চাৰিটা দশকৰ সহানুভূতিশীল চিকিৎসা সেৱাৰে জিএনআৰচি হাস্পতালে পালন কৰিলে ৪০তম প্রতিষ্ঠা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 5 January 2026

চাৰিটা দশকৰ সহানুভূতিশীল চিকিৎসা সেৱাৰে জিএনআৰচি হাস্পতালে পালন কৰিলে ৪০তম প্রতিষ্ঠা দিৱস

 


অত্যাধুনিক সা-সুবিধাৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা প্ৰদানত জিএনআৰচি হাস্পতাল সদায় প্রতিশ্রুতিবদ্ধ


W7s news গুৱাহাটী::: অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজলৈ ৩৯ বছৰৰ সহানুভূতিশীল সেৱা সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে আজি জিএনআৰচি হাস্পতাল দিছপুৰ শাখাত ৪০তম প্রতিষ্ঠা দিৱস পালন কৰা হয়। এই প্রতিষ্ঠা দিৱসত প্রতিষ্ঠানটোৰ যাত্রা, ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী কৰ্মচাৰী আৰু গুণগত স্বাস্থ্যসেৱা আৰু দুর্ঘটনাজনিত সজাগতা ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়।


এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গবেষণা বিভাগৰ আয়ুক্ত আৰু সচিব, ড° সিদ্ধার্থ সিংহ, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংচো আৰু জনপ্রিয় চেনেল ডি বাই ৩৬৫ ৰ মুখ্য সম্পাদক  অদীপ কুমাৰ ফুকন। তেওঁলোকে স্বাস্থ্যসেৱাত অত্যাধুনিক প্রযুক্তিৰ প্ৰয়োগ কৰি ৰাজ্যত তৃতীয় স্তৰৰ চিকিৎসা সেৱা শক্তিশালীকৰণত জিএনআৰচি হাস্পতালে আগবঢ়োৱা অনৱদ্য ভূমিকাৰ বিষয়ে নিজস্ব দৃষ্টিভংগী দাঙি ধৰে।


প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ চৰকাৰী বিষয়া, স্বাস্থ্যসেৱা পেছাদাৰী, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু কৰ্মচাৰীসকল একত্ৰিত হৈ ১৯৮৭ চনত আৰম্ভ হৈ আজি ৩৯ বছৰে অঞ্চলটোত ছুপাৰ-স্পেচিয়েলিটি স্বাস্থ্যসেৱাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা যাত্ৰাৰ বিষয়ে স্মৰণ কৰা হয়। দুর্লভ আধুনিক চিকিৎসা সেৱাসমূহ প্ৰৱৰ্তন কৰি অহাৰ বাবেই জিএনআৰচি হাস্পতাল দিছপুৰ শাখাক অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ছুপাৰ-স্পেচিয়েলিটি তৃতীয় স্তৰৰ চিকিৎসালয় হিচাপে স্বীকৃতি দিয়া হৈছে।


জিএনআৰচি হাস্পতাল দিছপুৰ শাখাৰ মুখ্য কার্যবাহী বিষয়া  কার্থিক পেৰিয়াসামীয়ে উপস্থাপন কৰা "জিএনআৰচি হাস্পতাল দিছপুৰ ২০২৫ যাত্রা” শীর্ষক ভিডিঅ'টি আছিল আজিৰ প্রতিষ্ঠা দিৱসৰ এক গুৰুত্বপূৰ্ণ মুহূর্ত। এই সময়ছোৱাত জিএনআৰচি দিছপুৰ শাখাৰ মুখ্য কাৰ্যকৰী বিষয়া ড° সুব্রত দেৱ ভাগৱতী আৰু জিএনআৰচি গ্রুপ অৱ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ড° আশীষ মালাকাৰো উপস্থিত আছিল।১৯৮৪ চনত গুৱাহাটীস্থিত মালিগাঁৱত এখন নিউৰ'লজী ক্লিনিকৰ শুভাৰম্ভ কৰা হৈছিল। ১৯৮৭চনৰ ১ জানুৱাৰীৰ পৰা নিউৰ'লজী, নিউৰ'ছাৰ্জাৰী আৰু ৰেডিঅ'লজীৰ সৈতে অঞ্চলটোত প্রথম চিটি স্কেন যন্ত্র স্থাপন কৰি ইয়াক উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম নিউৰ ছায়েন্স চেণ্টাৰ হিচাপে প্রতিষ্ঠা কৰা হয়। সেই সময়ত জিএনআৰচি হাস্পতালে মগজু আৰু ৰাজহাড়ৰ অস্ত্রোপচাৰসহ স্নায়ুবিক সমস্যাৰ চিকিৎসাৰ সুবিধা থকা একমাত্র স্বাস্থ্য প্রতিষ্ঠান আছিল। ১৯৯০ চনতউত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আইচিইউ স্থাপন কৰা হয় আৰু ১৯৯৫ চনত প্রথম এম আৰ এই সেৱা আৰম্ভ কৰা হয়।

