গুৱাহাটীত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত আই অ' কিউ এম আৰু এ এন টি এইচ ই ২০২৫ত কৃতিত্ব অর্জনকাৰীক সম্বৰ্ধনা আকাশৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 18 November 2025

গুৱাহাটীত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত আই অ' কিউ এম আৰু এ এন টি এইচ ই ২০২৫ত কৃতিত্ব অর্জনকাৰীক সম্বৰ্ধনা আকাশৰ

 



গুৰুত্বপূৰ্ণ দিশসমূহ

এ এন টি এইছ ই-

অসম বি ইউৰ পৰা ২৩ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ স্থান দখল কৰিছে আৰু ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ ১০০ % জলপানি লাভ কৰি সমগ্ৰ অঞ্চলটোৰ উল্লেখনীয় প্ৰদৰ্শন  দাঙি ধৰিছে।

সৰ্বাধিক ১০০ শতাংশ পৰ্যন্ত নম্বৰসহ শিক্ষাৰ্থীসকলে উৎকৃষ্ট নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, যিয়ে  উল্লেখযোগ্য শৈক্ষিক উৎকৃষ্টতা প্ৰতিফলিত কৰিছে ।

সকলো শৈক্ষিক ক্ষেত্ৰত সমান পাৰদৰ্শিতা প্ৰদৰ্শন কৰি শীৰ্ষ স্থান দখল কৰা শিক্ষাৰ্থী সকলে  এছ অ' এম, এছ অ' এফ আৰু এছ অ' ই শাখাৰ পৰা সমানে বাছনি লাভ কৰিছে ।

সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত শিক্ষার্থীয়ে সফলতা লাভ কৰি শক্তিশালী মৌলিক শিক্ষণৰ লগতে উচ্চ ছিনিয়ৰ বিদ্যালয়ৰ প্ৰস্তুতি প্ৰদৰ্শন কৰে।

আই অ' কিউ এম-

এই বছৰ প্ৰতিষ্ঠানটোৰ অন্যতম শক্তিশালী প্ৰদৰ্শনক প্ৰতিফলিত কৰি আৰ এম অ'ত ২৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২২ গৰাকীয়ে যোগ্যতা অর্জন কৰিছে ।

শীৰ্ষ কৃতিত্ব অর্জনকাৰীসকলে এই অঞ্চলৰ পৰা উদীয়মান গাণিতিক প্ৰতিভাৰ গভীৰতা প্ৰদৰ্শন কৰি সৰ্বাধিক ৩৮ নম্বৰ লাভ কৰিছে ।

নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন পৰ্যায়ত অধ্যয়নৰত প্ৰাৰ্থীসকলে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যিয়ে সমগ্ৰ শ্ৰেণীৰ স্তৰত প্ৰতিষ্ঠানটোৰ ধাৰাবাহিক শৈক্ষিক শক্তি পুনৰ নিশ্চিত কৰে। 

সকলো যোগ্যতা অৰ্জনকাৰীয়েই অসমৰ, যিয়ে আই অ' কিউ এম২০২৫-ত আকাশৰ শিক্ষাৰ্থীসকলৰ বাবে ১০০% আঞ্চলিক সফলতাৰ হাৰ প্ৰদৰ্শন কৰে 



W7s news গুৱাহাটী:  ভাৰতৰ অন্যতম শীৰ্ষ পৰীক্ষা প্ৰস্তুতিমূলক সেৱা প্ৰদানকাৰী আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডে (এই এছ এল) গুৱাহাটীত আয়োজিত এক বিশেষ অভিনন্দন অনুষ্ঠানত ভাৰতীয় গণিত অলিম্পিয়াডত (আই অ' কিউ এম) ২০২৫ত যোগ্যতা অৰ্জন কৰা আৰু আকাশ ৰাষ্ট্ৰীয় প্ৰতিভা অন্বেষণ পৰীক্ষা (এ এন টি এইচ ই) ২০২৫-ত  উৎকৃষ্ট প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানটোৱে অসমৰ শিক্ষাৰ্থীসকলৰ উৎকৃষ্ট শৈক্ষিক সাফল্যক উদযাপন কৰাৰ লগতে দুটা কঠিন প্ৰতিযোগিতামূলক ৰাষ্ট্ৰীয় পৰীক্ষাত তেওঁলোকৰ সমৰ্পণ আৰু উৎকৃষ্টতাক স্বীকৃতি প্ৰদান কৰিলে ।

ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালে কেইবা মাহৰ কঠোৰ পৰিশ্ৰম আৰু শৈক্ষিক অনুশাসন উদযাপন কৰিবলৈ একত্ৰিত হোৱাৰ লগে লগে গুৱাহাটীৰ অভিনন্দন অনুষ্ঠানত এক গৌৰৱময়  পৰিৱেশে বিৰাজ কৰে । এই বছৰৰ আই অ' কিউ এমৰ ফলাফলে অঞ্চলটোৰ এক ব্যতিক্ৰমী প্ৰদৰ্শন প্ৰতিফলিত কৰিছে। অসমৰ আকাশৰ  ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২২ গৰাকীয়ে আৰ এম অ' ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ই  প্ৰতিষ্ঠানটোৰ অন্যতম এক ভাল ফলাফল প্ৰতিফলিত কৰিছে । ৰাজ্যখনৰ উদীয়মান গাণিতিক প্ৰতিভাৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰি সৰ্বোচ্চ ৩৮ নম্বৰ স্পৰ্শ কৰিছে । নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে যোগ্যতা অৰ্জন কৰি বিভিন্ন শ্ৰেণীৰ স্তৰৰ শৈক্ষিক শক্তি অধিক স্পষ্ট কৰিছে । এই আই অ' কিউ এমৰ ফলাফলত যোগ্যতা অর্জন কৰা সকলো শিক্ষাৰ্থীয়ে অসমৰ, যিয়ে আকাশৰ শিক্ষাৰ্থীসকলৰ ১০০ শতাংশই আঞ্চলিক সফলতা চিহ্নিত কৰিছে ।

জলপানি আৰু উন্নত শৈক্ষিক সমৰ্থন বিচৰা শিক্ষাৰ্থীসকলৰ মাজত এই পৰীক্ষাৰ বৰ্ধিত জনপ্ৰিয়তা আৰু প্ৰভাৱক পুনৰ নিশ্চিত কৰি অসমৰ এ এন টি এইচ ইত শীৰ্ষস্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলকো অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম বি ইউৰ পৰা মুঠ ২৩ গৰাকীয়ে শীৰ্ষ স্থান লাভ কৰিছে আৰু ২০ গৰাকীয়ে সম্পূৰ্ণ ১০০% জলপানি লাভ কৰি উৎকৃষ্ট ফলাফল প্ৰদৰ্শন  কৰিছে । সৰ্বাধিক ১০০% পৰ্যন্ত নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰা শিক্ষার্থীসকলে শক্তিশালী ধাৰণাগত উপলব্ধি আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ দিশ প্ৰতিফলিত কৰে  । শিক্ষাৰ্থীসকলে তিনিটা মূল শ্ৰেণী -এছ অ' এম, এছ অ' এফ আৰু  এছ অ' ইক প্ৰতিনিধিত্ব কৰি সকলো  শ্ৰেণীত সন্তুলিত সাফল্যৰ ইংগিত দিয়ে।  সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ্থী সকলে  শীৰ্ষস্থান দখল কৰি প্ৰাৰম্ভিক প্ৰতিশ্ৰুতি আৰু জ্যেষ্ঠ পৰ্যায়ৰ প্ৰস্তুতি দুয়োটা প্ৰদৰ্শন কৰিছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেড (এই এছ এল) ৰ আঞ্চলিক সঞ্চালক অজয় বাহাদুৰ সিঙে কয়, "গুৱাহাটীৰ এই গুৰুত্বপূৰ্ণ সাফল্য অর্জনকাৰীসকলক সন্মান জনাবলৈ পোৱাতো এক সৌভাগ্যৰ বিষয়। শিক্ষাৰ্থীসকলৰ ফলাফল তেওঁলোকৰ অধ্যৱসায় আৰু আমাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ অটল সমৰ্থনৰ ফচল। আমি সমগ্ৰ অসমৰ শিক্ষাৰ্থীসকলক গঠনমূলক নিৰ্দেশনা, ব্যক্তিগত সমৰ্থনৰ সৈত প্ৰতিটো শিশুক  লালন-পালন কৰিবলৈ  আৰু  তেওঁলোকৰ প্রকৃত সামৰ্থ্য লাভ কৰিবলৈ এক শক্তিশালী শৈক্ষিক পৰিৱেশ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। "

অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠানটোৰ সমৰ্থন ব্যৱস্থাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপনৰ লগে লগে এই অভিনন্দন অনুষ্ঠানৰ সামৰণি পৰে। কেইবাজনো শীৰ্ষস্থান দখলকাৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে আকাশৰ গঠনমূলক পাঠ্যক্ৰম, প্ৰতিজন শিক্ষাৰ্থীৰ মনৰ সন্দেহ দূৰ কৰাৰ সমৰ্থন আৰু অনুকৰণ কৰা পৰীক্ষা অনুষ্ঠিত কৰা পৰিৱেশে তেওঁলোকৰ আত্মবিশ্বাস আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি কৌশল শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে পৰীক্ষাৰ দিনটোত তেওঁলোকক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাত সহায় কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here