ভাৰত চৰকাৰ দক্ষতা বিকাশ আৰু উদ্যোমীতা মন্ত্ৰালয় ভাৰতীয় দক্ষতা ২০২৫–২৬: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 18 January 2026

ভাৰত চৰকাৰ দক্ষতা বিকাশ আৰু উদ্যোমীতা মন্ত্ৰালয় ভাৰতীয় দক্ষতা ২০২৫–২৬:

 


১৯-২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক প্ৰতিযোগিতা




W7s news গুৱাহাটী: ভাৰতীয় দক্ষতা ক্ষেত্ৰখনৰ সৈতে সংগতি ৰাখি দক্ষতা বিকাশ আৰু উদ্যামীতা মন্ত্ৰালয়ে  ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় দক্ষতা ২০২৫-২৬ ৰ উত্তৰ-পূব আঞ্চলিক প্ৰতিযোগিতা আয়োজন কৰিছে।  উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ অংশগ্ৰহণেৰে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত  এনে আঞ্চলিক প্ৰতিযোগিতাৰ আয়োজন আয়োজন কৰা হৈছে।  ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমে (এন এছ ডি চি) ভাৰতীয় দক্ষতাৰ  বাবে অংশীদাৰী  আৰু ৰূপায়ণ সংস্থা হিচাপে নিয়োজিতহৈআছে।  এই প্ৰতিযোগিতাত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰা  যুৱক-যুৱতীসকলে প্ৰতিযোগিতাৰ ২৬ টা শাখাত অৱতীৰ্ণ হৈ নিজৰ প্ৰতিভা দাঙি ধৰিব পাৰিব। দেশৰ অঞ্চলসমূহৰ দক্ষতা বিকাশ, আঞ্চলিক অন্তৰ্ভুক্তি আৰু প্ৰতিযোগিতামূলক উৎকৰ্ষতাক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যামীতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)  জয়ন্ত চৌধুৰীয়ে  ১৯ ​​জানুৱাৰীত এই প্ৰতিযোগিতাখন উদ্বোধন কৰিব। তদুপৰি ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোমীতা মন্ত্ৰালয়ৰ যুটীয়া সম্পাদিকা হেনা উছমানে শনিবাৰে  এখন সংবাদমেলত এইকথা সদৰী কৰে। উল্লেখ্য,  ভাৰতীয় দক্ষতা হৈছে দেশৰ প্ৰধান এক ৰাষ্ট্ৰীয় দক্ষতা প্ৰতিযোগিতা। চলি থকা ভাৰতীয় দক্ষতা  প্ৰতিযোগিতা ২০২৫-২৬ ত  আজিলৈকে অংশগ্ৰহণৰ বাবে৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৬৩  টা দক্ষতা শিতানত ৩.৬৫ লাখ প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। কাইলৈ অৰ্থাৎ ১৯ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে বি অডিটৰিয়ামত এই প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here