কাহিনী নহয়, চলচ্চিত্ৰৰ গভীৰতাক উপলব্ধি কৰিব পৰা একমাত্ৰ মঞ্চ হ’ল চলচ্চিত্ৰ মহোৎসৱঃ জি এ এফ এফত মন্তব্য গিৰীশ কাছাৰাৱল্লীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 28 January 2026

কাহিনী নহয়, চলচ্চিত্ৰৰ গভীৰতাক উপলব্ধি কৰিব পৰা একমাত্ৰ মঞ্চ হ’ল চলচ্চিত্ৰ মহোৎসৱঃ জি এ এফ এফত মন্তব্য গিৰীশ কাছাৰাৱল্লীৰ


 

W7s news,,গুৱাহাটী, ২৮ জানুৱাৰী, ২০২৬: চলচ্চিত্ৰক কেৱল বিনোদনৰ মাধ্যম হিচাপে নহয়, বৰঞ্চ এক গভীৰ সামাজিক আৰু দাৰ্শনিক দাপোণ হিচাপে স্বীকৃতি প্ৰদানেৰে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ)ৰ দ্বিতীয় সংস্কৰণত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী বৌদ্ধিক আলোচনা। এই অনুষ্ঠানতে কিংবদন্তি ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা গিৰীশ কাছাৰাৱল্লীয়ে চলচ্চিত্ৰপ্ৰেমী, শিক্ষাৰ্থী আৰু স্বতন্ত্ৰ নিৰ্মাতাসকলৰ সৈতে “দ্য ওৱৰ্ল্ড অৱ গিৰীশ কাছাৰাৱল্লী- এন ইন্টাৰেকচন উইথ দ্য মাষ্টাৰ ফিল্মমেকাৰ” শীৰ্ষক এক বিশেষ বাৰ্তালাপত মিলিত হয়।


প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা তথা লেখিকা ৰীমা বৰাই আঁত ধৰা এই সমাৱেশত চিনেমাৰ কেৱল বাহ্যিক সৌন্দৰ্য আৰু বাণিজ্যিক সংজ্ঞাৰ উৰ্ধলৈ গৈ ইয়াক এক দাৰ্শনিক, সাংস্কৃতিক তথা সামাজিক মাধ্যম হিচাপে গভীৰভাৱে বিশ্লেষণ কৰা হয়।


চলচ্চিত্ৰৰ সাক্ষৰতা আৰু আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চলচ্চিত্ৰ মহোৎসৱৰ গুৰুত্বক আলোকপাত কৰি গিৰীশ কাছাৰাৱল্লীয়ে কয়, “চলচ্চিত্ৰ মহোৎসৱসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ এইখনেই হৈছে একমাত্ৰ মঞ্চ য’ত চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকৰ মাজত প্ৰকৃত আদান-প্ৰদান সম্ভৱ হয়। ই হৈছে এনে এক স্থান য’ত আপুনি কাহিনীৰ উৰ্ধলৈ গৈ চিনেমাখনক অনুভৱ কৰাৰ সুযোগ লাভ কৰে। কেৱল কাহিনীটোৱেই চলচ্চিত্ৰ নহয়, ইয়াৰ অন্তৰ্নিহিত বৌদ্ধিক চৰ্চাহে প্ৰকৃত চিনেমা। কেৱল এনেধৰণৰ মহোৎসৱতেই আপুনি এই গভীৰ সত্য বুজি উঠাৰ সুযোগ পায়।”


‘ঘটশ্ৰাদ্ধ’, ‘থায়ী চাহেবা’, ‘দ্বীপা’, ‘হাচিনা’ আৰু ‘নায়ী নেৰালু’ৰ দৰে কালজয়ী ছবিৰ নিৰ্মাতা কাছাৰাৱল্লীয়ে চিনেমাৰ গ্লেমাৰতকৈ ইয়াক এক নিৰৱ প্ৰতিবাদ আৰু আত্মনিৰীক্ষণৰ মাধ্যম হিচাপে নিজৰ বিশ্বাস ব্যক্ত কৰে। চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ সততা, নৈতিক জটিলতা আৰু সাংস্কৃতিক শিপাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে যেতিয়া কোনো এটা কাহিনী থলুৱা বাস্তৱৰ গভীৰৰ পৰা ওলাই আহে তেতিয়াহে ই সৰ্বজনীন মৰ্যাদা লাভ কৰে।


