W7s news গুৱাহাটী : আজি বি. বৰুৱা কলেজ (স্বশাসিত)ৰ উদ্যোগত সংগীত শিল্পী তথা বি. বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক শ্ৰদ্ধাজ্ঞলি অনুষ্ঠান আয়োজন কৰা হয়। বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে মহান শিল্পীজনক স্মৰণ কৰে।বি. বৰুৱা কলেজৰ শিক্ষক গোটৰ সম্পাদক ড° সত্যব্ৰত বৰুৱাই আতঁ
ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বর্মনে কয়, বি. বৰুৱা কলেজৰ প্ৰতি জুবিনৰ হৃদয়ত বিশেষ স্থান আছিল। গুৱাহাটী বিশ্ববিদ্যালয় আয়োজিত যুৱ মহোৎসৱত বি. বৰুৱা কলেজক প্ৰতিনিধিত্ব কৰি পাশ্চাত্য সংগীতত স্বৰ্ণ পদক লাভ কৰি সংগীতৰ যাত্ৰা আৰম্ভ কৰি জুবিন গাৰ্গে সাংস্কৃতিক ক্ষেত্ৰত একক আৰু অভিন্ন প্ৰতিষ্ঠান হিচাপে কাম কৰি অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবেই বি. বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাই ২০২৪ মাৰ্চ মাহত এই মহান শিল্পীগৰাকীক ‘সূৰ্যকণ্ঠ’ উপাধিয়েৰে বিভূষিত কৰিছিল।
No comments:
Post a Comment