আই আই টি গুৱাহাটীত মিণ্ট্ৰা গ্লেমফেষ্ট ট্যুৰত আলোড়ন সৃষ্টি ছানৰ, ১৩ হাজাৰ দৰ্শকৰ আগমণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 1 February 2026

আই আই টি গুৱাহাটীত মিণ্ট্ৰা গ্লেমফেষ্ট ট্যুৰত আলোড়ন সৃষ্টি ছানৰ, ১৩ হাজাৰ দৰ্শকৰ আগমণ

 


-         মিন্ট্ৰা  এক্সপিৰিয়েন্স‌ জ'ন, শিক্ষাৰ্থীৰ প্ৰদৰ্শনী, আৰু ফেশ্বনধৰ্মী কাৰ্যকলাপে কেম্পাছৰ এংগেজমেন্টক  এক  নতুন মাত্ৰা প্ৰদান কৰে


-        বহুকেইটা জনপ্ৰিয়  গীত পৰিবেশনেৰে সকলোকে সমস্বৰে গাবলৈ উৎসাহিত কৰি  অনুষ্ঠানটোক  জিপাল কৰি  তোলে ছানে


W7s news গুৱাহাটী: আই আই টি গুৱাহাটীৰ আইকনিক বাৰ্ষিক সাংস্কৃতিক মহোৎসৱ আলচেৰিংগাৰ সহযোগত মিণ্ট্ৰাই ১ ফেব্ৰুৱাৰীত কেম্পাছ উদযাপনৰ জৰিয়তে উত্তৰ-পূবলৈ কঢ়িয়াই আনে মিন্ট্ৰা গ্লেমফেষ্ট ট্যুৰ। ভাৰতৰ অন্যতম প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ সজীৱ পটভূমিত অনুষ্ঠিত এই অনুষ্ঠানত ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু সংগীতপ্ৰেমীৰ  উপস্থিতি দেখিবলৈ পোৱা যায়, যিয়ে কেম্পাছটোক ফেশ্বন আৱিষ্কাৰ, লাইভ মনোৰঞ্জন, আৰু যুৱ সংস্কৃতিৰ এক গতিশীল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে।


 


গুৱাহাটী সংস্কৰণত গোটেই দিনটো দৰ্শকৰ সমাগম দেখিবলৈ পোৱা যায়, য’ত ছাত্ৰ-ছাত্ৰীসকলে ফেশ্বনধৰ্মী কাৰ্যসূচী, কেম্পাছ প্ৰদৰ্শনী, আৰু ইন্টাৰেক্টিভ অভিজ্ঞতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। পাৰস্পৰিক কাৰ্য-কলাপ, ষ্টাইলিং মুহূৰ্ত, আৰু দৃশ্যমান ইনষ্টলেচনৰ মিশ্ৰণ আগবঢ়াই  মিন্ট্ৰা এক্সপিৰিয়েন্স জ'নে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে, যিয়ে অন্বেষণ আৰু আত্ম-প্ৰকাশক উৎসাহিত কৰে। কেম্পাছত অনুষ্ঠিত পৰিবেশন আৰু প্ৰদৰ্শনীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক উজ্জ্বল কৰি তোলে, আনহাতে পুৰস্কাৰৰ ব্য থকা কাৰ্য্যকলাপে অন-গ্ৰাউণ্ড অভিজ্ঞতাৰ পৰা মিন্ট্ৰাৰ ডিজিটেল পৰিৱেশ তন্ত্ৰলৈকে বিস্তৃত নিৰৱচ্ছিন্ন সংযোগ সক্ষম কৰে।


 


সন্ধিয়া  জনপ্ৰিয় কন্ঠশিল্পী ছানৰ লাইভ পৰিবেশনেৰে  অনুষ্ঠানটোৰ  সামৰণি পৰে। তেওঁৰ সংগীতানুষ্ঠানে সমগ্ৰ কেম্পাছৰ ছাত্ৰ-ছাত্ৰীৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰে। আইকনিক আৰু সকলোৰে প্ৰিয় কেইবাটাও গীত পৰিবেশনেৰে কম সময়তে উপস্থিত সকলোকে গীতেৰে মোহাচ্ছন্ন কৰি সমস্বৰে গাই গণ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰি সন্ধিয়াটো স্মৰণীয় কৰি তোলে।


 


মিন্ট্ৰা গ্লেমফেষ্ট ট্যুৰ সন্দৰ্ভত মন্তব্য কৰি ব্ৰেণ্ডৰ জ্যেষ্ঠ সঞ্চালক অভিষেক গৌৰে কয়, “যুৱক-যুৱতীসকলেৰে সংযোগ স্থাপনৰ আমাৰ ধৰণ গতানুগতিক ব্ৰেণ্ড আলোচনাৰ বিপৰীতে এনে এক ফৰ্মেটলৈ সলনি হৈছে, যি অনুভৱ আৰু সমুদায়ৰ ওপৰত আধাৰিত। আই আই টি গুৱাহাটীৰ আলচেৰিংগাত মিন্ট্ৰা গ্লেমফেষ্ট ট্যুৰৰ জৰিয়তে কেম্পাছ  পৰিৱেশৰ বাবে উপযোগী হোৱাকৈ যুৱ দৰ্শকৰ সৈতে একাত্ম হওঁ আৰু ইয়াত জেন জিয়ে ফেশ্বনৰ সৈতে কেনেকৈ যোগাযোগ কৰে সেয়া প্ৰদৰ্শন কৰা হয়, যাৰ জৰিয়তে ট্ৰেণ্ড আৱিষ্কাৰক অধিক সহজ, সামাজিক আৰু গভীৰভাৱে অনুৰণনশীল কৰি তোলা  হয় ।”


কলকাতা আৰু গুৱাহাটীত সফল সংস্কৰণৰ পিছত, মিণ্ট্ৰা গ্লেমফেষ্ট ট্যুৰে দেশজুৰি কলেজ চৌহদসমূহত ইয়াৰ যাত্ৰা অব্যাহত ৰাখিব আৰু সংস্কৃতি, সৃষ্টিশীলতা, আৰু অংশগ্ৰহণৰ ওপৰত আধাৰিত নিমজ্জিত, সম্প্ৰদায়-প্ৰথম অভিজ্ঞতাৰ জৰিয়তে জেন জিৰ মাজত মিন্ট্ৰাৰ  উপস্থিতি শক্তিশালী কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here