জি এম ডি এৰ সৈতে অংশীদাৰিত্বৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি পূৰবী ডেইৰীৰ নতুন বুথ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 9 January 2026

জি এম ডি এৰ সৈতে অংশীদাৰিত্বৰে শ্ৰদ্ধাঞ্জলি কাননত মুকলি পূৰবী ডেইৰীৰ নতুন বুথ


 

W7s news,,গুৱাহাটী, ৯ জানুৱাৰী, ২০২৬: মহানগৰীৰ জনসাধাৰণৰ মাজত স্বাস্থ্যসন্মত তথা সুলভ মূল্যৰ দুগ্ধজাত সামগ্ৰীৰ যোগান অধিক সুচল কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত মুকলি কৰা হ’ল পূৰবী ডেইৰীৰ এটা নতুন বুথ। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল) আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ মাজত হোৱা এই অংশীদাৰিত্বৰ জৰিয়তে গ্ৰাহকৰ বাবে সামগ্ৰীসমূহৰ সহজলভ্যতা নিশ্চিত কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে।


পূৰবী ডেইৰীৰ এই নতুন বুথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ পৰিচালন সঞ্চালক এছ বি বসুৱে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এন ই ডি এফ এলৰ সাধাৰণ প্ৰবন্ধক এছ এম হুছেইন, ৱামুলৰ সাধাৰণ প্ৰবন্ধক কুলদীপ বৰা আৰু উভয় প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়াসকল।


এই উপলক্ষে নিজৰ অভিমত ব্যক্ত কৰি এছ বি বসুৱে কয় যে অসমৰ দুগ্ধ খণ্ডৰ প্ৰগতি সংগঠিত খুচুৰা বজাৰৰ সম্প্ৰসাৰণ আৰু সামগ্ৰীৰ জনপ্ৰিয়তাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত। ৱামুল আৰু জি এম ডি এৰ এই যুটীয়া সহযোগিতাত মহানগৰীৰ বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত এনে ধৰণৰ অধিক বুথ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে দুগ্ধজাত সামগ্ৰীৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে সমবায়খনৰ কৃষক সদস্যসকলৰ বাবে বহনক্ষম জীৱিকা নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে, বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত 'এপাৰ্ট' প্ৰকল্পৰ অধীনত এই অত্যাধুনিক অত্যাধুনিক প্ৰি-ফেব্ৰিকেটেড বুথটো লাভ কৰিছে ৱামুলে।


কুলদীপ বৰাই কয়, "অসমত বৰ্তমান গাখীৰৰ উৎপাদন, সংগ্ৰহ আৰু ব্যৱহাৰ বৃদ্ধি পাইছে। এতিয়া আমি যদি সামগ্ৰীসমূহৰ বজাৰ দখল বৃদ্ধি কৰিব পাৰোঁ, তেন্তে ইয়াৰ দ্বাৰা ব্যৱসায়টোৰ লগতে কৃষকসকলো লাভান্বিত হ’ব। কিয়নো এই ব্যৱসায়টো প্ৰকৃততে অসম আৰু ইয়াৰ কৃষকসকলৰ।"


মন কৰিবলগীয়া যে, পূৰৱী ডেইৰীৰ সামগ্ৰীসমূহ উৎপাদন কৰা হয় পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ দ্বাৰা বিপণন কৰা হয়।


শ্ৰদ্ধাঞ্জলি কাননৰ এই নতুন বুথটোৱে দৰ্শনাৰ্থী আৰু স্থানীয় বাসিন্দাসকলৰ বাবে পূৰৱীৰ সকলো ধৰণৰ গাখীৰ আৰু মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰীৰ সহজ প্ৰাপ্তি নিশ্চিত কৰিব।


লক্ষ্যণীয় যে, কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা আৰু মানসম্পন্ন দুগ্ধজাত সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ কৌশল হিচাপে পূৰবী ডেইৰীয়ে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে নিজৰ বিপণন নেটৱৰ্ক ক্ৰমান্বয়ে সম্প্ৰসাৰণ কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here