প্ৰিমিয়াম উৎসৱমুখৰ অভিজ্ঞতাৰ বাবে বিশেষ কিউৰেটেড হেম্পাৰেৰে আলোকময় দীপাৱলীৰ প্ৰস্তুতি নভোটেল গুৱাহাটীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 6 October 2025

প্ৰিমিয়াম উৎসৱমুখৰ অভিজ্ঞতাৰ বাবে বিশেষ কিউৰেটেড হেম্পাৰেৰে আলোকময় দীপাৱলীৰ প্ৰস্তুতি নভোটেল গুৱাহাটীৰ


 

এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত হোটেল ব্ৰেণ্ডে উপস্থাপন কৰিছে হাতেৰে প্ৰস্তুত কৰা উপহাৰৰ এক অনন্য সংকলন, য’ত থাকিব উৎসৱমুখৰ উপহাৰৰ ক্ৰমবৰ্ধমান আধুনিকতাক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত ভাৰতীয় মিঠাইৰ সৈতে আধুনিক গোৰ্মেট ট্ৰিটৰ সংমিশ্ৰণ


W7s news,গুৱাহাটী,  ২০২৫: এবছৰীয়া প্ৰতীক্ষাৰ অন্তত অৱশেষত দুৱাৰদলিত আহি উপস্থিত হৈছে পোহৰৰ উৎসৱ দীপাৱলী। উৎসৱৰ এই আনন্দমুখৰ পৰিৱেশৰ মাজতে মহানগৰীৰ জি এছ ৰোডস্থিত নভোটেল গুৱাহাটীয়ে আধুনিকতাৰ পৰশেৰে গ্ৰাহকৰ বাবে লৈ আনিছে হাতেৰে প্ৰস্তুত কৰা উৎসৱমুখৰ হেম্পাৰৰ বিশেষ সংগ্ৰহ। পৰম্পৰাগত আৰু আধুনিক ৰুচি উভয়কে আকৰ্ষণ কৰিব পৰাকৈ ডিজাইন কৰা এই হেম্পাৰসমূহ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলৰ সৈতে উৎসৱৰ আনন্দ ভাগ কৰাৰ এক অনন্য উপায় হৈ পৰিব। একে সময়তে নগৰীয়া ভাৰতত প্ৰিমিয়াম আৰু ব্যক্তিগতকৃত উপহাৰৰ ক্ৰমবৰ্ধমান ধাৰাক অনন্যভাৱে প্ৰতিফলিত কৰিছে এই উপহাৰৰ টোপোলাই।


এই বিশেষ সংকলনত আছে চাৰিটা ভিন্ন হেম্পাৰ, য'ত আছে কাৰিগৰী মিঠাই, বিদেশী চকলেট, প্ৰিমিয়াম চাহ, বাদাম, কুকিজ, উৎসৱমুখৰ চাকি আৰু সুস্থতা ট্ৰিটৰ এক নিখুঁত মিশ্ৰণ বৈশিষ্ট্যঃ

লুমিনাছ দীপাৱলী হেম্পাৰ (১,৩৫০ টকা): আধুনিক উৎসৱমুখৰ সোৱাদৰ সৈতে ভৰপূৰ এই হেম্পাৰত আছে কাৰিগৰী ট্ৰাফেল, চহকী ফাজ আৰু গ্ৰেনোলা বাৰৰ বৈশিষ্ট্য।

ডিয়া ডিলাইট বক্স (১,৩৫০ টকা): পৰম্পৰাগত সোৱাদৰ এই সংকলনত অন্তৰ্ভূক্ত কৰা হৈছে ড্ৰাই ফ্ৰুটৰ লাড়ু, কাজু ৰোল আৰু বিদেশী বৰফি।

দীপাৱলী স্প্লেণ্ডাৰ বক্স (১,৮৫০ টকা): বাদাম, মচলাযুক্ত ক্ৰেনবেৰী, চকলেট আৰু পৰাম্পৰাগত মিঠাইৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা প্ৰিমিয়াম উপহাৰ।

লাক্স দীপাৱলী হেম্পাৰ (৪,০০০ টকা): গোৰ্মেট কুকিজ, কাৰিগৰী চাহ, চকলেট, উৎসৱমুখৰ মছলাযুক্ত সুস্বাদু খাদ্য, স্বাস্থ্যকৰ ট্ৰিট তথা মমবাতি আৰু চাকিৰ দৰে ৰুচিসম্পন্ন সজ্জাৰ এক বিলাসী সংগ্ৰহ।

নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ‘দীপাৱলী হৈছে আনন্দ, মিলন আৰু সম্প্ৰীতিৰ উৎসৱ। নভোটেল গুৱাহাটীত আমি বিচাৰো যে এই আনন্দৰ অনুভূতি প্ৰতিখন ঘৰতে পোৱা যাওক। আমাৰ হাতেৰে প্ৰস্তুত কৰা হেম্পাৰসমূহত পৰম্পৰাগত ভাৰতীয় মিঠাইৰ চহকী সোৱাদৰ সৈতে আধুনিক গোৰ্মেট উপাদানৰ সংমিশ্ৰণ ঘটোৱা হৈছে, যিয়ে বাসিন্দা আৰু কৰ্পৰেট অতিথিসকলক এক অনন্য উৎসৱমুখৰ অভিজ্ঞতা প্ৰদান কৰিব। আমি আশা কৰোঁ এই মননশীলভাৱে প্ৰস্তুত কৰা হেম্পাৰবোৰে সকলোৰে দীপাৱলীক বিশেষ আৰু স্মৰণীয় কৰি তুলিব।”


উল্লেখযোগ্য যে বিলাসীতা আৰু বহনক্ষমতাৰ প্ৰতিশ্ৰুতিৰ নিখুঁত মিশ্ৰণেৰে আজি নভোটেল গুৱাহাটী এক প্ৰিমিয়াৰ আতিথ্য গন্তব্যস্থান হিচাপে পৰিচিত। হোটেলখনে অৱসৰ আৰু ব্যৱসায়িক ভ্ৰমণকাৰী উভয়ৰে বাবে বিশ্বমানৰ সেৱা আৰু সুবিধা প্ৰদান কৰি আহিছে আৰু অতিথি, সমাজ আৰু পৰিৱেশৰ কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। উষ্ম আতিথ্য আৰু আধুনিক ধাৰণাৰে পৰিচিত এই হোটেলখন আজি আৰাম, ৰুচি আৰু দায়িত্বশীল বিলাসীতা বিচৰাসকলৰ বাবে এক পছন্দৰ গন্তব্যস্থানত পৰিণত হৈছে।

অৰ্ডাৰ আৰু তথ্যৰ বাবে যোগাযোগ কৰকঃ +৯১ ৭৫৭৭৮৮৪০০৪ নতুবা +৯১ ৭৫৭৭৮৮৪০২২ নম্বৰত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here