কেলভিন চিনেমাৰ নতুন অধ্যায়ঃ আধুনিক টু ষ্ক্ৰীণ মাল্টিপ্লেক্স- কেলভিন গোল্ড চিনেমাৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 4 December 2025

কেলভিন চিনেমাৰ নতুন অধ্যায়ঃ আধুনিক টু ষ্ক্ৰীণ মাল্টিপ্লেক্স- কেলভিন গোল্ড চিনেমাৰ শুভাৰম্ভ


 

W7s news,,গুৱাহাটী, , ২০২৫: এক নতুন অধ্যায়ৰ পাতনি মেলিছে অসমৰ ইতিহাস সমৃদ্ধ অন্যতম পুৰণি ছবি গৃহটোৱে। ১৯৩৫ চনত জীৱনৰাম গোৱেংকাই গুৱাহাটী মহানগৰীৰ ব্যস্ত ফাঁচী বজাৰত স্থাপন কৰা কেলভিন চিনেমা হলে নিজৰ ঐতিহাসিক গৌৰৱ অক্ষুণ্ণ ৰাখি এক সমসাময়িক ৰূপত পুনৰ উভতি আহিছে ছবিপ্ৰেমীৰ মাজলৈ।


উল্লেখ্য যে, প্ৰায় ৯টা দশকৰ পাছত কেলভিনে আৰম্ভ কৰিছে নিজৰ ভৱিষ্যতমুখী যাত্ৰা। কেলভিন গোল্ড চিনেমা নামেৰে ইয়াৰ মূল চৌহদতে দুখন পৰ্দাৰ এক নতুন মাল্টিপ্লেক্স মুকলি কৰা হৈছে। মন কৰিবলগীয়া যে, এই মাল্টিপ্লেক্সত আছে ২৪খন অতি বিলাসী ৰিক্লাইনাৰকে ধৰি মুঠ ৪৯৯ জন বহিব পৰা আসন। এই আধুনিক স্থানটো মসৃণ, ভৱিষ্যতমুখী ডিজাইনৰ লগতে অত্যাধুনিক চলচ্চিত্ৰ প্ৰযুক্তিৰে সজ্জিত অডিটৰিয়ামেৰে আকৰ্ষণীয় হৈ উঠিছে।


বুবুধবাৰে সন্ধিয়া নেডফিৰ চিএমডি পিভিএছএলএন মূৰ্তি, বিখ্যাত চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তথা সংবাদ মাধ্যমৰ ব্যক্তিত্ব কোমল নাহতা, অসমীয়া চিনেমাৰ বিশিষ্ট ব্যক্তি – ৰবি শৰ্মা, জেৰিফা ৱাহিদ, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, মঞ্জুলা বৰুৱা, মঞ্জু বৰা, মৃদুলা বৰুৱা, জাহ্নু বৰুৱা, সীমা বিশ্বাস, মনীষা হাজৰিকা, ৰীমা দাস, কপিল বৰা, আৰু পদ্মশ্ৰী বঁটাপ্ৰাপক সাংবাদিক তথা লেখিকা পেট্ৰিচিয়া মুখিমৰ উপস্থিতিত কেলভিন গোল্ড চিনেমা উদ্বোধন কৰা হয়।


প্ৰণিধানযোগ্য যে, কেইবা দশক ধৰি গোৱেংকা পৰিয়ালে অসমৰ ব্যৱসায়িক আৰু সাংস্কৃতিক ক্ষেত্ৰখনক গঢ় দিয়াত এক কেন্দ্ৰীয় ভূমিকা লৈ আহিছে। শ্বিলঙত প্ৰাৰম্ভিক সফলতা লাভ কৰাৰ পিছত, তেওঁলোকে চিনেমা প্ৰদৰ্শনলৈ সম্প্ৰসাৰিত হয় আৰু অতি কম সময়ৰ ভিতৰতে কেলভিনক এক চিনাকি স্থানলৈ ৰূপান্তৰিত কৰে। এই হলটোত বহু অসমীয়া ছবিৰ প্ৰিমিয়াৰ, হিন্দী ছবিৰ জুবিলী প্ৰদৰ্শিত হৈছিল আৰু দৰ্শকক সেই সময়ৰ আগশাৰীৰ প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই দিছিল।


