এক্সক্লুছিভ শ্ব’ৰুমৰ সৈতে বঙাইগাঁৱত কিছনাৰ সুদৃঢ় উপস্থিতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 3 September 2025

এক্সক্লুছিভ শ্ব’ৰুমৰ সৈতে বঙাইগাঁৱত কিছনাৰ সুদৃঢ় উপস্থিতি


 

অসমৰ তৃতীয়টো শ্ব’ৰুম মুকলি


W7s news,,বঙাইগাঁও, অসম, ৩ ছেপ্টেম্বৰ, ২০২৫: ভাৰতৰ বিখ্যাত গহনা ব্ৰেণ্ড কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে অসমত মুকলি কৰিলে তেওঁলোকৰ তৃতীয়টো শ্ব’ৰুম। বঙাইগাঁও জিলাৰ চাপগুৰি পথত আজি জুৱেলাৰী ব্ৰেণ্ডটোৰ তৃতীয়টো এক্সক্লুছিভ শ্ব’ৰুমৰ কথা সৌগৰৱে ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক শ্ৰীযুত ঘনশ্যাম ঢোলকিয়া।


উল্লেখ্য যে, আৰম্ভ হোৱা উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি কিছনাই তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এটা বিশেষ অফাৰ। প্ৰতিষ্ঠানটোৱে হীৰাৰ গহনাৰ নিৰ্মাণ খৰছত ৫৫% ৰেহাই আৰু সোণৰ গহনাৰ নিৰ্মাণ খৰছত ২৫ শতাংশ ৰেহাই আগবঢ়াইছে। লগতে আই চি আই চি আই বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে কৰা ক্ৰয়ৰ ক্ষেত্ৰত অতিৰিক্ত ৫% তৎকালীন ৰেহাই প্ৰদান কৰা হ’ব বুলিও জুৱেলাৰী ব্ৰেণ্ডটোৱে জানিবলৈ দিয়ে।


একে সময়তে, কিছনাই গ্ৰাহকসকলৰ বাবে এক বিশেষ 'শ্বপ এণ্ড উইন’ অভিযানো আৰম্ভ কৰিছে, য’ত গ্ৰাহকে হীৰাৰ গহনা ক্ৰয় কৰি জিকিব পাৰিব ১০০০ৰো অধিক স্কুটাৰ আৰু ২০০ৰো অধিক চাৰিচকীয়া বাহন।


এই নতুন শ্ব’ৰুম মুকলি সন্দৰ্ভত হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ঘনশ্যাম ঢোলকিয়াই কয়, ‘বঙাইগাঁও হৈছে উত্তৰ-পূব ভাৰতৰ এখন দ্ৰুত বিকশিত আৰু সজীৱ বজাৰ। এই অঞ্চলত আমাৰ উপস্থিতি প্ৰতিষ্ঠা কৰি আমি গৌৰৱান্বিত অনুভৱ কৰিছো। এই শ্ব’ৰুমে কিছনাৰ খুচুৰা নেটৱৰ্কক শক্তিশালী কৰাৰ লগতে আমাৰ ‘হৰ ঘৰ কিছনা’ৰ দৃষ্টিভংগীৰ সৈতেও পূৰ্ণ সামঞ্জস্য ৰাখে, য’ত আমি ভাৰতৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা গহনা ব্ৰেণ্ড হৈ প্ৰতিগৰাকী মহিলাৰ হীৰাৰ গহনাৰ সপোন বাস্তৱত পৰিণত কৰিব বিচাৰোঁ।”


কিছনাৰ ফ্ৰেঞ্চাইজি অংশীদাৰ ৰাজেশ আৰু সুনীল আগৰৱালাই কয়, “কিছনাৰ বিশ্বাস আৰু উৎকৰ্ষৰ পৰম্পৰাক বঙাইগাঁওলৈ আনি আমি আনন্দিত হৈছো। ব্ৰেণ্ডৰ বৈচিত্ৰ্যপূৰ্ণ ডিজাইন সংগ্ৰহ, নিখুঁত কাৰুকাৰ্য্য আৰু গ্ৰাহকক প্ৰাধান্য দিয়া মনোভাৱ এই বজাৰৰ বাবে সম্পূৰ্ণ উপযুক্ত। আমি নিশ্চিত যে এই শ্ব’ৰুম অতি কম সময়ৰ ভিতৰতে গ্ৰাহকৰ প্ৰিয় গহনাৰ গন্তব্যস্থান হিচাপে পৰিগণিত হ’ব।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here