ওড়িশাৰ অনুভৱ গুৱাহাটীলৈ কঢ়িয়াই আনিব ওড়িশা পৰ্বই; সংস্কৃতি, খাদ্য সম্ভাৰ, শিল্পকলা আৰু পৰ্যটনৰ এক বিশাল উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 22 January 2026

ওড়িশাৰ অনুভৱ গুৱাহাটীলৈ কঢ়িয়াই আনিব ওড়িশা পৰ্বই; সংস্কৃতি, খাদ্য সম্ভাৰ, শিল্পকলা আৰু পৰ্যটনৰ এক বিশাল উদযাপন




তাৰিখঃ ৩০ জানুৱাৰী - ১ ফেব্ৰুৱাৰী | স্থানঃ ৰেডিছন ব্লু হোটেল, গুৱাহাটী


W7s news,,ভাৰতৰ সবাতোকৈ সুৰক্ষিত সাংস্কৃতিক ভাণ্ডাৰ হিচাপে প্ৰায়ে অভিহিত কৰা ওড়িশা হৈছে প্ৰাচীন পৰম্পৰা, শৈল্পিক উৎকৰ্ষ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অপূৰ্ব সংগমস্থল। ওড়িশাৰ ধ্ৰুপদী নৃত্য আৰু সজীৱ লোক-পৰম্পৰাৰ পৰা আৰম্ভ কৰি সূক্ষ্ম শিল্পকলা, হস্ততাঁত আৰু চহকী খাদ্যৰ উত্তৰাধিকাৰলৈকে সকলোতে প্ৰতিফলিত হয় ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ গভীৰতা তথা বৈচিত্ৰ্য।


বাংগালুৰুত ওড়িশা পৰ্বৰ অভূতপূৰ্ব সফলতাৰ পাছত, এতিয়া ৰাজ্যখনৰ পৰ্যটন বিভাগে এই বিশেষ সাংস্কৃতিক আৰু পৰ্যটন প্ৰদৰ্শনীখন দেশৰ বিভিন্ন চহৰলৈ সম্প্ৰসাৰিত কৰিছে। ওড়িশাৰ অভিজ্ঞতাভিত্তিক পৰ্যটন আৰু ৰাজ্যখনৰ বৈচিত্ৰ্যপূৰ্ণ সম্ভাৰসমূহ অধিক দৰ্শকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰসাৰ অভিযানৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক প্ৰাধান্য দি গুৱাহাটীত আয়োজন কৰা হৈছে ওড়িশা পৰ্বৰ দ্বিতীয়টো সংস্কৰণ।


এনে পৰিপ্ৰেক্ষিততে, ওড়িশাৰ প্ৰাণস্পন্দনক ৰাজ্যখনৰ ভৌগোলিক সীমাৰ বাহিৰলৈ লৈ যোৱাৰ মানসেৰে ওড়িশা চৰকাৰৰ পৰ্যটন বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ওড়িয়া ভাষা, সাহিত্য আৰু সংস্কৃতি বিভাগৰ সহযোগত তথা হস্ততাঁত, বস্ত্ৰ আৰু হস্তশিল্প বিভাগ, অৰমাছ, এদিশা আৰু মিছন শক্তি বিভাগৰ সক্ৰিয় অংশগ্ৰহণেৰে অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হ’ব তিনিদিনীয়া সাংস্কৃতিক তথা পৰ্যটন সমাৰোহ 'ওড়িশা পৰ্ব, গুৱাহাটী'। উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰধান যাতায়ত আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত গুৱাহাটীত আয়োজিত এই অনুষ্ঠানে আঞ্চলিক দৰ্শকক আকৰ্ষণ কৰাৰ লগতে ওড়িশা আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সাংস্কৃতিক তথা পৰ্যটনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব।


ওড়িশা পৰ্ব, গুৱাহাটীৰ জৰিয়তে ৰাজ্যখনৰ সজীৱ পৰম্পৰা, সৃজনীমূলক অভিব্যক্তি আৰু বিচিত্ৰ পৰ্যটন সম্ভাৰসমূহৰ সৈতে এক গভীৰ তথা আকৰ্ষণীয় অভিজ্ঞতাৰ মাধ্যমেৰে দৰ্শকক পৰিচিত কৰোৱাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানে সংস্কৃতি, খাদ্য, শিল্পকলা, পৰ্যটনস্থলী, হস্ততাঁত আৰু হস্তশিল্পক একেখন চালিৰ তলতে সুন্দৰকৈ সজাই তুলি ওড়িশাৰ স্বকীয় পৰিচয়ৰ এক সামগ্ৰিক ছবি দাঙি ধৰিব।


এই সমাৰোহৰ এক অন্যতম আকৰ্ষণ হ’ব হস্তশিল্পৰ সজীৱ প্ৰদৰ্শনী, য’ত ওড়িশাৰ দক্ষ শিল্পীসকলে দৰ্শকৰ সন্মুখতে পৰম্পৰাগত শিল্পসমূহ নিৰ্মাণ কৰি দেখুৱাব। ইয়াৰ জৰিয়তে দৰ্শকে ওড়িশাৰ বিখ্যাত শিল্পকলাৰ আঁৰৰ কৌশল, শৈল্পিক নিপুণতা আৰু ঐতিহ্য প্ৰত্যক্ষ কৰাৰ এক বিৰল সুযোগ লাভ কৰিব। বিশেষভাৱে নিৰ্মিত হস্তশিল্প আৰু হস্ততাঁতৰ বিপণীসমূহত ওড়িশাৰ প্ৰসিদ্ধ বস্ত্ৰ আৰু পৰম্পৰাগত নক্সাকে ধৰি ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব। দৰ্শকে শিল্পীসকলৰ সৈতে পোনপটীয়া মত-বিনিময় কৰি প্ৰতিটো সৃষ্টিৰ আঁৰৰ কাহিনী বুজি পোৱাৰ লগতে ওড়িশাৰ সাংস্কৃতিক উত্তৰাধিকাৰৰ থলুৱা নিদৰ্শনসমূহ সংগ্ৰহ কৰিব পাৰিব।


