W7s news গুৱাহাটী: গুৱাহাটীৰ ছয়মাইস্থিত পিপলচ ট্রী ইনৰ 'স্পেচ' প্রেক্ষাগৃহত বুধবাৰে অনুস্থিত হোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সংবাদ মেলত ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই ছপা, বৈদ্যুতিন আৰু সামাজিক মাধ্যমৰ যোগেদি ৰাইজৰ জ্ঞাতার্থে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বছৰজোৰা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে আৰু প্ৰচাৰ আৰু যোগদানৰ ক্ষেত্ৰত সহযোগিতা বিচাৰে।
সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী চলিত ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰলৈকে অর্থাৎ তেওঁৰ শততম জন্মদিৱসৰ পৰা জন্ম শতবার্ষিকীৰ দিনটোলৈকে বছৰযোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে বিভিন্ন কার্য্যসূচী হাতত লৈছে। এই কাৰ্য্যসূচী লানিৰ প্রথম কাৰ্য্যসূচী স্বৰূপে ৭ ছেপ্টেম্বৰৰ পূৱা সুধাকণ্ঠৰ শততম জন্মদিৱসৰ প্রাকক্ষণত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু পূর্বোত্তৰ প্রাদেশীয় মাড়োবাৰী যুব মঞ্চই যুটীয়া ভাবে এক চাইকেল বেলীৰ আয়োজন কৰিছে। অসমৰ বিভিন্ন স্থানত পঞ্চাশখন ৰেলী অনুষ্ঠিত কৰিবলৈ লোৱাৰ লগতে নাগালেণ্ড আৰু অৰুণাচল প্রদেশতো এই ৰেলী অনুষ্ঠিত হ'ব। গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰৰ পৰা পূৱা ৬ বজাত আৰম্ভ হ'ব লগা এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য্য ড' ননী গোপাল মহন্তই আৰু সামৰণি অনুষ্ঠানত উপস্থিত আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্ত।
উল্লেখ্য, যে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ প্ৰস্তুতি স্বৰূপে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু পূর্ব্বাত্তৰ প্রাদেশীয় মাড়োৱাৰী যুব মঞ্চৰ উদ্যোগত বিগত জুলাই-আগষ্ট মাহত লক্ষিমপুৰ, ধেমাজী, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, মৰাণহাট, যোৰহাট, ডেৰগাওঁ, গুৱাহাটী জ্যোতি চিত্রবন আৰু কলকাতাত কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ সহযোগত পূর্ণাংগ ভূপেন্দ্র সংগীতৰ কৰ্মশালা অনুস্থিত কৰা হয়।
ড° ভূপেন হাজৰিকাৰ শততম জন্মদিবস অর্থাৎ ৮ ছেপ্টেম্বৰৰ দিনটো ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু গুৱাহাটীৰ পাঞ্জাৱৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ যুটীয়া উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র চৌহদত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হব। সেইদিনা পুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সুধাকণ্ঠৰ শততম জন্মদিবসৰ সৈতে সংগতি ৰাখি অসমৰ সামাজিক-সাংস্কৃতিক-শৈক্ষিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত এশ (১০০) খন পতাকা উত্তোলন কৰা হ'ব। এই গাম্ভীর্য্যপূর্ণ অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত 'নতুন নতুন সাহ' শতাধিক শিল্পীয়ে সমবেত সংগীত ৰূপে পৰিবেশন কৰাৰ উপৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ সম্মিলিত শিল্পীৰ দলে এক আকর্ষণীয় অনুষ্ঠান পৰিৱেশন কৰিব।
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ইতিপূর্বে সংবাদ মাধ্যমৰ যোগেৰে অসমৰ ৰাইজক অবগত কৰা অনুসৰিয়েই ২৬ ছেপ্টেম্বৰত অৰুণাচল প্রদেশ চৰকাৰৰ উদ্যোগত আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সক্রিয় সহযোগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষিকী অনুষ্ঠান গাম্ভীৰ্য্যপূর্ণ তথা উলহ মালহেৰে সুধাকণ্ঠৰ জন্মস্থান অৰুণাচল প্ৰদেশৰ বলুং গাওঁ আৰু সমীপৱৰ্ত্তী ৰয়িং চহৰত পালন কৰাৰ প্রস্তুতি পূর্ণগতিত চলি আছে। অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী আৰু উপমুখ্যমন্ত্রীৰ বিশেষ উদ্যোগত অতি আড়ম্ববপূর্ণ ভাবে এই অনুস্থানৰ আয়োজন কৰা হৈছে, য'ত অসম আৰু অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী