এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ 'চিলভাৰ এম্প'ৰিয়াম' নতুন এক্সক্লুছিভ শ্ব'ৰূম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 7 October 2025

এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ 'চিলভাৰ এম্প'ৰিয়াম' নতুন এক্সক্লুছিভ শ্ব'ৰূম মুকলি


 

W7s news,,গুৱাহাটী, ৭ অক্টোবৰ: উত্তৰ পূ্বাঞ্চলৰ বিশ্বাসযোগ্য আৰু প্ৰসিদ্ধ গহনা প্ৰতিষ্ঠান গুৱাহাটী খ্ৰীষ্টায়ান বস্তিৰ এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডে আয়কৰ ভৱনৰ সম্মুখত থকা শংকৰ কমপ্লেক্সৰ প্ৰথম মহলাত তেঁওলোকৰ নতুন এক্সক্লুছিভ শ্ব'ৰূম 'চিলভাৰ এম্প'ৰিয়াম'ৰ আজি আনুষ্ঠানিক ভাবে মুকুলি কৰে।

 উক্ত অনুষ্ঠানত  এল. গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক জগমোহন ছনীয়ে জানিবলৈ কয় যে এই নতুন সংযোজনে তেঁওলোকৰ গ্ৰাহকসকলক অতুলনীয় গহনাৰ অভিজ্ঞতা প্ৰদান কৰাৰ ক্ষেত্ৰত আন এক মাত্ৰা প্ৰদান কৰিব। এই নতুন শ্ব'ৰূম 'চিলভাৰ এম্প'ৰিয়াম' সততে পৰিচালিত ৰূপত ডিজাইন কৰা হৈছে আৰু এক বিস্তৃত আৰু ৰুচিশীল চিলভাৰ গহনাৰ সংকলন প্ৰদৰ্শন কৰা হৈছে।এই নতুন শ্ব'ৰূমটো দিব খুচৰা বিক্ৰীৰ এক বিশেষ অভিজ্ঞতা। অনন্য ডিজাইন আৰু সূক্ষ্মভাৱে নিৰ্মিত চিলভাৰ, গহনা আৰু উপহাৰ সামগ্রীসমুহ পছন্দ কৰাত গ্ৰাহক সকলৰ বাবে বিশেষ সহায়ক হব এই নতুন শ্ব'ৰূমটো। অনুষ্ঠানটোত সঞ্চালক যোগেশ ছনীয়ে কয় যে 

চিলভাৰ এম্প'ৰিয়াম শ্ব' ৰূমটো উত্তৰ-পূবৰ অন্যতম বৃহৎ চিলভাৰ প্ৰতিষ্ঠান হিচাপে চিহ্নত হব। শ্ব'ৰূমটোত ৯২.৫  শুদ্ধতাৰ চিলভাৰ আভৰণ আৰু শিল্পকলা সমগ্ৰীৰ এক মনোমোহা সংগ্রহ প্ৰদৰ্শন কৰা হৈছে, য'ত গ্ৰহকসকলে আশা কৰা ধৰণে হস্তনির্মিত ভাস্কৰ্য, শিল্পৰ মাস্টাৰপিছ, আৰু লাইফষ্টাইল এক্সেছৰিজৰ বিস্তৃত সমাহাৰ উপলব্ধ হৈছে।উল্লেখযোগ্য যে নতুন শ্ব'ৰূমত১০, ০০০টাত অধিক ডিজাইনৰ চিলভাৰ জুয়েলাৰী, সামগ্ৰী আৰু বাটী-পাতিৰ নক্সা উপলব্ধ আছে।চিলভাৰ এম্প'ৰিয়াম খ্ৰীষ্টিয়ান বাস্তিৰ এল. গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ এটা সহোদৰ প্ৰতিষ্ঠান। যোগেশ  ছনীয়ে আৰু কয় যে আমি নতুন নতুন ডিজাইনৰ গহনা গুৱাহাটীৰ বজাৰত মুকলি কৰি দিবলৈ পাই আনন্দিত।গ্ৰাহকক বিশুদ্ধ আৰু উন্নত মানদণ্ডৰ গহনা যোগান ধৰাই আমাৰ লক্ষ্য আৰু উদেশ্য।

এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডে  চিলভাৰ এম্প'ৰিয়াম'ৰ জৰিয়তে উৎকৰ্ষতা, নতুনত্ব আৰু গ্ৰাহকক সন্তুষ্টিৰ পৰম্পৰা অব্যাহত ৰাখি, আধুনিক ডিজাইনৰ গহনা যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চিলভাৰ এম্প'ৰিয়ামৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে গ্ৰাহকে লাভ কৰিব বিশেষ ৰেহাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here