কালীবাৰী ৰে'লৱে কলনী দুর্গাপূজা উদ্বোধন বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 28 September 2025

কালীবাৰী ৰে'লৱে কলনী দুর্গাপূজা উদ্বোধন বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ


 

উদ্বোধনী অনুষ্ঠানত বিধায়ক জনকপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে 


W7s news,,গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ শাৰদীয় দুর্গাপূজাক লৈ ৰাজ্যত বৈছে উছাহৰ ঢল। ৰাজধানী মহানগৰীতো কেইবা শতাধিক পূজা মণ্ডপত দুর্গোৎসৱৰ বিসাল আয়োজন কৰা হৈছে। আজি যষ্ঠিৰ দিনটোত প্ৰতিখন পূজা মণ্ডপতেই উখল- মাখল পৰিৱেশ বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। মহানগৰীত শ্রীশ্রী দক্ষিণেশ্বৰী কালীবাৰী দুর্গাপূজা আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বিধায়ক সিদ্ধার্থ ভট্টাচার্যই। উদ্বোধনী অনুষ্ঠানত বিধায়ক ভট্টাচাৰ্যই অসম সন্তান জনকপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ সাংস্কৃতিক পৰিৱেশলৈ তেওঁৰ অপৰিসীম অৱদানক স্মৰণ কৰে।

ৰাজ্যজুৰি দুৰ্গা পূজা উদযাপনৰ বাবে অসম চৰকাৰৰ আৰ্থিক সাহায্যৰ পদক্ষেপৰ অংশ হিচাপে বিধায়কগৰাকীয়ে দুৰ্গা পূজা সমিতিলৈ ১০ হাজাৰ ₹ চেক প্ৰদান কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে মসৃণ আৰু হেঁচামুক্ত উদযাপন নিশ্চিত কৰা, প্ৰতিখন পূজা সমিতিয়ে ১০,০০০ ₹ লাভ কৰিব। লগতে মন্দিৰ কমিউনিটি হল উদ্বোধন কৰে।

এইবাৰ উত্তৰাখণ্ড কেদাৰনাথ মন্দিৰৰ থিমযুক্ত পাঁচদিনীয়া দুৰ্গা পূজাৰ কাৰ্যসূচীৰে আয়োজন কৰা ৭২তম্ কালীবাৰী দুর্গাপূজা আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে দুর্গোৎসৱ সমাজৰ এক ঐতিহ্য বহন কৰে। ধৰ্মীয় পৰম্পৰাৰ লগতে বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে এই দুর্গোৎসৱে। কালীবাৰী দুর্গোৎসৱ উদ্যাপন সমিতিয়ে এইবেলি পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিশাল দুর্গোৎসৱৰ এই পদক্ষেপক বিধায়কগৰাকীয়ে প্রশংসা কৰে। ইপিনে এই দুর্গোৎসৱৰ জড়িয়তে সকলো জাতি-জনগোষ্ঠীকে সমন্বয়ৰ আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক শক্তিশালী কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। আজিৰ অনুষ্ঠানটোত কালীবাৰী দুর্গোৎসৱ উদ্যাপন সমিতিৰ সভাপতি বদ্ৰী প্ৰসাদ বৰবতী 

সম্পাদক বিশ্বজিৎ চন্দা, 

কৌসদয়াক্ষদ্বয় সপ্তদীপ দাস আৰু বিশ্বজিৎ দেবনাথ লগতে চিফ পেট্ৰ'ন নাৰায়ণ আগৰৱালাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here