এছ বি আই জেনেৰেল ইঞ্চুৰেন্সৰ সুৰক্ষা কৱচঃ ভাৰতৰ ডিজিটেল নাগৰিকসকলৰ বাবে সৰ্বাংগীন তথা সহজলভ্য চাইবাৰ নিৰাপত্তা নিশ্চিতকৰণৰ বিশেষ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 30 December 2025

এছ বি আই জেনেৰেল ইঞ্চুৰেন্সৰ সুৰক্ষা কৱচঃ ভাৰতৰ ডিজিটেল নাগৰিকসকলৰ বাবে সৰ্বাংগীন তথা সহজলভ্য চাইবাৰ নিৰাপত্তা নিশ্চিতকৰণৰ বিশেষ পদক্ষেপ


 

W7s news,,গুৱাহাটী, ৩০ ডিচেম্বৰ, ২০২৫: ভাৰতৰ ডিজিটেল পৰিৱেশতন্ত্ৰ এতিয়া পূৰ্বতকৈ বহু বেছি সক্ৰিয় হৈ পৰিছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ (এম অ’ এছ পি আই) তথ্য অনুসৰি, দেশৰ ৮৫ শতাংশতকৈও অধিক পৰিয়ালৰ হাতত বৰ্তমান স্মাৰ্টফোন আছে আৰু যুৱ প্ৰজন্মৰ মাজত ইউ পি আই লেনদেনে ডিজিটেল বেংকিঙৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিছে। তদুপৰি, প্ৰায় ৮৬.৩ শতাংশ ভাৰতীয় পৰিয়ালৰ নিজা চৌহদত ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধা উপলব্ধ হৈছে। অৱশ্যে, ডিজিটেল জগতৰ এই দ্ৰুত বিস্তাৰৰ লগে লগে চাইবাৰ ভাবুকিৰ পৰিসৰো সমান্তৰালভাৱে বৃদ্ধি পাইছে।


পি ডব্লিউ চিৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি, সমীক্ষা চলোৱা ভাৰতীয় উদ্যোগসমূহৰ প্ৰায় এক চতুৰ্থাংশই যোৱা তিনি বছৰত চাইবাৰ আক্ৰমণৰ ফলত ১ নিযুত মাৰ্কিন ডলাৰতকৈও (প্ৰায় ৮.৮ কোটি টকা) অধিক লোকচানৰ সন্মুখীন হৈছে। বিশেষকৈ যিবোৰ কোম্পানীৰ বাৰ্ষিক ৰাজহ ৫ বিলিয়ন মাৰ্কিন ডলাৰ বা তাতকৈ অধিক, তেনে প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত এই আশংকা অধিক তীব্ৰতৰ হোৱা দেখা গৈছে।


এই পৰিসংখ্যাসমূহে ব্যক্তিগত পৰ্যায়ত বৃদ্ধি পোৱা বিপদৰ দিশটো আঙুলিয়াই দিয়াৰ লগতে এটা নিৰ্ভৰযোগ্য চাইবাৰ বীমা সুৰক্ষাৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাকে পুনৰবাৰ প্ৰমাণ কৰে। এনে বীমাই কেৱল আৰ্থিক ক্ষতিৰ পৰা সকাহ দিয়াই নহয়, বৰঞ্চ চাইবাৰ আক্ৰমণৰ দৰে জৰুৰীকালীন পৰিস্থিতিত প্ৰয়োজনীয় সহায়ো আগবঢ়ায়।


পি ডব্লিউ চিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, যদিও চাইবাৰ সুৰক্ষাৰ বাজেট কিছু সাৱধানতাৰে বৃদ্ধি কৰা হৈছে, তথাপিও ভাৰতৰ প্ৰায় ৮৭ শতাংশ প্ৰতিষ্ঠানেই অহা ১২ মাহৰ ভিতৰত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিজৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে।