কেলভিন চিনেমাৰ ঐতিহ্য বহুতো স্মৰণীয় মাইলৰ খুঁটিৰে সমৃদ্ধ; যাৰ সোঁৱৰণে আজিও মনত জগাই তোলে নষ্টালজিয়া। এই ছবিগৃহতে 'জয় সন্তোষী মা' ছবিখন ৫৩ সপ্তাহ ধৰি একেৰাহে চলি নজিৰ গঢ়িছিল। ইয়াৰোপৰি, গুৱাহাটীত ইংৰাজী ছবি প্ৰদৰ্শন কৰা এইটোৱেই আছিল প্ৰথম চিনেমা হল, য'ত 'বেন হাৰ' আৰু 'দ্য টেন কমাণ্ডমেণ্টছ'ৰ দৰে কালজয়ী ছবি চাবলৈ দৰ্শকে এদিন ভিৰ কৰিছিল। কেইবাটাও প্ৰজন্মৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবে কেলভিন কেৱল এটা ছবিগৃহৰ নাম নাছিল, ই আছিল এনে এক স্থান য'ত চহৰখনে নতুন ছবিৰ ধাৰা আৱিষ্কাৰ কৰিছিল, সাংস্কৃতিক কল্পনাৰ দিগন্ত মুকলি কৰিছিল আৰু ঐতিহাসিক ছবিৰ শিহৰণ অনুভৱ কৰিছিল।


কেলভিনৰ এই ঐতিহ্যৰ পথ-প্ৰদৰ্শক শংকৰ লাল গোৱেংকাই কয় যে ছবি গৃহটোৰ পুনৰ মুকলিয়ে পৰিয়ালৰ বাবে আবেগ আৰু উত্তেজনা দুয়োটাকে কঢ়িয়াই আনিছে। তেওঁ কয়, "কেলভিনে বহু প্ৰজন্মৰ স্মৃতিৰ মাজেৰে জীৱন যাপন কৰিছে। ইয়াক আধুনিক ৰূপত পুনৰ লৈ অহাটোৱে এক ঐতিহ্যক আগুৱাই নিয়াৰ লগতে আজিৰ দৰ্শকৰ বাবে নতুন কিবা এটা সৃষ্টি কৰাৰ দৰে অনুভৱ হৈছে। যুৱ চলচ্চিত্ৰপ্ৰেমী আৰু পৰিয়ালসমূহৰ পৰা আমি যি আন্তৰিক সঁহাৰি পাইছো, সেয়াই কেলভিনৰ গুৱাহাটীত এতিয়াও এক বিশেষ স্থান আছে বুলি আমাক বুজাইছে।"


উল্লেখ্য যে, নতুন মাল্টিপ্লেক্স- কেলভিন গোল্ড চিনেমা ক্ৰিষ্টি ২কে লেজাৰ প্ৰজেকচন, ডলবি ৭.১ চাৰাউণ্ড ছাউণ্ড, পালজ আইছোৱেভ অডিঅ' ছিষ্টেম আৰু আকৰ্ষণীয় থ্ৰীডি ক্ষমতাৰে সমৃদ্ধ। ৰিক্লাইনাৰসমূহত আসনতে খাদ্য আৰু পানীয় সেৱা, ইউ এছ বি চাৰ্জিং প'ৰ্ট আৰু পৰ্যাপ্ত ভৰি থ’ব পৰা ঠাই আছে। দৰ্শকে স্নেকছ, পানীয় আৰু কম্বো মিলৰ এক বিস্তৃত মেন্যুও ইয়াত লাভ কৰিব, য'ত বিলাসী আৰু স্বাস্থ্যকৰ দুয়োবিধ বিকল্প উপলব্ধ হ’ব। পৰ্যাপ্ত গাড়ী পাৰ্কিং আৰু সহজ প্ৰৱেশাধিকাৰৰ সৈতে এই স্থানটোৱে সমগ্ৰ গুৱাহাটীৰ পৰিয়াল আৰু চলচ্চিত্ৰপ্ৰেমীসকলক সেৱা আগবঢ়োৱাৰ লক্ষ্য ৰাখিছে।


গোল্ড চিনেমাৰ পৰিচালক ৰতন জৈনে কয় যে কেলভিন গোল্ড চিনেমাই পুনৰ এবাৰ চহৰখনৰ জনসাধাৰণক এক ৰাজকীয় চলচ্চিত্ৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে। আনহাতে, গোল্ড চিনেমাৰ পৰিচালক হাচমুখ শ্বাহে কয় যে বৰ্তমানৰ দৰ্শকৰ সৈতে খাপ খোৱাকৈ এক নগৰীয়া মনোৰঞ্জন স্থান গঢ়ি তোলাটোৱেই তেওঁলোকৰ লক্ষ্য।


টিকটসমূহ www.goldcinema.co, গোল্ড চিনেমাৰ ম'বাইল এপৰ লগতে বুকমাইশ্ব'ৰ জৰিয়তে বুক কৰিবলৈ উপলব্ধ। গুৱাহাটীৰ এই নতুন প্ৰধান মনোৰঞ্জন স্থানটোৰ অভিজ্ঞতা ল'বলৈ আপুনিও আহিব পাৰে গুৱাহাটীৰ এছ আৰ চি বি পথত থকা কেলভিন চিনেমা চৌহদৰ সপ্তম মহলাত অৱস্থিত কেলভিন গোল্ড চিনেমালৈ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here