ইলেক্ট্ৰ'ফেষ্ট ২.০" এক্সপ' উদ্বোধন কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 24 January 2026

ইলেক্ট্ৰ'ফেষ্ট ২.০" এক্সপ' উদ্বোধন কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই


 

জেমা উদ্যোগত আঠগাওঁ গৌশালাৰ বৃন্দাবন গাৰ্ডেনত সৰ্ববৃহৎ বৈদ্যুতিক এক্সপ' আৰম্ভ 


W7s news,,গুৱাহাটী ২৪ জানুৱাৰী: সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসত দ্বিতীয় বাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে  সৰ্ববৃহৎ বৈদ্যুতিক এক্সপ’ "ইলেক্ট্ৰ'ফেষ্ট ২.০"  য’ত সকলো বৈদ্যুতিক সমাধান একেখন চালিৰ তলত উপলব্ধ হৈছে। গুৱাহাটী ইলেকট্ৰিকেল মাৰ্চেন্ট এচ্ছছিএচিয়ান (জেমা) ৰ উদ্যোগত  গুৱাহাটীৰ আঠগাঁৱৰ শ্ৰী গুৱাহাটী গৌশালাৰ বৃন্দাবন গাৰ্ডেনত   আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত এই এক্সপ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নিপেন কুমাৰ তালুকদাৰ,

জেমা'ৰ সভাপতি নৱল কিশোৰ চৰ্দাই, এক্সপ’ৰ অধ্যক্ষ গোপাল পাছাৰী, সম্পাদক সাকেত ৰাজ পুগলিয়া, কোষাধ্যক্ষ নবীন ছেঠিয়া, মূল পৃষ্ঠপোষক কলাৰ্ছৰ শশীকান্ত বিহানী মঞ্চত উপস্থিত থাকে।

 ইলেকট্ৰিকেল এক্সপো উদ্বোধন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে মোৰ পৰিয়াল এই উদ্যোগৰ সৈতে জঢ়িত। ঠিক তেনেদৰে এই উদ্যোগৰ সৈতে পৰোক্ষ ভাবে জঢ়িত হৈ পৰিছোঁ। এনে ধৰনৰ ইলেকট্ৰিকেল এক্সপোই সমাজত পোহৰ বিলাইছে। নাচাই যেতিয়া মহাকাশৰ পৰা ফটো সংগ্ৰহ কৰে তেতিয়া ফটোত যি অঞ্চল সমূহ এন্ধাৰ হৈ থাকে সেইবোৰ পিছপৰা অঞ্চল বুলি বিবেচনা কৰা হয়। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যি কোনো সামগ্ৰী প্ৰস্তত কৰোঁতে মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। সভাপতি নৱল কিশোৰ চৰ্দাই উল্লেখ কৰি কয় যে চাৰিদিনীয়া ইলেক্ট্ৰ’ফেষ্ট হ’ব উত্তৰ-পূবৰ বৈদ্যুতিক উদ্যোগৰ সৰ্ববৃহৎ সমাৱেশ, য’ত শক্তি আৰু আন্তঃগাঁথনিৰ ভৱিষ্যত গঢ় দিয়া শেহতীয়া উদ্ভাৱন আৰু সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব। তেওঁ আৰু কয়, "ইলেক্ট্ৰ'ফেষ্টৰ দ্বিতীয় সংস্কৰণটো উত্তৰ-পূবৰ বৈদ্যুতিক সম্প্ৰদায়ক শক্তিশালী কৰাৰ বাবে জিইএমএ প্ৰতিশ্ৰুতিৰ প্ৰমাণ। উদ্যোগৰ নেতা আৰু উদ্ভাৱনীমূলক প্ৰদৰ্শকসকলৰ অংশগ্ৰহণেৰে এই এক্সপ'ই অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে জানিবলৈ আৰু স্থায়ী ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিবলৈ এক অনন্য মঞ্চ প্ৰদান কৰিব।" এক্সপ’ৰ অধ্যক্ষ গোপাল পাছাৰীয়ে কয় যে ১২৫ টাতকৈও অধিক ষ্টলত বৈদ্যুতিক সামগ্ৰীৰ বিস্তৃত পৰিসৰ থাকিব, দেশৰ বিভিন্ন প্ৰান্তৰ ৫০ টাতকৈও অধিক আগশাৰীৰ কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰীৰ নতুন উদ্ভাৱন যেনে চুইচ, ফেন, লাইট, সৌৰশক্তি, ট্ৰেন্সমিছন লাইন, চুইচগিয়াৰ, আৰু বহুতো প্ৰদৰ্শন কৰিব। সম্পাদক সাকেত ৰাজ পুগালিয়াই কয় যে, “এপিডিচিএল আৰু এৰিডা আমাৰ কৌশলগত অংশীদাৰ আৰু এই অনুষ্ঠানলৈ তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।” টাইটেল স্পনছৰ হৈছে কলাৰ্ছ ইণ্ডিয়া প্ৰা.লি., সহ-পৃষ্ঠপোষক হৈছে হেভেলছ ইণ্ডিয়া প্ৰা. লি. আৰু কে আই ৱায়াৰছ এণ্ড কেবলছ, সহযোগী পৃষ্ঠপোষক হৈছে কাম ইলেক্ট্ৰিকেলছ আৰু ৰিচা ইলেক্ট্ৰিকেলছ প্ৰা. লি. আৰু লাকী ড্ৰ'ৰ পৃষ্ঠপোষক হৈছে প্ৰেষ্টো প্ৰুষ্ট ইণ্ডিয়া।" এক্সপ'ৰ আহ্বায়ক অভিষেক কেজৰিৱাল, দীপক আগৰৱাল, ৰোহিত ছুৰানা, সৌৰভ বোথৰা আৰু নবীন ছেঠিয়া (কোষাধ্যক্ষ)য়ে যৌথভাৱে উল্লেখ কৰে যে এই মেগা অনুষ্ঠানত উত্তৰ-পূবৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব, য'ত মন্ত্ৰী, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া, নিৰ্মাতা, স্থপতিবিদ, এই এক্সপ'ই নেটৱৰ্কিং আৰু জ্ঞান বিনিময়ৰ বাবে এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব।

ইলেক্ট্ৰ’ফেষ্ট হৈছে গুৱাহাটী ইলেক্ট্ৰিক মাৰ্চেণ্টছ এছ’চিয়েশ্যন (জিইএমএ)ৰ ফ্লেগশ্বিপ ইভেণ্ট, যিয়ে প্ৰদৰ্শনী, প্ৰডাক্ট লঞ্চ, আৰু জ্ঞান অধিবেশনৰ জৰিয়তে বৈদ্যুতিক উদ্যোগৰ বৃদ্ধিৰ প্ৰসাৰ ঘটাব। এই অনুষ্ঠানে প্ৰস্তুতকাৰী, ডিলাৰ, আৰু গ্ৰাহকসকলৰ বাবে যোগাযোগ আৰু নতুন ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰিবলৈ একক মঞ্চ প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here