মেঘালয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ অংশগ্ৰহণৰে শ্বিলঙত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ; ন্যায়ৰ বাবে স্বাক্ষৰ অভিযান ; চি বি আই তদন্তৰ দাবী
শ্বিলং , ২০ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমতে নহয়, দেশ - বিদেশতো শিল্পী গৰাকীৰ অনুগামী - অনুৰাগী সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। যাৰ বাবে বিগত দিনকেইটাত অসমকে ধৰি দেশ বিদেশত থকা অসমীয়া লোক সকলেও বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আনহাতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত বাস কৰা অসমীয়া লোক সকলক প্ৰতিনিধিত্ব কৰা শ্বিলং কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কমিটী আৰু শঙ্কৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ যৌথ উদ্যোগত ১৯ অক্টোবৰত শিল্পী গৰাকীৰ এমহীয়া মৃত্যু দিনটোৰ লগত সংগতি ৰাখি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । দিনৰ ১১ বজাৰ পৰা শ্বিলঙৰ বিষ্ণুপুৰস্থিত দেৱ কুমাৰ দাস মেম'ৰিয়েল হলত অনুষ্ঠিত হোৱা অনুষ্ঠানটো জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সমূহীয়া বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱাৰ পাছত শ্বিলঙৰ শঙ্কৰদেৱ নামঘৰৰ আতৈ আৰু আয়তীসকলে নাম - কীৰ্ত্তন পৰিবেশন কৰাৰ উপৰিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চিগনেচাৰ কেম্পেইন তথা স্বাক্ষৰ অভিযান , জুবিন গাৰ্গৰ সংগীত , বৰগীত পৰিবেশন কৰা হয়। আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ মেঘালয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু পশুপালন বিভাগৰ মন্ত্ৰী ছানবৰ চুলায়ে ভাগ লৈ মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি কয় তেওঁ সংগীতৰ জৰিয়তে উত্তৰ পূবৰ জনতাক সাংস্কৃতিক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল। কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লগা পাওঁতে কথা প্ৰসংগত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ আৰু ন্যায়ৰ বাবে আৰ্জি জনোৱা বুলিও তেওঁ সদৰি কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভাগ লৈ মেঘালয়ৰ ইংৰাজী দৈনিক কাকত দ্যা শ্বিলং টাইমছৰ সম্পাদক পদ্মশ্ৰী পেট্ৰিচিয়া মুখিমে বিশ্ব বন্দিত শিল্পী গৰাকীয়ে সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি কয় আমি সমগ্ৰ ঘটনাটোৰ চি বি আই তদন্তৰ বাবে দাবী জনাইছো। আনহাতে ডাঃ দিগন্ত দাসে পৰিচালনা কৰা অনুষ্ঠানটোত শ্বিলঙৰ শংকৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি শোণিত কুমাৰ ফুকনকে ধৰি কেন্দ্ৰ আৰু শ্বিলং কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কমিটীৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে । অনুষ্ঠানত ভাগ লোৱা সকলোৱে জাষ্টিচ ফৰ জুবিন শীৰ্ষক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। সন্ধিয়া জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় ৫২ গছি বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।



No comments:
Post a Comment