নিৰ্মাতাগৰাকীয়ে লগতে আক্ষেপ ব্যক্ত কৰি কয় যে চিনেমা কেতিয়াও কাৰিকৰী মোহ বা দৃশ্যগত সজ্জাৰ দ্বাৰা পৰিচালিত হোৱা উচিত নহয় বৰঞ্চ ই ধাৰণা আৰু দৰ্শনৰ দ্বাৰা পৰিচালিত হ’ব লাগে। তেওঁ কয়, “মানুহে প্ৰায়ে তথ্যকেই জ্ঞান বুলি ভুল কৰে আৰু তাৰ সহায়ত শিল্প সৃষ্টিৰ চেষ্টা চলায়। কিন্তু চিনেমাৰ কাৰিকৰী দিশটোৰ আঁৰত এক দৰ্শন থাকে। কোনখন লেন্স ব্যৱহাৰ কৰিলে ভাল দেখাব সেয়া গুৰুত্বপূৰ্ণ নহয়; বৰঞ্চ সেই প্ৰতিচ্ছবিখনে কি চিন্তা ব্যক্ত কৰিছে সেয়াহে আচল কথা।”


বাৰ্তালাপৰ সময়ত কাছাৰাৱল্লীয়ে বিৱৰ্তিত চিনেমেটিক ব্যাকৰণ, নিৰ্দেশনা, চৰিত্ৰ নিৰ্বাচনৰ অনুশাসন আৰু তথ্যৰ প্ৰাচুৰ্য তথা দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ যুগত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বৌদ্ধিক সততা বজাই ৰখাৰ দায়িত্বৰ বিষয়েও বিষদভাৱে আলোচনা কৰে।


ইফালে ৰীমা বৰাই গিৰীশ কাছাৰাৱল্লীৰ শৈশৱৰ প্ৰভাৱ আৰু বিশেষকৈ নাট্য জগত তথা চলচ্চিত্ৰৰ পুৰোধা ব্যক্তি বি ভি কাৰন্থৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথাৰে আলোচনাটো আগবঢ়াই লৈ যায়। এই আৰম্ভণিৰ সহযোগিতাসমূহৰ জৰিয়তে কেনেকৈ তেওঁৰ অভিনয়ৰ বুজাবুজি, কাহিনীৰ গাঁথনি আৰু সামূহিক চলচ্চিত্ৰ নিৰ্মাণৰ শৈলীক এক নতুন ৰূপ দিছিল সেই বিষয়েও উন্মোচিত হয়।


প্ৰণিধানযোগ্য যে এই সমাৱেশত ছবিপ্ৰেমী আৰু চলচ্চিত্ৰৰ শিক্ষাৰ্থীসকলৰ ব্যাপক অংশগ্ৰহণ দেখা যায়। ইয়াতে দৃশ্যগত নান্দনিকতা আৰু কাহিনী কথনৰ পৰা আৰম্ভ কৰি অ’টিটি যুগত সমান্তৰাল চিনেমাৰ ভৱিষ্যতলৈকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা হয়।


এই বাৰ্তালাপ আছিল জি এ এফ এফৰ সেই লক্ষ্যৰ এক অংশ যাৰ জৰিয়তে পেচাদাৰী বিশেষজ্ঞ আৰু উদীয়মান প্ৰতিভাসকলৰ মাজত অৰ্থপূৰ্ণ সম্পৰ্ক স্থাপনৰ প্ৰয়াস কৰা হয়। ইয়াৰ ফলত আঞ্চলিক চলচ্চিত্ৰ সংস্কৃতি শক্তিশালী হোৱাৰ লগতে চিনেমাৰ গভীৰ চৰ্চা অধিক উৎসাহিত হয়।


ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ এই দ্বিতীয়টো সংস্কৰণ অনুষ্ঠিত হয় নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন (এন এফ ডি চি) আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here