ইণ্ডিয়াস্কিলছ আঞ্চলিক প্ৰতিযোগিতা ২০২৫-২০২৬ত ২৬টা দক্ষতা শিতানত অংশ লৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ যুৱক-যুৱতীয়ে
W7s news,,গুৱাহাটী, অসম | ১৯ জানুৱাৰী, ২০২৬: দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ইণ্ডিয়া স্কিলছৰ উত্তৰ-পূব আঞ্চলিক প্ৰতিযোগিতা ২০২৫–২৬খন উদ্বোধন কৰে, য 'ত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ যুৱক-যুৱতীয়ে ২৬টা দক্ষতা শিতানত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছে।
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই) আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি)-এ সহযোগিতাৰে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ ভাৰতৰ প্ৰধান দক্ষতা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে, যিয়ে অঞ্চলটোৰ যুৱ প্ৰতিভাধৰসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে।
উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত, অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগ, দক্ষতা, নিযুক্তি আৰু উদ্যমিতা তথা শ্ৰম কল্যাণ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ যুটীয়া সচিব হেনা ওচমানৰ লগতে দক্ষতা পৰিৱেশ তন্ত্ৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু মুখ্য অংশীদাৰে উপস্থিত থাকে।
এই মেগা প্ৰতিযোগিতাখনত উপস্থিতসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত অহৰহ গুৰুত্ব আৰোপ কৰি আহিছে-সঘনাই অঞ্চলটোলৈ ভ্ৰমণ আৰু নীতিসমূহতো স্পষ্ট ৰূপত অগ্ৰাধিকাৰে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ মাজত নতুন আত্মবিশ্বাস আৰু সুযোগ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰে যে ইণ্ডিয়া স্কিলছৰ দৰে পদক্ষেপসমূহে ৰাষ্ট্ৰীয় মঞ্চসমূহক অঞ্চলটোৰ যুৱ প্ৰতিভাৰ ওচৰলৈ পোনপটীয়াকৈ কঢ়িয়াই আনি এই দৃষ্টিভংগী সাকাৰ ৰূপ দিছে।
মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, "ইণ্ডিয়া স্কিলছ কেৱল প্ৰতিযোগিতা নহয়; ই উৎকৃষ্টতা, অনুশাসন আৰু কৰ্মৰ মৰ্যাদাৰ উদযাপন। উত্তৰ-পূবত অপৰিসীম প্ৰতিভা আৰু আকাংক্ষা আছে, আৰু এই মঞ্চই আমাৰ আত্মবিশ্বাস প্ৰতিফলিত কৰিছে যে এই অঞ্চলৰ যুৱক-যুৱতীসকলে ভাৰতৰ দক্ষ কৰ্মশক্তিক নেতৃত্ব দিবলৈ আৰু ৰাষ্ট্ৰৰ বিকাশত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ সাজু।"
কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ অনুসৰি আনুষ্ঠানিক শিক্ষাৰ সৈতে দক্ষতা একত্ৰিত কৰাৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে শিক্ষা আৰু দক্ষতা বিকাশৰ মাজত ঘনিষ্ঠ সমন্বয়ে নিয়োগযোগ্যতা, উদ্যমিতা আৰু জীৱনজোৰা শিক্ষণৰ পথ সম্প্ৰসাৰিত কৰে, লগতে যুৱক-যুৱতীসকলক দ্ৰুতগতিত বিকশিত অৰ্থনীতিৰ বাবে ভৱিষ্যতলৈ সাজু কৰি তোলে।
