ জনীয়া বা ৭ জনীয়া যাত্ৰীৰ আসনৰ সুবিধা থকা এই বাহনখন পৰিয়াল বা দুঃসাহসিক যাত্ৰা ভাল পোৱা লোকৰ বাবে অতি উপযোগী। ইয়াত থকা ১২.৩ ইঞ্চিৰ দুটাকৈ ডিচপ্লে’ই (ইন্সট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু ইনফোটেইনমেণ্ট) ৱায়াৰলেছ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে’ চাপৰ্ট কৰে। প্ৰতিবাৰৰ যাত্ৰাক কাৰিকৰীভাৱে আগবঢ়াই নিবলৈ ইয়াত আছে জেবিএলৰ ১২ টা স্পীকাৰযুক্ত ছাউণ্ড চিষ্টেম, দুটাকৈ ৱায়াৰলেছ চাৰ্জাৰ, ২২০ ভল্টৰ আউটলেট আৰু ৭৫ টাতকৈও অধিক আই-স্মাৰ্ট কানেক্টেড বৈশিষ্ট্য।
অফ-ৰোড পাৰদৰ্শিতাঃ
মেজেষ্টৰৰ মূল শক্তি ইয়াৰ শক্তিশালী এছইউভি ইঞ্জিনিয়াৰিং, য’ত ব্যৱহাৰ কৰা হৈছে এটা ২.০ লিটাৰৰ টুইন-টাৰ্বো ডিজেল ইঞ্জিন। এই ইঞ্জিনে ২ডব্লিউডি আৰু উন্নত ৪ডব্লিউডি- দুয়োটা সংস্কৰণতে শ্ৰেষ্ঠ ৮-স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ সৈতে নিজৰ শ্ৰেণীৰ ভিতৰত সৰ্বাধিক ২১৫.৫ পিএছ শক্তি আৰু ৪৭৮.৫ এনএম টৰ্ক উৎপন্ন কৰে। ইয়াৰ ১০ বিধ অফ-ৰোড মোডযুক্ত উন্নত ৪ডব্লিউডি ব্যৱস্থাই চহৰৰ মসৃণ যাত্ৰা আৰু দুৰ্গম পথৰ দুৰ্ধৰ্ষ শক্তিৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰে।
অটো মোডত বাহনখনে সাধাৰণ পৰিস্থিতিত বুদ্ধিমত্তাৰ সহায়ত ২ডব্লিউডি-ত চলে আৰু চকাৰ ঘৰ্ষণ হ্ৰাস পোৱাৰ উমান পালেই স্বয়ংক্ৰিয়ভাৱে ৪ডব্লিউডি-লৈ পৰিৱৰ্তিত হয়। ই দৈনিক ব্যৱহাৰৰ সময়ত ইন্ধনৰ ৰাহি নিশ্চিত কৰাৰ লগতে প্ৰয়োজনৰ সময়ত অফ-ৰোড ক্ষমতা বৃদ্ধি কৰে। এই বিশেষ মোডটো বৰষুণ, বৰফ আৰু পিছল পথত অধিক গতিৰে চলিবলৈ বিশেষভাৱে কাৰ্যকৰী।
নিজৰ শক্তিশালী পৰিচয় অধিক দৃঢ় কৰি মেজেষ্টৰে এই ছেগমেণ্টত প্ৰথমবাৰৰ বাবে সন্মুখত, পিছফালে আৰু মাজত ডিফাৰেন্সিয়েল লকৰ সুবিধা আগবঢ়াইছে। ইয়াৰ ফলত এটা বা তাতকৈ অধিক চকা মাটিৰ পৰা ওপৰলৈ উঠি গ’লে বা পিছলি গ’লেও বাহনখনে চৰম সংকটজনক পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰে। লগতে ক্ৰ’ল কণ্ট্ৰ’ল মোড, ২১৯ মিমি গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু ৮১০ মিমি দ পানীৰ মাজেৰে চলিব পৰা ক্ষমতাৰে মেজেষ্টৰক চৰম দুৰ্গম পথতো দীৰ্ঘস্থায়ী আৰু নিৰ্ভৰযোগ্য হ’বলৈ নিৰ্মাণ কৰা হৈছে।
উচ্চমানৰ সুৰক্ষাঃ
