W7s news,,গুৱাহাটী, ,১০ অক্টোবৰ, ২০২৫: আই. আই. টি. গুৱাহাটীৰ মেহতা ফেমিলি স্কুল অৱ ডাটা চাইন্স এণ্ড আৰ্টিফিচিয়েল ইন্টেলিজেন্স (MFSDS&AI)ৰ প্ৰথম বি.টেক. ডাটা চাইন্স এণ্ড এ.আই. শ্ৰেণীৰ (২০২১–২০২৫) স্নাতক ডিগ্ৰী অৰ্জন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাবে চিহ্নিত হৈছে।
২০২১ ত মেহতা ফেমিলি ফাউণ্ডেচন (MFF)ৰ সৈতে অংশীদাৰিত্বত আৰম্ভ হোৱা এই স্কুলখন আই. আই. টি. ব্যৱস্থাত প্ৰথমবাৰৰ বাবে ডাটা সায়েন্স আৰু এ.আই.ৰ ওপৰত স্নাতক পাঠ্যক্ৰম প্ৰদান কৰা প্ৰতিষ্ঠানবোৰৰ ভিতৰত আছিল, যি বৰ্তমানৰ বিশ্বব্যাপী কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানৰ আগতেই প্ৰতিষ্ঠা হৈছিল। চাৰি বছৰৰ পিছত, ইয়াৰ স্নাতকসকলে এনে এক অৰ্থনীতিত প্ৰৱেশ কৰিছে য’ত এ.আই. দক্ষতাৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পাইছে।
আই. আই. টি. গুৱাহাটীৰ আনুষ্ঠানিক নিয়োগ প্ৰতিবেদন অনুসৰি, প্ৰথম স্নাতকসকলৰ ৯১ শতাংশ শিক্ষার্থীয়ে নিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে। ২২ জন শিক্ষার্থীৰ ভিতৰত ২০ জনে শীৰ্ষ অনুষ্ঠানত নিয়োগ লাভ কৰিছে, আনহাতে দুজনে নিয়োগ প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। নিয়োগকৰ্তাৰ ভিতৰত আছে ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী, গুগল, মাইক্ৰ’চফট আদি। এজন ছাত্ৰই আমেৰিকাৰ পিটচবাৰ্গৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব।
এই সফলতাৰ ওপৰত মন্তব্য কৰি আই. আই. টি. গুৱাহাটীৰ সঞ্চালক, অধ্যাপক দেবেন্দ্ৰ জালিহালে ক’লে: “২০২১ চনত ডাটা সায়েন্স আৰু এ.আই.ত বি.টেক. কার্যক্রম আৰম্ভ কৰি আমি আগতীয়াকৈ প্রস্তুত হৈছিলো। আমাৰ প্ৰথম স্নাতকসকলৰ সফল নিয়োগে এই দক্ষতাৰ চাহিদা আৰু আমি গঢ়ি তোলা পাঠ্যক্ৰমৰ গুণগত মান দুয়োটাকে প্ৰমাণ কৰে। আমাৰ স্নাতকসকলে এই পৰিৱৰ্তনশীল পৰিস্থিতিত বিশ্বজুৰি অৱদান আগবঢ়াবৰ বাবে সাজু হৈ উঠিছে।”
মেহতা ফেমিলি ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা শ্ৰী ৰাহুল মেহতাৰ অনুসৰি এই ফলাফলে স্কূলৰ প্ৰতিষ্ঠাৰ মূল লক্ষ্যকে প্ৰতিফলিত কৰে: “এই সফলতা আমাৰ সকলোৰে বাবে গৌৰৱৰ মুহূৰ্ত। প্ৰথম স্নাতক শ্ৰেণীৰ সফলতা আই. আই. টি. গুৱাহাটীৰ অধ্যাপক সকলৰ নিষ্ঠা আৰু শিক্ষার্থীৰ প্ৰতিভাৰ প্ৰমাণ। ডাটা সায়েন্স আৰু এ.আই.ৰ স্কুল প্ৰতিষ্ঠাৰ বাবে আমাৰ অংশীদাৰিত্ব এই পৰিৱৰ্তনশীল ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সশক্তিকৰণৰ দৃষ্টিভংগীৰে গঢ় লৈ উঠিছিল। সেই দৃষ্টিভংগী বাস্তৱায়িত হোৱা দেখি সঁচাকৈয়ে আনন্দ অনুভৱ কৰিছোঁ।”
