গুৱাহাটীত পিয়াজিঅ’ৰ নতুন ডীলাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 19 January 2026

গুৱাহাটীত পিয়াজিঅ’ৰ নতুন ডীলাৰ মুকলি

 

W7s news,,গুৱাহাটী, ১৯ জানুৱাৰী: ইটালীৰ অট’ম’বাইল প্ৰতিষ্ঠান পিয়াজিঅ’ গ্ৰুপৰ ১০০ শতাংশ অংশীদাৰী প্ৰতিষ্ঠান পিয়াজিঅ’ ভেহিকলছ প্ৰাইভেট লিমিটেডে সোমবাৰে গুৱাহাটীত দ্বিতীয়টো ডীলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ভেছপা আৰু এপ্ৰিলিয়া বাহন দুখনেৰে গ্ৰাহকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰা প্ৰতিষ্ঠানটোৱে এই নতুন ডীলাৰৰ জৰিয়তে পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ নতুনকৈ মুকলি কৰা ভাগৱতী অট’ম’বাইল ডীলাৰটোত পিয়াজিঅ’ৰ বাহনসমূহ ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে৷ এই নতুন ডীলাৰটো মুকলি কৰে পিয়াজিঅ’ ইণ্ডিয়াৰ দুচকীয়া ঘৰুৱা ব্যৱসায়ী শাখাৰ ই ভি পি অজয় ৰঘুবংশী আৰু ভাগৱতী অট’ম’বাইলৰ পৰিচালন সঞ্চালক ৰাতুল এ ভাগৱতীয়ে৷ গুৱাহাটীৰ নাৰেংগী পথত প্ৰায় ৰ,৬০০ বৰ্গফুট এলেকাত এই ডীলাৰটো মুকলি কৰা হৈছে৷ প্ৰিমিয়াম গ্ৰাহকসকলক পিয়াজিঅ’ৰ বাহনসমূহ যোগান ধৰাৰ বাবে অত্যাধুনিক সুবিধাৰে এই ডীলাৰটো মুকলি কৰা হয়৷ এই সন্দৰ্ভত অজয় ৰঘুবংশীয়ে কয় যে তেওঁলোকৰ বাবে অসম হৈছে এখন গুৰুত্বপূৰ্ণ বজাৰ৷ নতুন ডীলাৰটো মুকলিয়ে উত্তৰ-পূৰ্বাঞ্চলত তেওঁলোকৰ পৰিসৰ বৃদ্ধি কৰিব বুলি আশাবাদী বিষয়াগৰাকী৷ পিয়াজিঅ’ গ্ৰুপৰ দৰে এটা ব্ৰেণ্ডৰ সৈতে সহযোগিতা স্থাপন কৰি গ্ৰাহকসকলক উন্নত মানৰ দুচকীয়া বাহন যোগান ধৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৰাতুল ভাগৱতীয়ে

৷ মুকলি অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু কণ্ঠশিল্পী দীপলীনা ডেকা উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here