দ্ৰুতগতিত পৰিৱৰ্তিত হৈ থকা এনে ডিজিটেল বিপদাশংকাৰ সৈতে মোকাবিলা কৰিবলৈ এছ বি আই জেনেৰেল ইঞ্চুৰেন্সে প্ৰতিজন ব্যক্তি তথা পৰিয়ালক এক সৰ্বাংগীন চাইবাৰ সুৰক্ষা কৱচ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে, যাতে ইয়াক ডিজিটেল স্বচ্ছতা আৰু ব্যক্তিগত নিৰাপত্তাৰ এক অপৰিহাৰ্য অংশ হিচাপে গঢ়ি তুলিব পৰা যায়। এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ ‘চাইবাৰ ভল্টএজ’ নামৰ প্ৰডাক্টে ই-লেনদেন সম্পৰ্কীয় বিবিধ বিপদ, পৰিচয় চুৰি আৰু অনলাইন সন্মান হানিৰ পৰা আৰম্ভ কৰি ছচিয়েল মিডিয়া ট্রলিং, বুলিং, ধন দাবী আৰু অনলাইন উৎপীড়নৰ দৰে সকলো দিশতে সুৰক্ষাৰ এক অভেদ্য বেহু গঢ়ি তোলে। কোনো ধৰণৰ অতিৰিক্ত কৰ্তন নোহোৱাকৈ, সৰল নথিপত্ৰ আৰু নমনীয় বীমা সীমাৰ জৰিয়তে এই ব্যৱস্থাই নিশ্চিত কৰে যাতে জনসাধাৰণে কোনো জটিলতা নোহোৱাকৈয়ে এক অৰ্থপূৰ্ণ চাইবাৰ সুৰক্ষা লাভ কৰিব পাৰে। ই কেৱল আৰ্থিক সকাহেই নহয়, বৰঞ্চ এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বলি হোৱা লোকসকলক পৰৱৰ্তী সময়ত মানসিক আৰু আৱেগিক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰে।


বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তিত চাইবাৰ বিপদাশংকাৰ পৰিৱেশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই এছ বি আই জেনেৰেল ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰি-ইঞ্চুৰেন্স বিভাগৰ মুৰব্বী এছ বিশ্বনাথনে কয়, “সাম্প্ৰতিক সময়ত চাইবাৰ বিপদসমূহ কেৱল পৰম্পৰাগত তথ্য চুৰিৰ মাজতে আৱদ্ধ হৈ থকা নাই। যিহেতু ব্যক্তি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এতিয়া ডিজিটেল প্লেটফৰ্মৰ ওপৰত বহু বেছি নিৰ্ভৰশীল হৈ পৰিছে, সেয়েহে এই ভাবুকিবোৰো পূৰ্বতকৈ অধিক পৰিকল্পিত, সূক্ষ্ম আৰু সঘনাই ঘটা দেখিবলৈ পোৱা গৈছে। এই পৰিৱৰ্তনে প্ৰমাণ কৰে যে আমাক এতিয়া এনে এক সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে আধুনিক সময়ৰ এই প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সৈতে খোজ মিলাই চলিব পাৰে। ডিজিটেল নিৰ্ভৰশীলতাৰ এই যুগত সৰ্বাংগীন চাইবাৰ বীমা এতিয়া কেৱল এক বিকল্প হৈ থকা নাই, বৰঞ্চ প্ৰতিজন ডিজিটেল ব্যৱহাৰকাৰীৰ বাবে ই এক অপৰিহাৰ্য প্ৰয়োজনীয়তা হৈ পৰিছে।”


এছ বি আই জেনেৰেলৰ চাইবাৰ বীমা সেৱাই যিকোনো দুৰ্ঘটনাৰ পৰা পুনৰুদ্ধাৰৰ প্ৰতিটো পৰ্যায়তে এক সামগ্ৰিক আৰু বলিষ্ঠ সহযোগিতা আগবঢ়ায়। ইয়াত আইনী যুঁজৰ খৰচৰ পৰা আৰম্ভ কৰি তথ্য প্ৰযুক্তি বিশেষজ্ঞৰ জৰিয়তে ডিজিটেল তথ্যসমূহ পুনৰুদ্ধাৰ কৰাৰ ব্যয় আৰু চাইবাৰ আক্ৰমণৰ ফলত হোৱা চৰম মানসিক আঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় মনোবৈজ্ঞানিক পৰামৰ্শৰ খৰচো অন্তৰ্ভুক্ত কৰা হৈছে। এনে এক সৰ্বাংগীন দৃষ্টিভংগীৰ জৰিয়তে এছ বি আই জেনেৰেল ইঞ্চুৰেন্সে ক্ৰমান্বয়ে ডিজিটেল নিৰ্ভৰশীল হৈ পৰা এই পৃথিৱীখনত মানুহক জীৱনৰ প্ৰতিটো কঠিন ক্ষণতে সহায় কৰিবলৈ নিজৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here