ৰাইজৰ অভূতপূর্ব সঁহাৰি
চেণ্টাৰ অব এক্সেলেন্স ফৰ কেন্সাৰ কেয়াব' নামৰ এই সুলভ গুণগত স্বাস্থ্যসেরাই প্রারম্ভিক অবস্থাতে বাইজৰ মাজত জনপ্রিয়তা লাভ কৰি এক ব্যতিক্রমী মাইলব খুঁটি অর্জন কৰিবলৈ সক্ষম হৈছে
৬ মাহত ৩০০ তকৈ অধিক জীৱন স্পৰ্শ কৰিলে
২৫টা জটিল সুপ্রা-মেজৰ কেন্সাৰ অস্ত্রোপচাৰ সফলতাৰে কৰা হয়
W7s news গুৱাহাটী:
জিএনআৰচি হাস্পতালত নতুনকৈ সংযোজন ঘটিছে আন এক অত্যাধুনিক চিকিৎসা ব্যবস্থা। যাৰ সহায়ত ৰোগীয়ে অতি কম সময়ৰ ভিতৰতে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে।
বৃহস্পতিবাৰে গুৱাহাটীৰ জি এন আৰ চি দিছপুৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে হাস্পতাখনৰ বিশেষজ্ঞ চিকিৎসক সকলে।
'চেষ্টাৰ অৱ এক্সেলেন্স ফৰ কেন্সাৰ কেয়াৰ'ৰ উল্লেখযোগ্য সাফল্যসমূহৰ বিষয়ে পুংখানুপুংখভাবে বিশ্লেষণ কৰে। ছমাহ পূর্বে প্রতিষ্ঠা হোৱা এই কেন্দ্ৰটোরে যোৱা ৩ মাহৰ ভিতৰত লাভ কৰা উল্লেখযোগ্য সফলতাই ৰাইজৰ মাজত অংক'লজী সেৱাৰ এক নিৰ্ভৰযোগ্য প্রতিষ্ঠান হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।সংবাদ মেলৰ আৰম্ভণিতে জিএনআৰচি হাস্পতালৰ মুখ্য কার্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰ আৰু ছার্জিকেল অংক'লজীৰ মুৰব্বী ডাঃ যুৱৰাজ কলিতাই সাংবাদিকসকলক সম্বোধন কৰে। বিশেষজ্ঞ চিকিৎসক
ডাঃ যুৱৰাজ কলিতাৰ নেতৃত্বত দলটোৰ 'চেন্টাৰ অব এক্সেলেন্স ফৰ কেন্সাৰ কেয়াৰ'ৰ দ্রুত অগ্রগতিৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ২৫টা জটিল সুপ্রা-মেজৰ কেন্সাৰৰ সফল অস্ত্রোপচাৰৰ এই কৃতিত্বই ইয়াব পাৰদর্শিতা আৰু উৎকৃষ্টতাব প্রতি দায়বদ্ধতাক প্রতীয়মান কৰে। মেডিকেল অংক'লজী আৰু ছার্জিকেল অংক'লজীব সংমিশ্রণেৰে 'চেণ্টাৰ অৱ এক্সেলেন্স ফৰ কেন্সাৰ কেয়াৰ'ৰ ৰোগীয়ে নিৰন্তৰ পৰিচৰ্যা লাভ কৰাটো নিশ্চিত কবে। শীঘ্রে জিএনআৰচি হাস্পতালে ৰেডিয়েচন অংক'লজী আৰু নিউক্লিয়াৰ মেডিচিনৰ সংযোজনেৰে এটা ষ্টেট অৱ দ্য আর্ট কেন্সাৰ কেয়াৰ চেপ্টাৰ' গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।এই কেন্দ্রটোরে উচ্চ জটিলতাৰ অংক'লজী ৰোগীৰ সফল চিকিৎসা পৰিচালনা কৰিবলৈ লোৱা ৰোগসমূহ হ'ল- মূৰ আৰু ডিঙিৰ কেন্সাৰ, গেষ্টু' ইন্টেস্টাইনেল কেন্সাৰ, ইউৰ' অংক'লজী, হেপাটো-বিলিয়াৰী-পেংক্রিয়াটিক কেন্সাৰ, গাইনেক'লজিকেল অংক'লজী, স্তন কেন্সাৰ আৰু ছাবক 'মা আদি।
অস্ত্রোপচাৰ দলৰ সদস্যসকলে হইপলছৰ প্রক্রিয়া, ছাইট'বিডাক্টিভ অস্ত্রোপচাৰ আৰু আংশিক স্কেপুলেইমীৰ দবে জটিল পদ্ধতিসমূহ দক্ষতাৰে সম্পন্ন কৰি ৰাইজৰ কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে এক নতুন মাপকাঠী স্থাপন কৰিছে।
অস্ত্রোপচাৰৰ উৎকৃষ্টতাৰ উপৰিও এই 'চেপ্টাৰ অৱ এক্সেলেন্স ফৰ কেন্সাৰ কেয়াবে' আগবঢ়োৱা ক্লিনিকেল সেবাসমূহ-
প্রায় ২০০ টা ছার্জিকেল অংক'লজী অপিডি পৰামর্শ, প্রায় ৮০টা মেডিকেল অংক'লজী অপিডি পৰামর্শ, ২০জন ৰোগীৰ বাবে কেমোথেৰাপী, প্রায় ২৫টা বায়'ন্দী আৰু ইন্টাৰভেনছনেল ৰেডিঅ'লজি পদ্ধতি।
'ছার্জিকেল অংক'লজী বিভাগৰ মুৰব্বী ডাঃ যুববাজ কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়- 'কেন্দ্রটোত গ্ৰহণ কৰা ২৫টা ডাঙৰ অস্ত্রোপচাৰৰ প্রতিটোরেই আছিল প্রত্যাহ্বানমূলক। এই জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাটোরে আমাৰ সফলতা। গেষ্ট'রুমী, ছাইট'ৰিডাকচন, মেক্সিলেক্টমী (ইন্ট্রাঅ'বেল) আৰু স্কেপুলেক্টমী সকলো ৰোগীকে নিৰাপদে ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু আমাৰ চিকিৎসালয়ত আহি কেমোথেৰাপী লোৱাৰ ব্যৱস্থা কৰা হৈছে।
No comments:
Post a Comment