দুগৰাকীৰ লগতে দুয়োখন ৰাজ্যৰে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। এই উপলক্ষে ভুপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বছেৰেকীয়া পত্রিকা 'ভূপেন্দ্রজ্যোতি'ৰ বিশেষ সংখ্যা ন্যাসৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ উপৰি অৰুণাচল প্ৰদেশৰ জন্ম শতবার্ষিকী আয়োজক সমিতি আৰু সাংস্কৃতিক ন্যাসৰ যুটীয়া প্রচেষ্টাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিৰ সম্পাদনাত 'অৰুণ ভূপেন' নামেৰে এখন বৃহৎ কলেবৰৰ দ্বিভাষিক স্মৃতিগ্রন্থ প্রকাশ কৰাৰো প্রস্তুতি চলাই থকা হৈছে।বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো ন্যাসে 'ভূপেন হাজৰিকা সমন্বয় বঁটা' প্রদান কৰিব বিচাৰিছে অৰুনাচল প্রদেশৰ এগবাকী কিংবদন্তি কণ্ঠশিল্পী হেমন্ত বেঙীয়া দেবলৈ। ড° ভূপেন হাজৰিকাৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁ বহু ক্ষেত্রতে অবদান আগবঢ়াইছিল। বিশেষকৈ অৰুণ কিৰণ ছিছ ভূষণৰ গীত আৰু সংগীত সৃষ্টিত, লগতে "অসম আমাৰ ৰূপহী গুণৰো নাই শেষ" নামৰ অসমীয়া গীতখনৰ সংগীত উপদেষ্টা হিচাপে তেওঁৰ নাম বিশেষভাবে স্মৰণযোগ্য।
ইয়াৰ উপৰি, "মেৰা ধৰম মেৰী মা" ছবিৰ সংগীতৰ ক্ষেত্ৰতো বেঙীয়াই ড° ভূপেন হাজৰিকালৈ সহযোগিতা আগবঢ়াইছিল। ভূপেন হাজৰিকাৰ গীত বহুকেইটা ভাষাত গোৱাৰ বাবে তেওঁ যথেষ্ট জনপ্রিয়ও হৈছিল। অসমীয়া, হিন্দী, নিছি, অপাতানি, গালো আদিৰ লগতে অৰুণাচলৰ বিভিন্ন জনজাতীয় ভাষাতো তেওঁ গোৱা ভূপেন হাজৰিকাৰ গীত শুনি সকলো মোহিত হৈছিল। অৰুণাচল প্রদেশৰ ৰয়িঙত হ'বলগীয়া ২৬ ছেপ্টেম্বৰৰ সমন্বয় দিবসত উক্ত বঁটা প্ৰদান কৰা হ'ব।
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ইতিমধ্যে ২০১৪ চনত ১০০টা ভূপেন্দ্র সংগীতৰ গীতৰ স্বৰলিপি প্রকাশ কৰিছিল। সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আৰু ২০০টা গীতৰ 'স্ববলিপি' প্রকাশ কৰিবৰ বাবে কাৰ্য্যব্যৱস্থা হাতত লৈছে।
অহা ৮ ছেপ্টেম্বৰত উদযাপিত হ'ব লগা ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ আৰম্ভণী অনুষ্ঠানৰ পৰৱর্তী সময়ছোৱাত অর্থাৎ ২০২৬ চনৰ ৮ ছেপ্টেম্বৰ পৰ্য্যন্ত বহু বিদ্যায়তনিক তথা সাংস্কৃতিক কাৰ্যসূচীৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত জন্ম শতবার্ষিকীৰ অনুষ্ঠান সমূহ আয়োজন কৰিবলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে আঁচনি প্রস্তুত কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়কে প্রমুখ্যে অসমৰ বিভিন্ন শৈক্ষিক অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সহযোগিতাত একাদিক্রমে এই কাৰ্যসূচীসমূহ পালন কৰা হ'ব।
উল্লেখ্য, ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠনেও ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে এলানি বিদ্যায়তনিক তথা সাংস্কৃতিক কার্য্যসূচী ৰূপায়ন কৰাৰ ঘোষনা কৰিছে। অসমৰ প্ৰতিখন জিল। সদৰত তথা আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকন প্রতিযোগিতা, বক্তৃতা প্রতিযোগিতা, কুইজ প্রতিযোগিতা আৰু অসমৰ বিশ্ববিদ্যালয় সমূহত ড° ভূপেন হাজৰিকাৰ গীতৰ পৰ্য্যালোচনাৰ অনুষ্ঠান এই কাৰ্যসূচীৰ অন্তর্ভুক্ত হব।
সেয়েহে, ভাৰতৰত্ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বছৰযোৰা কাৰ্যসূচীত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে অসমৰ সৰ্বস্তৰৰ জনগণৰ আন্তৰিক সহায়-সহযোগিতা একান্তভারে কামনা কৰিছে।
ন্যাসৰ সদস্য গার্গী দত্তই আঁত ধৰা সংবাদমেল খনত উপ সভাপতি বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকা, ন্যাসৰক্ষী গোপাল জালান, আৰু পূর্বোত্তৰ প্ৰাদেশীয় মাড়ৱাৰী যুৱ মঞ্চৰ সভাপতি ৰাজ চৌধুৰী, পূর্বোত্তৰ প্ৰদেশীয় মাড়ৱাৰী যুৱ মঞ্চৰ উপ সভাপতি মোহিত মালু আৰু ন্যাসৰ ন্যাসৰক্ষী অনুপম লস্কৰ আদি থাকে উপস্থিত থাকে।
No comments:
Post a Comment