উৎসৱমুখৰ পৰিৱেশত নভোটেল গুৱাহাটীত আয়োজন আনন্দময় কেক মিক্সিং বাঞ্চৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 26 October 2025

উৎসৱমুখৰ পৰিৱেশত নভোটেল গুৱাহাটীত আয়োজন আনন্দময় কেক মিক্সিং বাঞ্চৰ


 


W7s news,,গুৱাহাটী, ২৬ অক্টোবৰ, ২০২৫: উৎসৱমুখৰ পৰিৱেশৰ আনন্দোল্লাসৰ মাজতে দেওবাৰে গুৱাহাটীৰ জি এছ ৰোডস্থিত নভোটেল গুৱাহাটীত অনুষ্ঠিত হয় বহু প্ৰত্যাশিত 'কেক মিক্সিং ব্ৰাঞ্চ’। এই অনুষ্ঠানে আনন্দ, ৰুচি আৰু ঐক্যৰ অনুভূতিৰে উৎসৱৰ বতৰৰ আৰম্ভণি সূচনা কৰে।

হোটেলখনৰ চিগনেচাৰ ৰেষ্টুৰেণ্ট ১৮৮ ডাউনটাউনত অনুষ্ঠিত হয় এই অনুষ্ঠান। অতিথি, শুভাকাংক্ষী আৰু চহৰৰ সমাজসেৱীসকলে একত্ৰিত হৈ আনন্দ, স্ফূৰ্তি আৰু সতেজ মিশ্ৰিত উপাদানৰ মনোমোহা সুগন্ধিৰে ভৰা দুপৰীয়াটো উপভোগ কৰে। এই উৎসৱৰ আৰম্ভণি হয় এক আড়ম্বৰপূৰ্ণ ব্ৰাঞ্চৰ জৰিয়তে, য’ত বিভিন্ন ধৰণৰ সুস্বাদু স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য পৰিবেশন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় প্ৰত্যাশিত পৰম্পৰাগত কেক মিক্সিং চেছন। এই চেছনত অতিথিসকলে পাক-কলা বিশেষজ্ঞৰ দলৰ সৈতে উৎসাহেৰে ড্ৰাই ফ্ৰুইটছ, বাদাম, কেণ্ডিড পিল আৰু সুগন্ধি মছলাৰ মিশ্ৰণ ঘটায়। এই আনন্দময় অনুষ্ঠানটোৱে উৎসৱৰ প্ৰকৃত চেতনা উদ্ভাসিত কৰি প্ৰতীকীভাৱে আনন্দ, প্ৰাচুৰ্য্য আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে।


লাইভ মিউজিক আৰু ৰঙীন সজ্জাৰে সজ্জিত অনুষ্ঠানটোৱে ঐক্য আৰু আনন্দৰ উৎসৱমুখৰ মনোভাৱক অনন্যভাৱে প্ৰতিফলিত কৰে। সকলো বয়সৰ অতিথিয়ে কেক মিক্সিঙত অংশগ্ৰহণ কৰি ভাগ-বতৰা আৰু একেলগে থকাৰ প্ৰকৃত মনোভাৱক উদযাপন কৰে।


এই অনুষ্ঠানটো আছিল নভোটেল গুৱাহাটীৰ নতুন জেনেৰেল মেনেজাৰ বিনীত কুমাৰ মিশ্ৰৰ নেতৃত্বত প্ৰথমটো বৃহৎ অনুষ্ঠান। অনুষ্ঠানটো সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি তেওঁ কয়, "নভোটেল গুৱাহাটীত কেক মিক্সিং ব্ৰাঞ্চ আমাৰ অন্যতম আদৰৰ পৰম্পৰা, যিয়ে মানুহক একত্ৰিত কৰে আৰু তেওঁলোকক আনন্দৰ ভাগ-বতৰা কৰাৰ সুযোগ দিয়ে। এইবাৰ আমাৰ অতিথিসকলৰ আন্তৰিকতা আৰু উৎসাহৰ দ্বাৰা আমি সঁচাকৈয়ে অনুপ্ৰাণিত হৈছো। এটা বিশ্বাসযোগ্য আতিথ্য ব্ৰেণ্ড হিচাপে আমাৰ লক্ষ্য হৈছে এনে অভিজ্ঞতা সৃষ্টি কৰা যিয়ে মানুহক সংযোগ কৰে, আত্মাৰ উত্তৰণ ঘটায় আৰু অসমৰ আৱেগৰ প্ৰতিফলন ঘটায়।”


ইফালে, জেনেৰেল মেনেজাৰ বিনীত কুমাৰ মিশ্ৰৰ নেতৃত্বত নভোটেল গুৱাহাটীয়ে উৎকৃষ্টতাৰ নতুন উচ্চতাত উপনীত হোৱাৰ লক্ষ্য ৰাখিছে, য’ত অতিথিৰ অভিজ্ঞতা আৰু অধিক সমৃদ্ধ হ’ব আৰু অঞ্চলটোৰ অন্যতম প্ৰিয় আতিথ্য স্থলী হিচাপে তেওঁলোকৰ স্থান আৰু অধিক শক্তিশালী হ’ব। উল্লেখযোগ্য যে, হোটেলখনে সংস্কৃতি, সমাজ আৰু সম্পৰ্কক উদযাপন কৰা অভিজ্ঞতা সৃষ্টি কৰি আহিছে, যিবোৰ মূল্যবোধ প্ৰতিটো নভোটেল উদযাপনৰ মূলতে নিহিত হৈ আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here