শিক্ষার্থীসকলৰ শৈক্ষিক যাত্ৰা বিজ্ঞান আৰু গণিতৰ এক ভিত্তিৰ ওপৰত গঢ় লৈ উঠিছিল, য’ত কম্পিউটাৰ বিজ্ঞান, অভিযান্ত্ৰিক, আৰু মানৱ বিজ্ঞানৰ আন্তঃবিষয়ক পাঠ্যক্ৰম অন্তর্ভুক্ত হৈছিল, আৰু ডাটা সায়েন্স, এ.আই. আৰু ইয়াৰ প্রায়োগিক পাঠ্যক্ৰম প্রদান কৰা হৈছিল। গ্ৰীষ্মকালীন প্রশিক্ষণৰ জৰিয়তে তেওঁলোকে ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিছিল, এজন ছাত্ৰই জাপানত আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাও লাভ কৰিব সক্ষম হৈছিল। চাৰি বছৰীয়া পাঠ্যক্ৰমত এবছৰীয়া প্ৰকল্পৰ উপাদান অন্তৰ্ভুক্ত আছিল, য’ত ছাত্ৰ-ছাত্ৰীয়ে ডীপফেক চিনাক্তকৰণ, লাৰ্জ লেংগুৱেজ মডেল অটোমেচন, কথোপকথনমূলক এ.আই., মাল্টিমোডেল হেল্থকেৰ, ফেডাৰেটেড লাৰ্নিং, আৰু ৰবটিক্সৰ দৰে অত্যাধুনিক বিষয়ৰ ওপৰত গৱেষণা কৰিছিল। এই কাম বহুতু কনফাৰেন্স আৰু গৱেষণাপত্রত প্ৰকাশিত হৈছে বা প্ৰকাশৰ বাবে পৰ্যালোচনাধীন। নিয়োগৰ বাহিৰেও, তেওঁলোকে আন্তঃ-আই. আই. টি. প্রযুক্তি সমাৰোহ, কাগল মাষ্টাৰ্ছ, জেপিএমচি কোয়াণ্ট চেলেঞ্জ, নোবিয়াছ ফিনান্স ইনভেষ্টমেণ্ট চেলেঞ্জ, আমাজন এমএল, এড’ব জেনচলভ, আৰু চিটাডেল টাৰ্মিনেলৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেকাথনতো উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। কেইবাজনো ছাত্ৰই আই. আই. টি. গুৱাহাটীৰ বিভিন্ন ছাত্ৰ ক্লাবত নেতৃত্ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
অধ্যাপক ৰত্নজিৎ ভট্টাচাৰ্য, স্কুলৰ মুৰব্বীয়ে ব্যাখ্যা কৰি ক’লে: “আমাৰ গৌৰৱ শিক্ষার্থীসকলৰ ফলাফলৰ বৈচিত্রতাত। কিছুমান বৃত্তিজনীত নেতৃত্বৰ পথত প্ৰৱেশ কৰিছে, আন কিছুমানে উন্নত গৱেষণাৰ দিশত আগবাঢ়িছে। এই নমনীয়তাই শিক্ষার্থীৰ মাজৰ পৰা বিশ্বমানৰ সমস্যা সমাধানকাৰী প্ৰস্তুত কৰাত পাঠ্যক্ৰমৰ কার্যকৰীতা প্ৰদৰ্শন কৰে।”
এই সাফল্য ২৫ জনতকৈ অধিক অধ্যাপক, লগতে এমআইটি (MIT), পাৰ্ড্যু (Purdue), ইউচিএছডি (UCSD), আৰু ইউনিভাৰ্চিটি অফ ওকলাহোমাৰ (University of Oklahoma) দৰে বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় উপদেষ্টাসকলৰ সহায়ৰে সম্ভৱ হৈছে। অধ্যাপকসকলৰ গৱেষণা হেল্থকেৰ এ.আই., বিত্ত, নিউৰছায়েন্স ইন্সপায়াৰদ কম্পিউটিং, আৰু অডিঅ’, দৃশ্য, পাঠ্য, আৰু মাল্টিমোডেল এ.আই.ৰ দৰে বিভিন্ন ক্ষেত্ৰত বিস্তৃত, য’ত ডি. এছ. টি. (DST), ডি.আৰ.ডি.অ. (DRDO), আই.এছ.আৰ.অ. (ISRO), এ.এন.আৰ.এফ. (ANRF), আৰু ইণ্ডো-ডাচ (Indo-Dutch) মেৰিয়ান ফাণ্ডৰ দৰে সংস্থাৰ পৰা বিত্তিয় পুঁজি লাভ কৰিব সক্ষম হৈছে।
এই স্কুলে এম. টেক, পি. এইচ. ডি., আৰু অনলাইন বি. এছ. চি. (অনাৰ্ছ) পাঠ্যক্ৰমো আগবঢ়ায়, যিয়ে ভাৰত আৰু বিদেশৰ পৰা ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰে। স্কুলৰ প্ৰথম স্নাতক শিক্ষার্থীসকলৰ সফলতাৰ লগে লগে আই. আই. টি. গুৱাহাটী আৰু মেহতা ফেমিলি ফাউণ্ডেচনে এ.আই. শিক্ষা আৰু গৱেষণাৰ বাবে এক গুৰুত্বপূর্ণ কেন্দ্ৰক বাস্তবায়িত কৰিছে, যি অনুসৰনকাৰীৰূপে নহয় বৰঞ্চ পথপ্ৰদৰ্শকৰ ৰূপত এক বলিষ্ঠ ভূমিকা পালন কৰিছে।
No comments:
Post a Comment