২০০০ চনৰ ভিতৰত এই সৰু একক বিশেষজ্ঞ নিউৰ'ছায়েন্স চেণ্টাৰটো উত্তৰ-পূৰ্ব ভাৰতৰ প্রথম বহুবিশেষজ্ঞ চিকিৎসালয়লৈ উন্নীত হয়, য'ত অঞ্চলটোৰ প্ৰথম কেথলেব আৰু প্ৰথম ওপেন হার্ট ছাৰ্জাৰীৰ ৰেকৰ্ড স্থাপন কৰা হয়।


প্রতিষ্ঠা দিৱস উদ্ যাপনৰ সময়ছোৱাত জিএনআৰচি দিছপুৰ শাখাৰ ইণ্টাৰভেছনেল ৰেডিঅ'লজিষ্ট ডাঃ ফিৰদৌছ আহমেদক "ৰোগীৰ যত্ন আৰু ক্লিনিকেল” ফলাফললৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে "শ্রেষ্ঠ ৰোগীৰ ফলাফল বঁটা" প্রদান কৰা হয়। ডাঃ সৌৰভ কুমাৰ দাসক তেওঁৰ অস্ত্রোপচাৰৰ দক্ষতাৰ জৰিয়তে সৰ্বাধিক সংখ্যক ৰোগীক সেৱা আগবঢ়োৱাৰ বাবে সম্বর্ধনা আৰু বঁটা প্ৰদান কৰা হয়। প্রতিষ্ঠা দিৱসৰ অংশ হিচাপে আয়োজন কৰা বিভিন্ন আন্তঃপ্রতিষ্ঠানিক প্রতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্রদান কৰি কৰ্মচাৰীসকলৰ অংশগ্ৰহণ আৰু বিভাগসমূহৰ মাজত দলগত কামৰ স্বীকৃতি প্রদান কৰা হয়।


দিনটোৰ কাৰ্যসূচীত শৈক্ষিক গুৰুত্ব সংযোজন কৰি জিএনআৰচি হাস্পতালে সন্ধিয়া জিএনআৰচি দুর্ঘটনা সজাগতা আৰু প্ৰতিৰোধ মাহ (GNRC Trauma Awareness and Prevention Month) অংশ হিচাপে এখন অবিৰত চিকিৎসা শিক্ষা (Continuing Medical Educa-tion) অনুষ্ঠান আয়োজন কৰে, যিয়ে দুর্ঘটনা প্রতিৰোধৰ প্ৰস্তুতি আৰু জৰুৰী চিকিৎসা সেৱাৰ ওপৰত প্রতিষ্ঠানটোৰ গুৰুত্বক প্রদর্শন কৰে। এই দুর্ঘটনাকেন্দ্রিক চিএমই খনত দেশ-বিদেশৰ খ্যাতনামা বিশেষজ্ঞসকল অংশগ্রহণ কৰে, য'ত আছিল ছিংগাপুৰ জেনেৰেল হাস্পতালৰ ডাঃ জয়ছ কো, থাইলেণ্ডৰ ৰয়েল কলেজ অৱ নিউৰ'ছাৰ্জিকেল ছাৰ্জনছৰ ব'ৰ্ড ডিপ্লোমেট ডাঃ সোনাম জাম্ছো আৰু ছাৰ্জাৰীৰ অধ্যাপক ডাঃ ৰকেট চন্দ্র ব্রহ্ম আদি। এইচিএমই খনত অস্থিৰোগ, স্নায়ুশৈল্য আৰু জেনেৰেল ছাৰ্জাৰীৰ ক্ষেত্ৰত ট্রমা ব্যৱস্থাপনাৰ সমসাময়িক প্রত্যাহ্বান আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়।


জ্যেষ্ঠ নিউৰ'ছাৰ্জন ডাঃ অমৃত কুমাৰ শইকীয়া, ডাঃ পৰান জ্যোতি বৰ্মন, অর্থ'পেডিক্স বিভাগৰ ডাঃ গৌতম ৰাভা, জ্যেষ্ঠ জেনেৰেল ছাৰ্জন ডাঃ নিপাংক গোস্বামী, লগতে এনাস্থেছিয়া আৰু ক্রিটিকেল কেয়াৰ বিভাগৰ ডাঃ দেৱযানী গগৈ মজুমদাৰ, ডাঃ গৌৰী শংকৰ নৰহ আৰু ডাঃ ভাস্কৰ হাজৰিকাই এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে মতবিনিময় কৰে। চিকিৎসকসকলে জিএনআৰচিৰ দুৰ্ঘটনাজনিত যত্ন, জৰুৰী প্ৰস্তুতি আৰু জনসচেতনতা সম্পর্কীয় পদক্ষেপ সমূহৰ ওপৰত আলোকপাত কৰে আৰু দুৰ্ঘটনা সম্পৰ্কীয় মৃত্যুহাৰ আৰু দীর্ঘম্যাদী অক্ষমতা হ্রাস কৰিবলৈ আগতীয়াকৈ হস্তক্ষেপ, গঠিত ট্রমা প্রণালী আৰু অবিৰত চিকিৎসা শিক্ষাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here