W7s news,,গুৱাহাটী, অক্টোবৰ ২০২৫ : ২০২৫ ৰ ৪ ডিচেম্বৰৰপৰা ৭ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া দশম ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ ২০২৬ লৈ স্থগিত কৰা হৈছে বুলি আয়োজকসকলে ঘোষণা কৰিছে ।
অসমৰ সাংস্কৃতিক জগতৰ এটি উজ্জ্বল নক্ষত্ৰ তথা একাধাৰে সংগীতজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজসেৱক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে অসমৰ জনজীৱন স্তব্ধ কৰি তোলা হেতুকে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । তেখেতৰ কণ্ঠ আৰু চিন্তাধাৰাই নতুন প্ৰজন্মক বিশেষভাৱে প্ৰভাৱিত কৰিছিল । ৪০টা ভাষাত প্ৰায় ৩৮০০০ গান গোৱা জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পীয়ে নাছিল , তেখেত আছিল এনে এক আবেগ যিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছিল ।
ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাই কয়, "তেওঁৰ মৃত্যু কেৱল অসমৰ ক্ষতি নহয়, তেখেতৰ গীতত জীৱনৰ সংজ্ঞা বিচাৰি পোৱা প্ৰতিজন ব্যক্তিৰ বাবে ই এক মাৰাত্মক আঘাত। এই মহোৎসৱ যিহেতু অসমৰ মাটি আৰু মানুহৰ সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ আছে , সেয়েহে জাতীয় শোকৰ এই ক্ষণত এনে এক উৎসৱ উদযাপন কৰাটো অযুগুত। এইবাৰৰ মহোৎসৱ উদযাপনকৰাৰ পৰিৱৰ্তে আমি জুবিন গাৰ্গ নামৰ ব্যক্তিসত্বাক স্মৰণ কৰিম, তেখেতৰ সৃষ্টিৰাজি শ্ৰদ্ধাৰে সুঁৱৰিম ।
মহোৎসৱৰ আয়োজনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ সৈতে হোৱা আলোচনাৰ অন্তত এই বৰ্ষৰ মহোৎসৱ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ সাংস্কৃতিক নিৰ্দেশক পল্লৱী চুমকী বৰুৱাই কয়, “আমাৰ চলচ্চিত্ৰ নিৰ্মাতা, অংশীদাৰ আৰু দর্শকসকলৰ সহায় আৰু বুজাবুজিৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। বি ভি এফ এফ হৈছে সৃজনশীলতা আৰু জাতি-জনগোষ্ঠীৰ ঐক্য উদযাপনৰ মঞ্চ , যিয়ে আমাক সকলোকে এক কৰি ৰাখে । বৰ্তমানৰ এই সময়ছোৱা ধৈৰ্যসহকাৰে বিশ্লেষণ কৰাৰ সময়, কিন্তু ভৱিষ্যতে আমি অধিক শক্তিশালী ৰূপত উভতি আহিম। "
কাৰিকৰী নিৰ্দেশক সমুজ্জ্বল কাশ্যপে কয় , “দশম সংস্কৰণটি আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এই উদযাপন সেই হিচাপেই হ’ব। কিন্তু বৰ্তমানৰ সময়খিনি হ’ল আত্মবিশ্লেষণৰ সময়। মই নিজে যিহেতু জুবিন দাৰ সৈতে কাম কৰাৰ সুযোগ পাইছিলোঁ, সেয়েহে এই ক্ষতি মোৰ নিতান্তই ব্যক্তিগত। এয়া কেৱল মোৰ অনুভৱ নহয় , সমগ্ৰ ৰাজ্য তথা দেশৰ, আৰু লগতে সেইসকল ব্যক্তিৰ যাৰ জীৱনত জুবিন গাৰ্গৰ কায়িক বিদায়ে এক বিৰাট শূন্যতাৰ সৃষ্টি কৰিছে ।"
চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ঘোষণা :
৹ FilmFreeway-ৰ জৰিয়তে জমা দিয়া ধন এই প্লেটফৰ্মৰ জৰিয়তে ওভতাই দিয়া হ'ব ।
৹ অফলাইন দাখিলকাৰীসকলক পৃথকভাৱে BVFF-ৰ তৰফৰপৰা যোগাযোগ কৰা হ'ব।
উল্লেখযোগ্য যে,,২০১৩ চনৰ পৰা গুৱাহাটীত আয়োজিত ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন স্থানৰ নতুন কণ্ঠ আৰু অৰ্থপূৰ্ণ চলচ্চিত্ৰক উৎসাহিত কৰাৰ এক মঞ্চ। বৰ্তমান ই দেশৰ অন্যতম সন্মানীয় আঞ্চলিক চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে । এই মহোৎসৱ তনুশ্ৰী হাজৰিকাৰ(পৰিচালক) নেতৃত্বত, পল্লৱী চুমকী বৰুৱা, সমুজ্জ্বল কাশ্যপ, কৰ্মা পালজৰ আৰু বিয়ন ডেনিছৰ সহযোগত উদযাপিত হৈ আহিছে। উপদেষ্টা সমিতিত ৰণী লাহিৰী, ৰীমা কাগতি, আদিল হুছেইন আৰু লীনা যাদৱৰ নাম উল্লেখযোগ্য । বিভিএফএফ-এ পূৰ্বৰ অনুষ্ঠানসমূহত ইতিমধ্যে ৰাজকুমাৰ হিৰাণী, ইমতিয়াজ আলী, বিশাল ভৰদ্বাজ, গৌৰী শিন্দে, ৰাজকুমাৰ ৰাও, ফাৰহান আখতাৰ আদিৰ দৰে নামী ব্যক্তিত্বক আমন্ত্ৰণ জনাইছে। এই উৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৃষ্টিশীল পৰিৱেশ দৃঢ় কৰি ভাৰতৰ বহুমুখী সংস্কৃতি আৰু বিশ্বৰ মাজত এক সাংস্কৃতিক সেঁতু গঢ়ি তোলাত সফল হৈছে ।

No comments:
Post a Comment