নৰ্থ ইষ্টাৰ্ণ ডায়েবেটিক ছ'চাইটিৰ ত্রিবার্ষিক সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 12 November 2025

নৰ্থ ইষ্টাৰ্ণ ডায়েবেটিক ছ'চাইটিৰ ত্রিবার্ষিক সমাৰোহ

 



W7s news: নৰ্থ ইষ্টাৰ্ণ ডায়েবেটিক ছ'চাইটিৰ ( এন ই ডি এছ) ত্রিবার্ষিক সমাৰোহখন ১৪ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত  হ'ব। বুধবাৰে গুৱাহাটীৰ ডাউন টাইন হাস্পতালৰ 

অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে  ডাউন টাউন হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰূপম দাসে।  তেওঁ লগতে কয়-নৰ্থ ইষ্টাৰ্ণ ডায়েবেটিক ছ'চাইটিৰ (এন ই ডি এছ) ডায়েবেটিক বা মধুমেহ ৰোগৰ চিকিৎসা, সজাগতা আৰু শিক্ষাৰ লগত জড়িত  উত্তৰপূৰ্বাঞ্চল ভিত্তিক  সংগঠন। সং গঠনটোৰ ত্ৰিশ বছৰ পূৰ্ণ হোৱা উপলক্ষে এই ত্রিবার্ষিক সমাৰোহৰ আয়োজন কৰা হৈছে।ডায়েবেটিক এবিধ অসংক্রামক ৰোগ য'ত শৰীৰৰ তেজৰ শৰ্কৰা বৃদ্ধি পায়। দীর্ঘদিন তেজৰ শৰ্কৰা চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণ নকৰিলে শৰীৰৰ অঙ্গ ক্ষতি হয়। ডায়েবেটিছ ৰোগীয়ে উচিত চিকিৎসা নকৰিলে পিছলৈ চকু, হৃদযন্ত্র, বৃক্ক, স্নায়ুতন্ত্র  আদিৰ ৰোগত ভোগে। এন ই ডি এছৰ দ্বাৰা আয়োজিত হ'ব লগীয়া সম্মিলনত ডায়েবেটিক ৰোগৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব। দেশ-বিদেশৰ অন্যতম পুৰোধা চিকিৎসক আৰু গৱেষকে ডায়েবেটিৰ ভিন ভিন দিশৰ ওপৰত তিনিদিন ধৰি তেওঁলোকৰ বক্ততা প্রদান কৰিব। এই সম্মিলনত প্রায় ৪০০ৰো অধিক চিকিৎসক আৰু চিকিৎসা কর্মীয়ে অংশ লোৱাৰ আশা আছে। তিনিদিনীয়া এই সম্মিলনে মধুমেহ ৰোগৰ চিকিৎসক আৰু এই চিকিৎসাৰ লগত জড়িত বিভিন্ন জনক মধুমেহ চিকিৎসা বিধিৰ আধুনিক ধাৰনাৰ লগত চিনাকি কৰাই দিব বুলি আশা আছে। এন ই ডি এছ য়ে এই সম্মিলনৰ সফল সমাপ্তিৰ বাবে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে।' সংবাদ মেলত বিশেষজ্ঞ চিকিৎসক ডাঃ কৰুণা কান্ত বৰ্মন, ডাঃ সন্তোষ অধিকাৰী, ডাঃ সুৰজিত বৰুৱা, ডাঃ ৰূপম চৌধুৰী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here