পিয়াৰলেছ হাস্পতালৰ জীৱন ৰক্ষাকাৰী সফলতাঃ হাওঁফাওঁত ফাটি যোৱা হাইডাটিড চিষ্ট থকা যুৱতীৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 9 October 2025

পিয়াৰলেছ হাস্পতালৰ জীৱন ৰক্ষাকাৰী সফলতাঃ হাওঁফাওঁত ফাটি যোৱা হাইডাটিড চিষ্ট থকা যুৱতীৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন

 

W7s news,,গুৱাহাটী; অক্টোবৰ ৯, ২০২৫: গুৱাহাটীৰ অগ্ৰণী  ছুপাৰ স্পেচিয়েলিটি স্বাস্থ্যসেৱা প্ৰতিষ্ঠান পিয়াৰলেছ হাস্পতালে প্ৰাণঘাতী এনাফিলেক্টিক শ্বকৰ ফলত জটিল হৈ পৰা পালমোনাৰী হাইডাটিড চিষ্ট ফাটি যোৱা এগৰাকী ২৮ বছৰীয়া মহিলাৰ জীৱন ৰক্ষাকাৰী অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। উল্লেখ্য যে, এই জটিল চিকিৎসা পৰিচালনা কৰে হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসক ডা০ আছিফ ইকবাল হুছেইন (জ্যেষ্ঠ পৰামৰ্শদাতা, আভ্যন্তৰীণ চিকিৎসা), ডা০ জ্যোতি প্ৰসাদ কলিতা (পৰামৰ্শদাতা, ছি টি ভি এছ চাৰ্জন), আৰু ডা০ বন্দনা সিনহা (জ্যেষ্ঠ পৰামৰ্শদাতা, ক্ৰিটিকেল কেয়াৰ)ৰ নেতৃত্বত পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ দলে। 

উল্লেখ্য যে, যোৱা ১ জুলাইত জ্বৰ, ঠাণ্ডা, উশাহ লোৱাত কষ্ট, অতিৰিক্ত তৰল পদাৰ্থৰ সৈতে কফ উৎপন্ন হোৱাৰ লক্ষণৰ সৈতে যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ভৰ্তি হোৱাৰ সময়ত তেওঁৰ ৰক্তচাপ অতি কম আছিল, হৃদস্পন্দন দ্ৰুত আছিল, উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল। কিন্তু নাকত অক্সিজেন সমৰ্থনৰ সহায়ত তেওঁৰ অক্সিজেনৰ মাত্ৰা বজাই ৰাখিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত আই চি ইউত ষ্টেৰইড, এন্টিবায়টিক, ইণ্ট্ৰাভেনাছ ফ্লুইডছ আৰু মাইল্ড ইন’ট্ৰপিক চাপৰ্টৰ জৰিয়তে জৰুৰীকালীন চিকিৎসা আৰম্ভ কৰা হয়।


ৰোগীৰ পৰীক্ষাত তেজৰ মুঠ কোষ সংখ্যা আৰু চি আৰ পিৰ মাত্ৰা বেছি হৈ থকা ধৰা পৰে। পেটৰ আল্ট্ৰাছাউণ্ড পৰীক্ষাত হেপাট'স্প্লিন'মেগালী (যকৃত আৰু প্লীহা ডাঙৰ হৈ থকা) আৰু যকৃতত চিষ্টিক মাছ গ্ৰন্থি দেখা পোৱা যায়, যিয়ে ডাঙৰ হাইডাটিড চিষ্ট থকাৰ সন্দেহ জগায়। বক্ষৰ চিটি স্কেন পৰীক্ষাত বাওঁফালৰ পিছৰ ভাগত ৮.৫ x ৯ ছে.মি. আকাৰৰ ডাঠ দেৱালযুক্ত কেভিটেৰী গ্ৰন্থি দেখা যায়, যাৰ ভিতৰত বায়ু-তৰল স্তৰ আছিল। লগতে অলপ পৰিমাণৰ তৰল পদাৰ্থ জমা হৈ থকা আৰু যকৃতত একাধিক চিষ্টিক গ্ৰন্থি ধৰা পৰে।

