শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি”শীৰ্ষক কাৰ্যসূচী ইউনিচেফৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 13 October 2025

শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি”শীৰ্ষক কাৰ্যসূচী ইউনিচেফৰ

 “

চাহ বাগান আৰু বানপ্ৰবন অঞ্চলৰ ছোৱালীক শিক্ষা প্ৰদানৰ পদক্ষেপ

W7s news,,গুৱাহাটী ১৩ অক্টোবৰ : ইউনিচেফ ইণ্ডিয়াই  ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল  চমুকৈ আই চি চি আৰু ইয়ং ইণ্ডিয়ানছ চি আই আই– ৱাই আইৰ সহযোগত আজি গুৱাহাটীত আয়োজিত এক আলোচনা চক্ৰত অসমৰ চাহ বাগিচা আৰু বানপ্ৰৱণ অঞ্চলৰ ছোৱালীসকলক শিক্ষা প্ৰদানৰ লগতে নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগীতা আগবঢ়াবলৈ বিশেষ ৰোডমেপ তৈয়াৰ কৰে।  অংশীদাৰসকলে চাহ বাগান আৰু বানপ্ৰবন অঞ্চলত চি এছ আৰ-সমৰ্থিত কাৰ্য্যসমূহৰ বিষয়ে আলোচনা কৰে আৰু দ্ৰুতগতিত সেই কাৰ্যসূচী সমুহ ৰূপায়ন কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে।অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই ভাষণত ৰাজ্য চৰকাৰে দক্ষতা বিকাশৰ জৰিয়তেই ৰূপায়ন কৰা আঁচনিৰ কথা উল্লেখ কৰি অংশীদাৰ সকলক তেওঁলোকৰ  চি এছ আৰৰ জৰিয়তে যি সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ইউনিচেফ ইণ্ডিয়াৰ উপ-প্ৰতিনিধি অৰ্জন ডি ফাউণ্ডেচন  লাৰ্নিং এণ্ড নিউমেৰচি এফ এল এন আৰু স্কিলিং-টু-ৱৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমৰ্থিত “কেচ-প্লাছ” ডেলিভাৰী সমৰ্থন যেনে সঠিক স্তৰত পাঠদান, শিক্ষক প্ৰশিক্ষণ, মাতৃভাষাৰ সামগ্ৰী, আৰু বানপানীৰ সময়ত প্ৰি-পজিচনড কন্টিনিউটি কিটছৰ ওপৰত আলোকপাত কৰে। একেদৰে চি এ


ছ আৰৰ এই শিক্ষণ প্ৰক্ৰিয়াত আমি যদি আমাৰ শক্তি যদি দুগুণ বৃদ্ধি কৰোঁ তেন্তে লক্ষ্যত উপনীত হোৱাটো অতি সহজ হব বুলি তেঁও উল্লেখ কৰে।আইচিচিৰ এম্বেচাদ্দৰ তথা কিংবদন্তি ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে আই চি চিৰ পৰিয়াল আৰু অনুৰাগীসকলক ইউনিচেফৰ “শিশুৰ প্ৰতি প্ৰতিশ্ৰুতি” শীৰ্ষক সহযোগীতা আগবৰোৱাৰ লগতে ছোৱালীৰ শিক্ষাৰ এই বাৰ্তা সকলোৰে মাজলৈ আগুৱাই নিবলৈ আহ্বান জনায়।উক্ত অনুস্থানত অংশীদাৰসকলে চাহ-বাগিচা আৰু বান-প্ৰৱণ অঞ্চল সমূহত চি এছ আৰ-সমৰ্থিত কাৰ্য্যসূচী সমূহ চলাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহন কৰে ৰছোৱালী সকলক মৌলিক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ইউনিচেফৰ এই চি এছ আৰ কাৰ্য্যসূচী মেৰুদণ্ড হিচাপে বিবেচিত হব।

ইউনিচেফ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বকে ধৰি পৰৱৰ্তী পদক্ষেপৰ কথা ঘোষণা কৰি এ আই ডি চিৰ পৰিচালন সঞ্চালক মেঘা নিধি দাহালে শলাগৰ শৰাই আবঢ়াই সকলোৰে সহযোগিতাত প্ৰতি গৰাকী ছোৱালীক মৌলিক শিক্ষা প্ৰদানৰ এই কাৰ্য্যসূচী সফল হব বুলি আশা ব্যক্ত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here