যুগান্তকাৰী প্ৰদৰ্শনৰ বাবে অসম কন্যা অৰ্শিতা আগৰৱালাই অৰ্জন কৰিলে ফিল্মফেয়াৰ অ’টি টি ২০২৫ বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 19 December 2025

যুগান্তকাৰী প্ৰদৰ্শনৰ বাবে অসম কন্যা অৰ্শিতা আগৰৱালাই অৰ্জন কৰিলে ফিল্মফেয়াৰ অ’টি টি ২০২৫ বঁটা


 


W7s news,,গুৱাহাটী, ১৯ ডিচেম্বৰ ঃ অসমবাসীৰ বাবে এটা ভাল খবৰ৷

অসমকন্যা অৰ্শিতা আগৰৱালাই আজুৰি আনিলে এক ৰাষ্ট্ৰীয় সন্মান৷ অসমীয়া

ছবিজগতত খলকনিৰ সৃষ্টি কৰা ব্লক ব্লাষ্টাৰ ছবি ‘ৰুদ্ৰ’ত ৰবি শৰ্মাৰ

বিপৰীতে থকা অৰ্শিতা আগৰৱালাই তেওঁৰ যুগান্তকাৰী প্ৰদৰ্শনৰ বাবে উদীয়মান

মহিলা শাখাত আজুৰি আনিলে ফিল্মফেয়াৰ অ’টিটি-২০২৫ বঁটা৷ ডেছপাছ চিনেমাখনত

কৰা অভিনয়ৰ বাবে অৰ্শিতা আগৰৱালাক প্ৰদান কৰা হৈছে ২০২৫ ৰ উদীয়মান মহিলা

শাখাৰ ফিল্মফেয়াৰ অ’টি টি এৱাৰ্ড৷ মুম্বাইত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ

অনুষ্ঠানত প্ৰখ্যাত অভিনেতা চিবাচাদ্দাৰ হাতৰ পৰা গ্ৰহণ কৰে এই বঁটা৷

ফিল্ম ফেয়াৰ অ’ টি টি বঁটা লাভ কৰা অৰ্শিতা আগৰৱালা  অসম তথা উত্তৰ-পূবৰ

ভিতৰত প্ৰথম গৰাকী অভিনেত্ৰী৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল শিল্প

ক্ষেত্ৰখনৰ অগ্ৰণী বিক্ৰম মটৱানে, নিখিল আদানি, আলিয়া ভাট, ছ’নী

মালহোট্ৰা, ফাতেমা চানাচে, বিকি কুশল, ৰিচ্ছা চাদ্দাৰ লগতে বহু প্ৰখ্যাত

অভিনেতা-অভিনেত্ৰী৷ অসমৰ পৰা ৰূপালী পৰ্দালৈ যাত্ৰা কৰা অসম কন্যা

অৰ্শিতা আগৰৱালাৰ এই সফলতাক লৈ সকলো গৌৰৱান্বিত হৈছে৷ কাষ্টিং ডিজাইনত

নিয়োজিত হৈ থকা আগৰৱালাই কম সময়ৰ ভিতৰতে অভিনয়ৰ ক্ষেত্ৰখনতো এক বিশেষ

পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ ইতিমধ্যে চুটি ছবিৰ যোগেদি আত্মপ্ৰকাশ

কৰা অৰ্শিতাই ৩০ খনতকৈ অধিক ডিজিটেল বিজ্ঞাপন আৰু জনপ্ৰিয় ছিৰিজ সত্যমেব

জয়তেত অভিনয় কৰি এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছতেই

অৰ্শিতা আগৰৱালাই অসমীয়া চলচ্ছিত্ৰ ‘ৰুদ্ৰ, হিন্দী থ্ৰিলাৰ ডেছপাছ’ত

অভিনয় কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়৷ এই বঁটা লাভ কৰাৰ পিছতে

অৰ্শিতাই কয় যে এনে অসাধাৰণ প্ৰতিভাৰ মাজত স্বীকৃতি লাভ কৰি মই সঁচাকৈয়ে

আনন্দিত হৈ পৰিছো৷ এই বঁটাই মোক আৰু আগুৱাই যোৱাত সহায় কৰিব৷ এই বঁটাৰ

বাবে সকলোৱে অপেক্ষা কৰি থাকে৷ অসম তথা উত্তৰ-পূবৰ বাবে এটা ভাল খবৰ৷ আজি

অসমলৈ আহিছে এই সন্মান৷ এই সন্মানৰ পিছতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু

অঞ্চলৰ কাহিনী ৰূপালী পৰ্দাত প্ৰদৰ্শন হোৱাৰ পথ প্ৰশস্ত হ’ব বুলি আশা

প্ৰকাশ কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here