ৰোগীগৰাকীৰ হাওঁফাওঁ আৰু যকৃতত একাধিক হাইডাটিড চিষ্ট থকাৰ ইতিহাস আছিল আৰু দুমাহ ধৰি তেওঁ মৌখিক এলবেনডাজল চিকিৎসা গ্ৰহণ কৰি আছিল। প্ৰাৰম্ভিক অৱস্থা স্থিৰ হোৱাৰ পিছত, ৩ জুলাইত ফাটি যোৱা হাইডাটিড চিষ্টটো অস্ত্ৰোপচাৰৰ দ্বাৰা কাটি উলিওৱা হয় আৰু মাৰ্ছুপিয়েলাইজেচন কৰা হয়। অস্ত্ৰোপচাৰৰ পিছত ৰোগীগৰাকীৰ কোনো জটিলতা নোহোৱাকৈ ৬ জুলাইত স্থিৰ অৱস্থাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় আৰু চিকিৎসা অব্যাহত ৰাখিবলৈ মৌখিক এলবেনডাজল চিকিৎসা গ্ৰহণৰ পৰামৰ্শ দিয়া হয়।

এই চিকিৎসা সফলতা সন্দৰ্ভত মন্তব্য কৰি পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম দাসে কয়, ''এই ঘটনা আমাৰ চিকিৎসকৰ দলৰ বিশেষজ্ঞতা, নিষ্ঠা আৰু দলীয় কামৰ প্ৰমাণ। তেওঁলোকে অক্লান্তভাৱে কাম কৰি উত্তম চিকিৎসা সেৱা নিশ্চিত কৰিছে। পিয়াৰলেছত আমাৰ মূল লক্ষ্য হৈছে সুলভ মূল্যৰ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰা যাতে ৰোগীয়ে নিজৰ চহৰতে বিশ্বমানৰ চিকিৎসা লাভ কৰিব পাৰে। প্ৰতিটো সফল আৰোগ্যই সকলোৰে বাবে উন্নত চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰতি আমাৰ অংগীকাৰক শক্তিশালী কৰে।"

এই চিকিৎসা সাফল্য সন্দৰ্ভত মত প্ৰকাশ কৰি ডাঃ আছিফ ইকবাল হুছেইনে কয়, “হাওঁফাওঁৰ হাইডাটিড চিষ্ট ফাটি যোৱাটো জৰুৰীকালীন অস্ত্ৰোপচাৰৰ পৰিস্থিতি। ৰোগীৰ জীৱন ৰক্ষাৰ বাবে প্ৰাৰম্ভিক স্থিতিশীলতা আৰু সময়মতে চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়। এই পৰিস্থিতিত অস্ত্ৰোপচাৰ হৈছে চিকিৎসাৰ সোণালী মানদণ্ড, যাৰ মূল লক্ষ্য হ’ল চিষ্টটো সম্পূৰ্ণৰূপে আঁতৰাই একে সময়তে হাওঁফাওঁৰ স্বাভাৱিক কাৰ্য্যক্ষমতা ৰক্ষা কৰা।”

তেওঁ লগতে কয়, “উন্নয়নশীল অঞ্চলত হাওঁফাওঁৰ হাইডাটিড চিষ্ট এতিয়াও দেখা যায়। সেয়েহে চিকিৎসক আৰু ৰোগী উভয়ৰে মাজত সজাগতা অতি গুৰুত্বপূৰ্ণ, যাতে সময়মতে আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব পৰা যায় আৰু জটিলতাৰ পৰা হাত সাৰিব পৰা যায়।”

উল্লেখ্য যে, হাইডাটিড চিষ্ট ৰোগ হৈছে ইচিনোককাছ গ্ৰেনুলোছাছ নামৰ পৰজীৱীবিধৰ দ্বাৰা প্ৰাণীৰ পৰা প্ৰাণীলৈ হোৱা পৰজীৱী ৰোগ আৰু ই সাধাৰণতে যকৃত আৰু হাওঁফাওঁক আক্ৰান্ত কৰে। স্বাভাৱিক ক্ষেত্ৰত প্ৰায়ে ইমেজিং টেষ্টৰ জৰিয়তে এই ৰোগ ধৰা পৰে যদিও যদি ফাটি যায় বা জটিল হৈ পৰে তেন্তে জীৱন সংকটজনক এনাফিলেক্টিক শ্বক হোৱাৰ আশংকা থাকে।

এই চিকিৎসাই জটিল থ’ৰেচিক আৰু ক্ৰিটিকেল কেয়াৰ ইমাৰ্জেন্সি পৰিচালনা কৰিবলৈ পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ বিশেষজ্ঞতাক প্ৰকট কৰি তুলিছে। এই ঘটনাই অঞ্চলটোত বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here