খাদ্য সম্ভাৰৰ খণ্ডটোৱে সজীৱ ৰন্ধন শৈলীৰ প্ৰদৰ্শনী আৰু নিৰ্বাচিত খাদ্য বিপণীৰ জৰিয়তে ওড়িশাৰ থলুৱা সোৱাদৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। এই প্ৰদৰ্শনীত জনজাতীয় খাদ্য, উপকূলীয় বিশেষত্ব আৰু ওড়িশাৰ পৰম্পৰাগত মিঠাই যেনে ছেনাপুৰাৰ দৰে বিচিত্ৰ খাদ্য সংস্কৃতি বিশেষভাৱে প্ৰতিফলিত হ’ব। ইয়াৰ এক অন্যতম আকৰ্ষণ হিচাপে ওড়িশাৰ মাষ্টাৰচেফ অবিনাশ নায়কে পৰম্পৰাগত সোৱাদৰ সৈতে আধুনিক শৈলীৰ সংমিশ্ৰণ ঘটাই পুৰণি ৰন্ধন প্ৰণালীসমূহ দৰ্শকৰ সন্মুখত প্ৰত্যক্ষভাৱে প্ৰস্তুত কৰি দেখুৱাব।


ইয়াৰোপৰি, ওড়িশা পৰ্ব, গুৱাহাটীত এক বৰ্ণিল সমাহাৰ ঘটিব ধ্ৰুপদী, লোক আৰু জনজাতীয় সাংস্কৃতিক কাৰ্যসূচীৰ, যিয়ে ৰাজ্যখনৰ ছন্দ, কাহিনী কথনৰ কলা আৰু সমৰ পৰম্পৰাক জীৱন্ত ৰূপত দাঙি ধৰিব। ওডিছী, গোটিপুৱা, সম্বলপুৰী, পাইক আখাড়া, ঘুমুৰা, সাহিযাত্ৰা, ধেমচা, ছৌ আৰু ঘুডুকী আদিৰ দৰে বিচিত্ৰ শৈলীৰ প্ৰদৰ্শনে দৰ্শকক ওড়িশাৰ চহকী পৰিবেশ্য কলাৰ এক পূৰ্ণাংগ আভাস প্ৰদান কৰিব।


সাংস্কৃতিক প্ৰদৰ্শনীৰ উপৰিও এই অনুষ্ঠানত আলোকপাত কৰা হ’ব ওড়িশাৰ পৰ্যটনৰ সম্ভাৱনীয়তাৰ ওপৰত। তদুপৰি দৰ্শকসকলক ৰাজ্যখনৰ ভ্ৰমণস্থলী, অভিজ্ঞতাভিত্তিক ভ্ৰমণৰ সম্ভাৰ তথা ঐতিহ্যমণ্ডিত চাৰ্কিটসমূহৰ সৈতে চিনাকি কৰাই দিয়া হ’ব। ওড়িশা পৰ্ব, গুৱাহাটীৰ অংশ হিচাপে প্ৰৱাসী সন্মিলন আৰু টুৰিজিম ৰোডশ্ব’ৰ দৰে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, যিয়ে ওড়িয়া প্ৰৱাসীসকলৰ লগতে পৰ্যটন খণ্ডৰ অংশীদাৰ, ব্যৱসায়ী সমাজ আৰু চৰকাৰী প্ৰতিনিধিসকলক একত্ৰিত কৰি পাৰস্পৰিক সহযোগিতা তথা অংশীদাৰিত্বৰ নতুন সুযোগ অন্বেষণৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিব।


উল্লেখ্য যে, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পাৰিদাৰ নেতৃত্বত এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱাসী ওড়িয়া সমাজ, সম্ভাৱ্য বিনিয়োগকাৰী আৰু বিশিষ্ট ট্যুৰ অপাৰেটৰসকলৰ সৈতে মত-বিনিময় কৰিব। এই আলোচনাৰ মূল লক্ষ্য হ’ব পৰ্যটনৰ সংযোগ অধিক সুদৃঢ় কৰা, বিনিয়োগ উৎসাহিত কৰা আৰু ওড়িশাৰ পৰ্যটন তথা সাংস্কৃতিক উন্নয়নৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এক দীৰ্ঘম্যাদী অংশীদাৰিত্ব গঢ়ি তোলা।


মন কৰিবলগীয়া যে, কেৱল এক সাংস্কৃতিক উৎসৱেই নহয়, ওড়িশা পৰ্ব, গুৱাহাটী হৈছে সংলাপ, বিনিময় আৰু উদযাপনৰ এক অনন্য মঞ্চ, যিয়ে আন্তঃআঞ্চলিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে উমৈহতীয়া সাংস্কৃতিক মূল্যবোধক অধিক সৱল কৰি তুলিব। এই অনুষ্ঠানে নিজৰ চহকী ঐতিহ্য সংৰক্ষণৰ লগতে বহনক্ষম পৰ্যটন, সামগ্ৰিক প্ৰসাৰ আৰু অভিজ্ঞতাভিত্তিক গন্তব্যস্থানৰ প্ৰচাৰৰ প্ৰতি ওড়িশাৰ থকা নিৰন্তৰ প্ৰতিশ্ৰুতিক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here