W7s news,,গুৱাহাটী, ১১ অক্টোবৰ, ২০২৫: ভাৰতৰ নতুন আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা মাল্টি ব্ৰেণ্ড স্নিকাৰ গন্তব্যস্থান স্নিকাৰজ ষ্ট’ৰে আজি ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকৰ নতুন বিপণীৰ ভব্য উন্মোচনৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, এই বহু প্ৰত্যাশিত উদ্বোধনী অনুষ্ঠানটো 'ৰাণ এণ্ড ৰেভ’ শীৰ্ষক বিষয়বস্তুৰে ১১ অক্টোবৰত অনুষ্ঠিত হ’ব।
উত্তৰ-পূব ভাৰতত স্নিকাৰজৰ ৰোমাঞ্চকৰ মুকলিয়ে গ্ল’বেল স্নিকাৰ কালচাৰ, ফিটনেছ আৰু আধুনিক জীৱনশৈলীক একেখন চালিৰ তলত একত্ৰিত কৰিব। গুৱাহাটীৰ এই নতুন ষ্ট’ৰখনত নিউ বেলেন্স, অ’ন, ছকনি, এডিডাছ, পুমা আৰু এছিকছকে ধৰি শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ব্ৰেণ্ডৰ বিশেষ সংকলন উপলব্ধ কৰা হ’ব। এই সংকলনে গ্ৰাহকসকলক প্ৰদৰ্শন, আৰাম আৰু আধুনিক ফেশ্বনৰ এক অনন্য মিশ্ৰণ প্ৰদান কৰিব।
এই উপলক্ষে মত প্ৰকাশ কৰি স্নিকাৰজ ষ্ট’ৰৰ ব্ৰেণ্ড মুৰব্বী কাশিকা মালহোত্ৰাই কয়, ‘স্নিকাৰজক গুৱাহাটীলৈ আনিবলৈ পাই আমি আনন্দিত হৈছো। এই চহৰখন শক্তি, সৃষ্টিশীলতা আৰু ব্যক্তিত্বৰ প্ৰতীক। স্নিকাৰজ ষ্ট’ৰ কেৱল স্নিকাৰৰ বাবে এক গন্তব্যস্থানেই নহয়, এয়া হৈছে এখন সমাজ, য’ত আবেগ, প্ৰদৰ্শন আৰু আত্মপ্ৰকাশ একত্ৰিত হয়। ‘ৰান এণ্ড ৰেভ’ৰ জৰিয়তে আমি সেই আন্দোলনক উদযাপন কৰিছো যিয়ে আমাৰ পৰিচয়ত সাহসী, স্পন্দনশীল আৰু অপ্ৰতিৰোধ্য হিচাপে সজ্ঞায়িত কৰে।”

No comments:
Post a Comment