প্ৰতিযোগিতাৰ সমান্তৰালভাৱে এই আঞ্চলিক অনুষ্ঠানটোৱে স্কিল ইণ্ডিয়া মিছনৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত দক্ষতা পৰিৱেশ তন্ত্ৰৰ প্ৰতিনিয়ত সবলীকৰণক প্ৰতিফলিত কৰে। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই) আৰু ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানকে ধৰি প্ৰশিক্ষণ সঞ্চালকালয়(ডিজিটি)ৰ অধীনস্থ প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে দীৰ্ঘম্যাদী বৃত্তিমূলক শিক্ষা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক মঞ্চৰ মাজত বৰ্ধিত সংহতি প্ৰদৰ্শন কৰি কেইবাটাও দক্ষতা শাখাত অংশগ্ৰহণ কৰিছে।
উত্তৰ-পূব আঞ্চলিক প্ৰতিযোগিতাখনে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ পৰা ১৬২জন প্ৰতিযোগীক সামৰি লৈছে, যিয়ে শক্তিশালী আঞ্চলিক অংশগ্ৰহণ আৰু প্ৰতিভাৰ বৈচিত্ৰ্যৰ দিশটো উজলাই তুলিছে। প্ৰতিযোগিতাখনত অটোমোবাইল প্ৰযুক্তি, ক্লাউড কম্পিউটিং, মোবাইল এপ্লিকেচন ডেভেলপমেণ্ট, ছফ্টৱেৰ আৰু ৱেব প্ৰযুক্তি, ডিজিটেল ইণ্টাৰেক্টিভ মিডিয়া, ইলেক্ট্ৰনিকছ, চিএনচি মিলিং আৰু টাৰ্নিং, ৱেল্ডিং, বৈদ্যুতিক ইনষ্টলেচন, ফেশ্বন প্ৰযুক্তি, বেকাৰী আৰু পেটিছেৰী, হোটেল ৰিচেপশ্যন, ৰেষ্টোৰাঁ সেৱা, স্বাস্থ্য আৰু সামাজিক যত্ন, খুচুৰা বিক্ৰী আৰু ভিজুৱেল মাৰ্চেণ্ডাইজিঙকে ধৰি সমসাময়িক আৰু পৰম্পৰাগত দক্ষতাৰ বিভিন্ন ক্ষেত্ৰত বিস্তৃত হৈ আছে।
প্ৰতিযোগিতাখনত দক্ষতাৰ মিশ্ৰণে মূল কাৰিকৰী আৰু পৰম্পৰাগতভাৱে পুৰুষ-অধ্যুষিত বাণিজ্য যেনে অটোমোবাইল প্ৰযুক্তি, ইলেক্ট্ৰনিকছ, চিএনচি, বৈদ্যুতিক সংস্থাপন আৰু ৱেল্ডিঙত মহিলাৰ বৰ্ধিত অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও ই উৎপাদন আৰু সেৱাৰ সৈতে ডিজিটেল দক্ষতাৰ শক্তিশালী অভিসৰণ প্ৰতিফলিত কৰে, যিয়ে যুৱক-যুৱতীসকলক উদ্যোগ ৪.০-সংলগ্ন ভূমিকাসমূহৰ বাবে প্ৰস্তুত কৰে। সমান্তৰালভাৱে আতিথ্য, স্বাস্থ্য আৰু খুচুৰা দক্ষতাৰ উপস্থিতিয়ে উত্তৰ-পূবৰ মূল বৰ্ধিত খণ্ড বিশেষকৈ পৰ্যটন আৰু সেৱাৰ সৈতে দক্ষতা প্ৰচেষ্টাৰ সংহতিৰ ওপৰত আলোকপাত কৰে। ইণ্ডিয়াস্কিলছৰ দৰে মঞ্চখনে উদ্যোগৰ চাহিদা আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে আঞ্চলিক প্ৰতিভাক একাকাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইণ্ডিয়াস্কিলছ প্ৰতিযোগিতাখনে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ প্ৰতিভাক চিনাক্ত আৰু প্ৰতিভাসমূহক উপযুক্তভাৱে গঢ় দিবলৈ ডিজাইন কৰা এক গাঁথনিগত, বহুস্তৰীয় মূল্যায়ন প্ৰক্ৰিয়া অনুসৰণ কৰে। প্ৰাৰ্থীসকলক প্ৰথমে জিলা পৰ্যায়ত মূল্যায়ন কৰা হয়, তাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়, তাৰ পিছত তালিকাভুক্ত অংশগ্ৰহণকাৰীসকলে আঞ্চলিক প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। আঞ্চলিক মঞ্চখনৰ পৰা শীৰ্ষ প্ৰদৰ্শনকাৰীসকলে ইণ্ডিয়াস্কিলছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে, য’ত তেওঁলোকক ৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে মূল্যায়ন কৰা হয়, নিৰ্বাচিত বিজয়ীসকলে ২০২৬ চনৰ ২২-২৭ ছেপ্টেম্বৰৰ ভিতৰত চাংহাইত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ডস্কিলছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ ক

No comments:
Post a Comment