সুৰক্ষাৰ দিশটো এমজি মেজেষ্টৰৰ এক অন্যতম মূল স্তম্ভ হিচাপে পৰিগণিত হৈছে। এই এছইউভিখনত লেভেল ২ এডিএএছ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে বিভিন্ন পৰিস্থিতিত চালকক ষ্টিয়েৰিং, ব্ৰেক আৰু গতি নিয়ন্ত্ৰণত সহায় কৰি আত্মবিশ্বাস বৃদ্ধি কৰে। ইয়াৰ উপৰিও বাহনখনত ৩৬০ ডিগ্ৰী এইচডি কেমেৰা, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰাম (ইএছপি), এণ্টি-লক ব্ৰেকিং চিষ্টেম(এ বি এছ), ইলেক্ট্ৰনিক ব্ৰেকফৰ্চ ডিষ্ট্ৰিবিউচন (ই বি ডি), ট্ৰেকশ্বন কণ্ট্ৰ’ল চিষ্টেম (টি চি এছ) আৰু ৰোল মুভমেণ্ট ইণ্টাৰভেনশ্বনৰ (আৰ এম আই) দৰে বহুতো উন্নত সুৰক্ষা বৈশিষ্ট্য আছে।
এমজি মেজেষ্টৰ বাহনখন ২ডব্লিউ ডি আৰু ৪ ডব্লিউ ডি ড্ৰাইভট্ৰেইনৰ সৈতে শ্বাৰ্প আৰু চেভী ভেৰিয়েণ্টত উপলব্ধ হ’ব। গ্ৰাহকৰ বাবে পাৰ্ল হোৱাইট, কংক্ৰীট গ্ৰে, মেটেল ব্লেক আৰু মেটেল এছ- এই চাৰিটা ৰঙত বাহনখন পোৱা যাব। মেজেষ্টৰৰ জৰিয়তে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই শক্তিশালী ক্ষমতা, বিলাসিতা, বুদ্ধিমত্তাসম্পন্ন প্ৰযুক্তি আৰু দীৰ্ঘস্থায়ী নিৰ্ভৰযোগ্যতাক একেলগ কৰি ভাৰতৰ বৃহৎ প্ৰিমিয়াম এছইউভিৰ বজাৰত এক নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে। ইয়াৰ মূল্য আৰু বজাৰত উপলব্ধতাৰ বিষয়ে মুকলিৰ সময়তে ঘোষণা কৰা হ’ব।
সম্পূৰ্ণ নিশ্চিন্ততাঃ
এম জিৰ কমপ্লিট পিচ অৱ মাইণ্ড প্ৰগ্ৰামৰ অংশ হিচাপে মেজেষ্টৰৰ সৈতে এক বিশেষ ৫-৫-৫ অফাৰ আগবঢ়োৱা হৈছে, য’ত আছে ৫ বছৰৰ আনলিমিটেড কিলোমিটাৰ ৱাৰেণ্টি, ৫ বছৰৰ ৰোড-চাইড এছিষ্টেন্স আৰু ৫ টা লেবাৰ-ফ্ৰী চাৰ্ভিচ। ইয়াৰ উপৰিও আই চি আই চি আই বেংকৰ সৈতে থকা অংশীদাৰিত্বৰ জৰিয়তে গ্ৰাহকসকলে কোনো যোগদান মাচুল নোহোৱাকৈ আই চি আই চি আই এমেৰাল্ড ক্ৰেডিট কাৰ্ডৰ বাবে বিশেষ আমন্ত্ৰণ লাভ কৰিব*। প্ৰাৰম্ভিক গ্ৰাহকসকলে অগ্ৰাধিকাৰ ভিত্তিত ডেলিভাৰী পোৱাৰ লগতে ২০২৬ চনৰ মাৰ্চ মাহত নিৰ্বাচিত চহৰত বিশেষ প্ৰদৰ্শনী আৰু মেজেষ্টৰৰ গৰাকীসকলৰ বাবে আয়োজিত বিশেষ ড্ৰাইভত অংশগ্ৰহণৰ সুযোগ পাব।
১২ ফেব্ৰুৱাৰী ২০২৬ৰ পৰা ৪১,০০০ টকাৰ বিনিময়ত www.mgmotor.co.in ৱেবছাইটত ইয়াৰ প্ৰি-বুকিং আৰম্ভ হৈছে। ২০২৬ চনৰ এপ্ৰিল মাহত বাহনখনৰ মূল্য ঘোষণা কৰাৰ লগতে শ্ব’ৰুমত প্ৰদৰ্শনী আৰু টেষ্ট ড্ৰাইভ আৰম্ভ হ’ব আৰু মে’ মাহৰ পৰা গ্ৰাহকক ডেলিভাৰী দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
*T&C Apply
**Ground Clearence 4x2

No comments:
Post a Comment