কেৱল ছবি এখন প্ৰস্তুত কৰাটোৱেই স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ অৰ্থ নহয়, ই হৈছে ছবি এখনৰ যাত্ৰাৰ সমস্ত পৰিকল্পনাৰ মূল: জিএএফএফ অ’পেন মাইকত অনুপমা বসু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 25 January 2026

কেৱল ছবি এখন প্ৰস্তুত কৰাটোৱেই স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ অৰ্থ নহয়, ই হৈছে ছবি এখনৰ যাত্ৰাৰ সমস্ত পৰিকল্পনাৰ মূল: জিএএফএফ অ’পেন মাইকত অনুপমা বসু


 


জিএএফএফ অ’পেন মাইকত জুৰীৰ সদস্য অনুপমা বসু আৰু উৎপল বৰপূজাৰীৰ ছবি নিৰ্মাণৰ বাস্তৱতাৰ ওপৰত মুকলি বাৰ্তালাপ 


W7s news,,গুৱাহাটী, ২৫ জানুৱাৰী, ২০২৬: মুম্বাইৰ চলচ্চিত্ৰ প্ৰযোজক, শিক্ষাবিদ তথা কিউৰেটৰ অনুপমা বসু আৰু চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণ, উৎসৱৰ কৌশল, আৰু সৃষ্টিশীল সহযোগিতাৰ বিকাশশীল বাস্তৱতাক লৈ কৰা এক ব্যাপক বাৰ্তালাপে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ (জিএএফএফ) ২০২৬ত শনিবাৰে অনুষ্ঠিত হোৱা অ’পেন মাইক অনুষ্ঠানক এক পূৰ্ণ পৰ্য্যায়ৰ জ্ঞান বিনিময় অধিবেশনলৈ ৰূপান্তৰিত কৰি তোলে।


নিজৰ বিস্তৃত অভিজ্ঞতাৰ পৰা এই যুটিয়ে জিএএফএফৰ অংশগ্ৰহণকাৰীসকলক এখন ছবিয়ে কেনেকৈ মাথো এটা ধাৰণাৰ পৰা পৰ্দালৈ আৰু শেষত আন্তঃৰাষ্ট্ৰীয় উৎসৱৰ বিশাল পৰিৱেশতন্ত্ৰলৈ যাত্ৰা কৰে তাৰ এক সাৰগৰ্ভ ব্যাখ্যা আগবঢ়ায়। 


মুম্বাইৰ চলচ্চিত্ৰ প্ৰযোজক, শিক্ষাবিদ আৰু কিউৰেটৰ অনুপমা বসুৱে বহনক্ষম প্ৰডাকচন মডেল গঢ়ি তোলা, উপলব্ধ আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ মঞ্চত প্ৰৱেশ কৰা আৰু ঘৰুৱা সীমাৰ বাহিৰত ছবি এখন সম্প্ৰসাৰিত কৰাৰ বাবে সহ-প্ৰডাকচন বজাৰৰ সহায় লোৱাৰ গুৰুত্বৰ বিষয়ে কয়। তেওঁ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক পৰামৰ্শদাতা, বিত্ত ব্যৱস্থাপক আৰু সহযোগীসকলৰ সৈতে সংযোগ কৰাত গ্লোবেল লেব আৰু চলচ্চিত্ৰ বজাৰসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও আলোকপাত কৰে।


'যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে বুজাটো প্ৰয়োজনীয় যে বহনক্ষমতা কেৱল মাথো আবেগ নহয়, অনুশাসন আৰু কৌশলৰ পৰাও আহে। এখন ছবিৰ জীৱন পৰিক্ৰমা শ্বুটিঙৰ বহু আগতেই আৰম্ভ হয় আৰু প্ৰিমিয়াৰৰ বহু পিছলৈকে নেটৱৰ্কিং, পিচিং তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বাসযোগ্যতা গঢ়ি তোলাৰ জৰিয়তে চলি থাকে।' অ’পেন মাইক ভাৱ-বিনিময় অনুষ্ঠানত অনুপমা বসুৱে এইদৰে কয়। 


প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰাক্তন সাংবাদিক-সমালোচক উৎপল বৰপূজাৰীয়ে সমসাময়িক চিনেমাত গল্প প্ৰকাশৰ ক্ষেত্ৰত প্ৰদৰ্শিত সততা, গৱেষণাৰ গভীৰতা আৰু আখ্যানমূলক দায়বদ্ধতাৰ বিষয়ে কয়। বিশেষকৈ, গোলকীয় মঞ্চত উত্তৰ-পূব ভাৰতৰ আঞ্চলিক কাহিনী উপস্থাপন কৰাৰ সময়ত তেওঁ সাংস্কৃতিক প্ৰামাণ্যতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। 


আলোচনাত জুৰীৰ সদস্যদ্বয়ে ছবিৰ মূল্যায়ন কেনেকৈ কৰে সেই বিষয়েও মত প্ৰকাশ কৰে, য’ত কেৱল কাৰিকৰী যোগ্যতাৰ ওপৰত নহয়, বৰঞ্চ মৌলিকতা, আৱেগিক গভীৰতা, সামাজিক প্ৰাসংগিকতা আৰু চিনেমাৰ ভাষাৰ ওপৰতো গুৰুত্ব দিয়া হয়। দুয়োগৰাকী বক্তাই যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক চিনেমাৰ ব্যৱসায়তন্ত্ৰ সম্পৰ্কে দ্বিধাহীনভাৱে বুজ লোৱাৰ লগতে শক্তিশালী কাহিনী প্ৰকাশৰ শিপাক খামুচি ধৰি থাকিবলৈ উৎসাহিত কৰে।


অংশগ্ৰহণকাৰীসকলে অ’পেন মাইক অনুষ্ঠানত সক্ৰিয়ভাৱে ভাৱ বিনিময়ৰ জৰিয়তে স্বতন্ত্ৰ চিনেমাৰ ভিতৰত পিচিং কৌশল, উৎসৱত অংশগ্ৰহণ, পুঁজি চক্ৰ, বিতৰণমূলক প্ৰত্যাহ্বান আৰু কেৰিয়াৰ পথৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।  


অ’পেন মাইক পদক্ষেপে উদ্যোগৰ পেছাদাৰী আৰু উদীয়মান প্ৰতিভাৰ মাজত অৰ্থপূৰ্ণ সংযোজন স্থাপনৰ ক্ষেত্ৰত থকা জিএএফএফৰ বৃহত্তৰ লক্ষ্যৰ এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰাৰ সমান্তৰালভাৱে চলচ্চিত্ৰ সংস্কৃতিক শক্তিশালী কৰে আৰু উৎসৱটোক সংলাপ, মেণ্টৰশ্বিপ তথা আঞ্চলিক চিনেমাৰ বিকাশৰ এক উল্লেখযোগ্য মঞ্চ হিচাপে গঢ়ি তোলে।


ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত ট্ৰেণ্ডিং নাও মিডিয়াই আয়োজন কৰা চাৰিদিনীয়া গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ ২৫ জানুৱাৰীত ২৬ খনকৈ প্ৰদৰ্শনী, মাষ্টাৰক্লাছ আৰু ভাৱ-বিনিময় অনুষ্ঠানেৰে অন্ত পৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here