বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 10 October 2025

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপকৰ

 


W7s newsগুৱাহাটীঃ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ শেহতীয়া তালিকাত অন্তৰ্ভুক্ত হৈছে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপক। বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা এন এ এ চিৰ সমন্বয়ক অধ্যাপক কে জি ভট্টাচাৰ্যক পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, একেখন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ফাৰ্মাচীৰ অধ্যক্ষ অধ্যাপক ৰাজা চক্ৰৱৰ্তীক চিকিৎসা আৰু জৈৱ আণৱিক ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে।


উল্লেখ্য যে, বিগত ২০২০ চনৰ পৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত ধাৰাবাহিকভাৱে অন্তৰ্ভূক্ত হৈ আহিছে অধ্যাপক কে জি ভট্টাচাৰ্য। 


এই কৃতিত্বৰ সন্দৰ্ভত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ (ড°) জোচ পালেলিয়ে কয়, “আমাৰ অধ্যাপক দুগৰাকীৰ এই কৃতিত্বৰ বাবে আমি অতিশয় গৌৰৱান্বিত। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ এটা মূল লক্ষ্য হৈছে সমাজকেন্দ্ৰিক গৱেষণাক প্ৰসাৰিত কৰা। আমি বিশ্ববিদ্যালয়খনত এনে এক গৱেষণাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ য’ত কেৱল শিক্ষক বা গৱেষকসকলেই নহয়, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলেও গৱেষণাৰ প্ৰতি উৎসাহী হ’ব। আমাৰ স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ কিছুমানে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আলোচনীত নিজ নিজ বিষয়ৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।এয়া আমাৰ বাবে এক বৃহৎ আনন্দৰ কথা আৰু বিশ্ববিদ্যালয়খনৰ গৱেষণা পৰিৱেশৰ উজ্জ্বল প্ৰমাণ।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here