উত্তৰ-পূৱ ভাৰতত গ্ৰীন এনাৰ্জিৰ বাবে অটো চেলছ ইণ্ডিয়া লিমিটেডৰ সৈতে জি ই অ এনৰ সহযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 4 October 2025

উত্তৰ-পূৱ ভাৰতত গ্ৰীন এনাৰ্জিৰ বাবে অটো চেলছ ইণ্ডিয়া লিমিটেডৰ সৈতে জি ই অ এনৰ সহযোগিতা

 


W7s news  গুৱাহাটী : উত্তৰ পূৱ ভাৰতত বিগত ২৫ বছৰ ধৰি বজাৰৰ নেতৃত্ব বহন কৰি অহা অটো চেলছ ইণ্ডিয়া লিমিটেডৰ সৈতে লিথিয়াম-আয়ন গ্ৰীন এনাৰ্জি সমাধানৰ পায়োনীয়াৰ জি ই অ এনে কৌশলগত সহযোগিতা আগবঢ়াইছে। এই সহযোগিতাই জি ই অ এনৰ  বজাৰ প্ৰচাৰৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হোৱাৰ লগতে বিকশিত ভাৰতৰ বাবে প্ৰযুক্তিৰ এক নতুন চুক্তি লাভ কৰিব। জি ই অ এনে একেলগে অটো চেলছ ইণ্ডিয়া লিমিটেডৰ সৈতে মিলি উত্তৰ-পূৱ ভাৰতৰ সাতখন ৰাজ্যত ইভি বেটাৰী আৰু ইনভাৰ্টাৰ বেটাৰী প্ৰস্তুত কৰাৰ লগতে  উৎকৃষ্ট মানৰ সেৱা আৰু বিতৰণৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিব।ইনভার্টাৰ বেটাৰীসমূহ বিভিন্ন প্ৰয়োগৰ বাবে সৌৰ আৰু গ্ৰিড প্ৰণালীৰ সৈতে সংলগ্ন হব। ইভি বেটাৰী সমুহ বৈদ্যুতিক তিনি চকীয়া বাহনৰ খণ্ডৰ সৈতেও সংযোজন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জি ই অ এনৰ স্মাৰ্ট  বেটাৰীসমুহ দ্ৰুত চার্জিং, দীৰ্ঘ আয়ু আৰু অনলাইন আৰু অফলাইন সেৱাৰ সহায়ৰ নিশ্চয়তা প্ৰদান কৰিব।সেউজ শক্তি পৰিৱেশত এক বিশ্বাসযোগ্য উদ্ভাৱনৰ লক্ষ্যৰে কব্রা এক্সট্ৰাচন টেকনিক লিমিটেডৰ সৈতে শক্তিশালী পৰম্পৰাত সমৰ্থিত জি ই অ এন ২০১৮ চনতেই প্ৰতিষ্ঠা লাভ কৰিছিল। গৱেষণা আৰু উন্নয়ন, আধুনিক উৎপাদনৰ সক্ষমতা, আৰু সমগ্ৰ ভাৰতৰ বিতৰণ নেটৱৰ্কত গভীৰ দক্ষতা থকা জি ই অ এনে নিজকে গতি, আবাসনিক, টেলিকম, আৰু গ্ৰিড খণ্ডত উচ্চ-পৰ্যায় লিথিয়াম-আয়ন বেটাৰীৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।অটো চেলছ ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ অৰুণ কুমাৰ বাজাজে কয় যে দুই দশকৰো অধিক সময় ধৰি, অটো চেলছ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ সৈতে স্থায়ী বিশ্বাস গঢ়ি তুলিছে। জি ই অ এনৰ  সৈতে অংশিদাৰিত্ব কৰি আমি গৰ্বিত যে উৎকৃষ্ট মানৰ সেৱাৰে উওৰ পূৰ্বাঞ্চলৰ উদ্ভাৱনী সেউজ শক্তি সমাধানৰ বজাৰ গঢ়ি  তোলাত বিশেষ সহায়ক হব।জি ই অ এনৰ পৰিচালন সঞ্চালক অনন্দ কাবৰাই কয় যে এই অংশিদাৰিত্বই ভাৰতক  উচ্চ-দক্ষতাৰ প্ৰযুক্তিৰে জি ই অ এনৰ শক্তি বৃদ্ধি কৰিব। চেলছৰ বিতৰণ নেটৱৰ্ক আৰু আমাৰ উন্নত প্ৰডাক্টৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো প্ৰান্তলৈ বিতৰণৰ বাবে সাজু হৈ উঠিছো।জি ই অ এনৰ প্ৰযুক্তিৰ নেতৃত্ব আৰু অটো চেলছৰ স্থানীয় দক্ষতাক একত্ৰিত কৰি, এই অংশিদাৰিত্বই উত্তৰ-পূৰ্ব ভাৰতত পৰৱৰ্তী প্ৰজন্মৰ শক্তি সমাধানৰ গ্ৰহণযোগ্যতা তীব্রতাৰে বৃদ্ধি কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here