বিকশিত ভাৰত ২০৪৭ৰ কেন্দ্ৰবিন্দু অসমৰ যুৱশক্তি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 16 January 2026

বিকশিত ভাৰত ২০৪৭ৰ কেন্দ্ৰবিন্দু অসমৰ যুৱশক্তি*


 *

W7s news,,*গুৱাহাটী, জানুৱাৰী ১৬, ২০২৬:* দীৰ্ঘস্থায়ী নীতিগত গুৰুত্ব, উদ্যোগসমূহৰ সক্ৰিয় অংশগ্ৰহণ আৰু দক্ষতা উন্নয়নৰ সুদৃঢ় সহায় লাভ কৰিলে অসমৰ যুৱসমাজে উদ্যোগীকৰণৰ ক্ষেত্ৰত এক শক্তিশালী চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰি কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰিব বুলি শেহতীয়াকৈ ACTION এনজিঅ’ আৰু Forum for Indian Journalists on Education, Environment, Health & Agriculture (FIJEEHA)-ৰ উদ্যোগত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ National Service Scheme (NSS) Cell-ৰ সহযোগিতাত আৰু Cairn Oil & Gas-ৰ সমৰ্থনত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত 'Assam’s Youth and Viksit Bharat 2047: Pathways to Industrialisation, Employment and Entrepreneurship' শীৰ্ষক এক অনলাইন ৱেবিনাৰত বিশেষজ্ঞসকলে এইবুলি মত প্ৰকাশ কৰে। 


অসমৰ উন্নয়নৰ দিশত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশত যুৱ সমাজে আগভাগ লয়  বুলি বক্তাসকলে উল্লেখ কৰি কয় যে এই শক্তিশালী জনসংখ্যাগত সুবিধাক দীঘলীয়া অৰ্থনৈতিক বিকাশলৈ ৰূপান্তৰ কৰিব পাৰি। এই আলোচনা যুৱনেতৃত্বাধীন বিকাশৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি কোৱা হয়। Viksit Bharat Young Leaders Dialogue 2026ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা বক্তব্যৰ প্ৰসংগ উল্লেখ কৰি বক্তাসকলে কয় যে আগন্তুক দুটা দশকত অসমৰ অৰ্থনৈতিক ৰূপান্তৰত ৰাজ্যখনৰ যুৱসমাজে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।


ৱেবিনাৰত ভাষণ প্ৰদান কৰি Indian Chamber of Commerce-ৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহী বিষয়া প্ৰাণজিৎ তামুলীয়ে উদ্যোগসমূহৰ দীৰ্ঘম্যাদী উন্নয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে  উদ্যোগসমূহে দীৰ্ঘম্যাদীভাৱে ৰাজ্যখনৰ সৈতে জড়িত থাকিলে উদ্যোগগত বিকাশে স্থানীয় কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰি তুলিব।


শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভূমিকাৰ কথা উল্লেখ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা NSS Cell ৰ ড° ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে যুৱ উন্নয়ন কেৱল শৈক্ষিক শিক্ষাত সীমাবদ্ধ থাকিব নালাগে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ প্ৰসংগ উত্থাপন কৰি কয় যে দক্ষতা উন্নয়ন, অভিজ্ঞতাভিত্তিক শিক্ষা আৰু ব্যৱহাৰিক জ্ঞানৰ ওপৰত নীতিখনৰ গুৰুত্বই শিক্ষাৰ সৈতে কৰ্মযোগ্যতাৰ মাজৰ ব্যৱধান হ্ৰাস কৰাত সহায় কৰিব।


স্বতন্ত্ৰ সাংবাদিক চন্দ্ৰাণী সিনহাই অসমৰ ক্ষেত্ৰত এক উদীয়মান ধাৰাৰ কথা উল্লেখ কৰি কয় যে উদ্যোগ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অধিক অনুকূল পৰিৱেশ সৃষ্টি হোৱাৰ ফলত বহু যুৱক-যুৱতী পুনৰ ৰাজ্যখনলৈ উভতি আহিছে। গুৱাহাটীস্থিত বস্ত্ৰ উদ্যোগী প্ৰিয়ংকা ডি. পাটৱাৰীয়ে কয় যে সঠিক উদ্যোগী পৰিৱেশ থাকিলে অসমৰ যুৱসমাজে স্থানীয়ভাৱে কৰ্মসংস্থাপন সৃষ্টি কৰা উদ্যোগ গঢ়ি তুলিব পাৰে।


যোৰহাটৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ মৃগাংকু বাহকে বিকাশ অন্তৰ্ভুক্তিমূলক হোৱাটো অত্যাৱশ্যক বুলি উল্লেখ কৰি কয় যে উদ্যোগগত অগ্ৰগতিয়ে যেতিয়া গাঁও আৰু আধা-নগৰীয়া সমাজসমূহকো শক্তিশালী কৰে, তেতিয়াহে বিকাশ সঁচা অৰ্থত প্ৰভাৱশালী হয়।


ৱেবিনাৰখনত যুৱসমাজ, শিক্ষাক্ষেত্ৰ, উদ্যোগ আদি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে, সৰূপথাৰত ডিজিটেল ক্লাছৰুম স্থাপন, মহাবিদ্যালয়সমূহত মানসিক সুস্থতা বিষয়ক সচেতনতা কাৰ্যসূচী, ফুটবল আৰু ক্ৰিকেট প্ৰতিযোগিতা আয়োজনৰ জৰিয়তে ক্ৰীড়াৰ প্ৰচাৰ, আৰু BWF World Junior Badminton Championship-ৰ দৰে ক্ৰীড়া বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ মাধ্যমেৰে কেইৰ্ণৰৰ দৰে কোম্পানীসমূহে যুৱ প্ৰজন্মৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানসমূহো বক্তাসকলে উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here