এইবাৰ বৰপেটাত অনুষ্ঠিত হ'ব 'গানৰ দিন' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 9 January 2026

এইবাৰ বৰপেটাত অনুষ্ঠিত হ'ব 'গানৰ দিন'

 


W7s news গুৱাহাটী: বিশিষ্ট শিল্পী দিগন্ত ভাৰতীৰ সাংগীতিক জীৱন উদ্ যাপনৰ অংশস্বৰূপে বিগত কেইবছৰৰ দৰে এইবাৰো  ২০ জানুৱাৰীত গানৰ দিন কালচাৰেল ছ'চাইটিৰ  উদ্যোগত  'গানৰ দিন' উদযাপন কৰা হ'ব- শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে বিশিষ্ট সংগীতশিল্পী দিগন্ত ভাৰতীয়ে। তেওঁ লগতে কয়-  পোনপ্ৰথমবাৰৰ বাবে এইবাৰ গুৱাহাটীৰ বাহিৰত অৰ্থাৎ বৰপেটাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে 'গানৰ দিন' উদযাপন কৰা হ'ব । কাৰ্যসূচী অনুসৰি ২০ জানুৱাৰীৰ পুৱা ১০-০০ বজাৰ পৰা সদৌ অসম ভিত্তিত আধুনিক গীতৰ কণ্ঠ সংগীত প্ৰতিযোগিতা আৰম্ভ হ'ব । কণ্ঠ সংগীত প্ৰতিযোগিতাখন দুটা শাখাৰ প্ৰতিযোগীৰ মাজত সীমাবদ্ধ থাকিব । ক- শাখা ৫ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিযোগীসকলৰ বাবে মুকলি থকাৰ বিপৰীতে খ-শাখা ১৪ বছৰ বয়সৰ পৰা ঊৰ্দ্ধৰ বয়সৰ প্ৰতিযোগীসকলৰ বাবে মুকলি থাকিব । উভয় শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক নগদ ধনসহ বঁটাৰে পুৰস্কৃত কৰা হ'ব । লগতে উভয় শাখাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীক 'গানৰ দিন' উদযাপনৰ সংগীতানুষ্ঠানত গীত পৰিৱেশনৰ লগতে দিগন্ত ভাৰতী সংগীত সংযোজিত অথবা সুৰাৰোপিত গীতত ক‍ণ্ঠ দানৰ সুযোগ প্ৰদান কৰা হ'ব । সিদিনা সন্ধিয়া ৫-৩০ বজাৰ পৰা সংগীতানুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ'ব । দিগন্ত ভাৰতী,ভাস্বতী ভাৰতীৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ঙ্কা ভৰালী আৰু নীল আকাশে সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব ।'

সংবাদ


মেলত 'গানৰ দিন' উদযাপনৰ উদ্যোক্তা ক্ৰমে প্ৰমথ ৰঞ্জন দাস,অশোক কুমাৰ দাস,পাৰ্থপ্ৰতিম দাস আৰু ছায়াৰাণী দত্ত উপস্থিত থাকে । 'গানৰ দিন' উদযাপনত ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here